নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাদেৱৰ নামতো লুণ্ঠন কৰিছে কংগ্রেছে

🔹 ছত্তিশগড়ৰ নির্বাচনী সভাত ড০ শর্মা

🔹 মই শেষমুহূর্তলৈ বাবৰ–আকবৰ–ঔৰংগজেবৰ বিৰুদ্ধাচৰণ কৰিম

ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ নৱেম্বৰ : মহাদেৱৰ নামতো কংগ্রেছে লুণ্ঠন কৰিছে৷ ইয়াৰ বাবে মা কামাখ্যা খঙত আছে৷ মা কামাখ্যাই সেইসকলক এৰি নিদিয়ে৷ –এই মন্তব্য বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ, অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মাই কালি ছত্তিশগড়ত চাৰিখনকৈ বিশাল নির্বাচনী সমাৱেশত হাইভল্টেজ প্রচাৰ চলায়৷ ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে মহাদেৱ বেটিং এপৰ জৰিয়তে ৫০৮ কোটি টকা সৰকাই নিয়াৰ বিতর্ক সন্দর্ভত ক্ষুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৱাঘেলে দাবী কৰি আছে যে তেওঁ পৰৱর্তী মুখ্যমন্ত্রী হ’ব৷ কিন্তু মই কওঁ ৱাঘেল অচিৰেই চৰকাৰৰ অতিথি হিচাপে আহি আছে৷ মহাদেৱ এপৰ জৰিয়তে ৫০৮ কোটি টকা লুণ্ঠনৰ বাবেই তেওঁ চৰকাৰৰ অতিথি হ’বলৈ গৈ আছে৷ ধর্মীয় আৱেগক লৈ দুর্নীতি কৰাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মহাদেৱৰ নামত দুর্নীতি কৰি কংগ্রেছে মা কামাখ্যাক খঙাল কৰি তুলিছে৷ মা কামাখ্যাই সেইসকলক ৰেহাই নিদিয়ে৷ মা কামাখ্যা হৈছে পার্বতী, সতী, মহাকালী, মহালক্ষ্মী, সৰস্বতীৰ অন্য ৰূপ৷ একেদৰে মা কালী আৰু মা পার্বতী হৈছে ভগৱান শিৱৰ পত্নী৷ ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে মহাদেৱ এপৰ জৰিয়তে মহাদেৱৰ নাম লৈ ধন লুণ্ঠন কৰাৰ কাৰণে মা কামাখ্যা কান্দি আছে৷ সমগ্র দেশতে মহাকালী, মহালক্ষ্মী, মহাসৰস্বতী আদি দেৱীয়ে ভগৱান শিৱ, মহাদেৱৰ নামত ধন লুণ্ঠন কৰাটো কেতিয়াও কল্পনা কৰিব পৰা নাছিল৷ মহাদেৱে সমাজৰ উপকাৰ, কল্যাণৰ বাবে বিহপানো কৰিছে৷ কিন্তু মহাদেৱৰ নামত কোনোবাই বিহ সংগ্রহ কৰিলে সেই বিহ কেতিয়াও হজম কৰিব নোৱাৰে৷ ৱাঘেল চৰকাৰ আসন্ন নির্বাচনত পৰাজিত হ’ব৷ সেইদৰে মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ দলকো ক্ষুৰধাৰ সমালোচনা কৰি কয় যে নির্বাচনী সমাৱেশত মই ছত্তিশগড়ৰ মুখ্যমন্ত্রী ৱাঘেলকে ধৰি কংগ্রেছ দলক সমালোচনা কৰিছোঁ৷ তাৰ বাবে কোনেও মোৰ বিৰুদ্ধে নির্বাচন আয়োগক কোনো অভিযোগ দিয়া নাই৷ কিন্তু যেতিয়াই মই মহম্মদ আকবৰৰ কথা ক’লোঁ তেতিয়াই প্রদেশ কংগ্রেছে নির্বাচন আয়োগৰ ওচৰত মোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলে৷ মুখ্যমন্ত্রী ড০ শর্মাই দৃঢ়তাৰে কয়– তেওঁ শেষমুহূর্তলৈ ঔৰংগজেব, আকবৰ, বাবৰৰ বিৰুদ্ধে কৈ যাব৷ মন কৰিবলগীয়া এয়ে যে আজিও মুখ্যমন্ত্রী ড০ শর্মাই ছত্তিশগড়ত কেইবাখনো নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷

You might also like