নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ শতিকাপুৰণি কংগ্রেছ দলৰ বিপর্যয় যেন দেশৰ ৰাজনীতিত এক অনাহূত ঘটনা৷ একেৰাহে তিনিটা দিল্লী বিধানসভা নির্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই কংগ্রেছে৷ ঘোষিত ২০২৫ চনৰ দিল্লী বিধানসভা নির্বাচনৰ ফলাফলত কংগ্রেছৰ আসন শূন্য৷ এখনো আসনত জয়লাভ কৰিবলৈ সক্ষম নোহোৱা শতিকাপুৰণি দলটোৰ ৬৮গৰাকী প্রার্থীৰ আমানতৰ ধন জব্দ হৈছে৷ ২০১৩ চনলৈকে একেৰাহে তিনিটা কার্যকাল দিল্লী বিধানসভা দখল কৰা কংগ্রেছৰ পতন আৰম্ভ হয় উক্ত চনৰ বিধানসভা নির্বাচনৰ পৰাই৷ নৱগঠিত আম আদমী পার্টী (আপ)–এ ৭০জনীয়া বিধানসভা নির্বাচনত সকলোকে চমক খুৱাই ২৮খন আসনেৰে দ্বিতীয় বৃহৎ দল হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে কংগ্রেছে আঠখন আসনেৰে তৃতীয় বৃহৎ দল হৈছিল আৰু বিজেপিয়ে লাভ কৰিছিল ৩২খন আসন৷ উক্ত চনত আপে কংগ্রেছৰ সৈতে মিলিত হৈ চৰকাৰ গঠন কৰিছিল যদিও আপৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ৪৯ দিনতে পদত্যাগ কৰে আৰু পুনৰ বিধানসভা নির্বাচন অনুষ্ঠিত হয়৷ ২০১৫ চনৰ নির্বাচনত ৭০খন আসনৰ ভিতৰত আপে ৬৭খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে তিনিখন আসন লাভ কৰে আৰু কংগ্রেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল৷ ইয়াৰ পৰাই আপৰ উত্থান আৰু কংগ্রেছৰ পতন আৰম্ভ হয়৷ পৰৱর্তী ২০২০ চনৰ বিধানসভা নির্বাচনত আপে ৬২খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে মাত্র আঠখন আসন লাভ কৰে৷ দুটাকৈ বিধানসভা নির্বাচনত ‘শূন্য’তে থমকি ৰোৱা কংগ্রেছে ২০২৫ চনৰ বিধানসভা নির্বাচনতো এখনো আসন লাভ নকৰিলে৷ অর্থাৎ বিগত তিনিটা বিধানসভা নির্বাচনত কংগ্রেছে এখনো আসন নিজৰ আয়ত্তলৈ আনিব নোৱাৰিলে৷ কার্যতঃ বিধানসভা নির্বাচনত ‘শূন্যৰ হেট্ট্রিক’ শতিকাপুৰণি কংগ্রেছ দলৰ৷