নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিকন সামগ্ৰী প্ৰদৰ্শন-প্ৰতিযোগিতা সম্পন্ন

বিশেষ বাৰ্তা, ১৬ জুনঃ কেন্দ্ৰীয় চৰকাৰে ২০২৫- ২০২৬ চনৰ ভিতৰত তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কোনো অসুবিধা নোহোৱাকৈ ৩০-৪০ টা শব্দ সলসলীয়াকৈ পঢ়িব পৰাৰ উদ্দেশ্যে কেতবোৰ ব্যৱস্থা হাতত লৈছে । ইতিমধ্যে শিক্ষা মন্ত্ৰ্যালয়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযানে দেশৰ ৰাজ্যসমূহৰ শিক্ষা ব’ৰ্ডৰ সহযোগত এইসমূহ ৰূপায়ণ কৰাৰ প্ৰচেষ্টা হাতত লৈছে । অসমতো শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীসকলক প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ অতি কৌশলেৰে নতুন শিক্ষণ-শিকন সামগ্ৰীৰ জৰিয়তে আনন্দৰ মাজেৰে কিদৰে শিক্ষাদান কৰিব পাৰি, তাৰ ওপৰত শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । এই প্ৰশিক্ষণৰ অন্তত আজি জংঘলব্লক হাইস্কুলত যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত কাটনি আৰু বাঁ‌হনি মণ্ডল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শিক্ষণ-শিকন সামগ্ৰী প্ৰদৰ্শন আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। জংঘলব্লক হাইস্কুলৰ শিক্ষক নগেন গগৈ, শিক্ষক থানেশ্বৰ বৰা প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকে । এই উপলক্ষে চি আৰ চি চি অনুপ গগৈয়ে আঁ‌ত ধৰা অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি শিক্ষক নগেন গগৈয়ে কোমল অন্তৰৰ শিশুসকলক আনন্দদায়ক শিক্ষাৰ যোগেদি শিক্ষাদান কৰিব লাগে বুলি উল্লেখ কৰে । তেনে কৰিলে শিশুসকলে সহজে আয়ত্ত কৰিব পৰাৰ লগতে শ্ৰৱণ, কথন, ইন্দ্ৰিয় বিকাশ, প্ৰজ্ঞাত্মক কৌশল, পৰিৱেশন ধাৰণ আদিৰ ক্ষেত্ৰতো উৎকৰ্ষ সাধন হয় বুলি মন্তব্য কৰে । আনহাতে, শিক্ষক থানেশ্বৰ বৰাই বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযানে ছাত্ৰ-ছাত্ৰীসকলক বহু পৰিমাণে উপকৃত কৰিব বুলি উল্লেখ কৰে । উক্ত প্ৰদৰ্শনীত বাঁহনি মণ্ডলৰ ৯খন আৰু কাটনি মণ্ডলৰ দহখন বিদ্যালয়সহ মুঠ ১৯খন বিদ্যালয়ে অংশগ্ৰহণ কৰে। ইয়াৰে বাঁহনি মণ্ডলৰ কানখোৱা প্ৰাথমিক বিদ্যালয়ে প্ৰথম, গটঙা সোণাপুৰ প্ৰাথমিক বিদ্যালয়ে দ্বিতীয় আৰু কাটনি মণ্ডলৰ ন-মাটি প্ৰাথমিক বিদ্যালয়ে প্ৰথম আৰু দানী গাঁও প্ৰাথমিক বিদ্যালয়ে দ্বিতীয় স্থান দখল কৰে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like