নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ

নিয়মীয়া বাৰ্তা,  ২০ আগষ্ট : পাটাছাৰকুছি শিৱদুৰ্গা ধামত আজি অনুষ্ঠিত এক অনুষ্ঠানত চিকিৎসাধীন ৰোগীৰ মাজত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনৰ চেক বিতৰণ কৰা হয়৷ ভাৰতীয় জনতা পাৰ্টীৰ পাটাছাৰকুছি মণ্ডলৰ অন্তৰ্গত ৬০গৰাকী ৰোগীৰ মাজত চিকিৎসা সাহায্য হিচাপে চেকসমূহ ৰোগীৰ মাজত বিতৰণ কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰোগাক্ৰান্ত লোকসকলৰ মানসিক অৱস্থাক সবল কৰাৰ বাবেহে সামান্য ধনৰাশি আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰি নিজৰ চমু ভাষণত ৰোগীসকলৰ আশু আৰোগ্যৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়৷ অনুষ্ঠানত ৬০গৰাকী ৰোগীৰ মাজত ৭ৰ পৰা ১০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হয়৷ অনুষ্ঠানত বিজেপিৰ পাটাছাৰকুছি মণ্ডলৰ সভাপতি চন্দ্ৰ কান্ত ৰয়েও ৰোগাক্ৰান্ত লোকসকলক উদ্দেশ্যি চমু ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত বৰভালুকী ভৰালীপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ভনীতা দাস, বিজেপিৰ পাটাছাৰকুছি মণ্ডলৰ সাধাৰণ সম্পাদক মনোৰঞ্জন মেধি আৰু ৰূপম ৰয়, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ বজালী জিলাৰ সভাপতি হিতেশ ৰয়, ৱাৰ্ড কমিছনাৰ অংকুৰ দেৱ চৌধুৰী, অণিমা শৰ্মা, অণিমা দাস আৰু মিনতি দেৱীয়েও এই চেক বিতৰণত সহযোগিতা আগবঢ়ায়৷

প্ৰেৰক উৎপল মেধি

You might also like