নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ সদস্যভৰ্তি অভিযান দেখি হিংসা লাগিছে কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ক্ৰমাৎ গৰম ৰাজনৈতিক বতাহ বলিছে বিহালী ৰাজনীতি পথাৰত ৷ ক্ৰমাৎ বিহালী উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী উভয়ৰ মাজত তীব্ৰ উৎকন্ঠা বাঢ়িছে৷ তাৰ মাজতে এদিনীয়া কাৰ্যসূচীৰে মন্ত্ৰী তথা বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰভাৰী পীয়ুষ হাজৰিকা আৰু বিধায়ক দিগন্ত কলিতা উপস্থিত হৈ এক বিশেষ সাংগঠনিক সভাত অংশ গ্ৰহণ কৰে৷ সভাখনত বিজেপিৰ সাংগঠনিক দিশত বিশদভাৱে আলোচনা কৰাৰ লগতে বিজেপিৰ “সদস্যতা অভিযান-২০২৪”ৰ ওপৰত আলোকপাত কৰে৷ মন্ত্ৰী হাজৰিকাই দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে এক সংবাদ মেলত অংশ গ্ৰহণ কৰে ৷ সংবাদ মেলত মন্ত্ৰী হাজৰিকাই অসমৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্ট সম্পৰ্কে কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী তথা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই  কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপন কৰিবলৈ ওলোৱাৰ বাবে অসমক ইতিকিং কৰি টুইটাৰত মন্তব্য কৰিছে। অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বাবে সুবিধা নাই আৰু অসমৰ পৰিৱৰ্তে কৰ্ণাটকতহে ছেমি কণ্ডাক্টৰ প্ৰকল্পটো স্থাপন কৰিব লাগিছিল বুলি মন্তব্য কৰিছে। কৰ্ণাটক এখন বিকশিত ৰাজ্য আৰু তাত বৰ্তমানেও বহুত উদ্যোগ আছে৷ উন্নয়ন কেৱল কৰ্ণাটকতেই হব লাগে নেকি অসম, বিহাৰ, উত্তৰ পূৰ্বাঞ্চলত উন্নয়ন হ’ব নালাগে নেকি বুলি মন্ত্ৰী হাজৰিকাই কংগ্ৰেছক প্ৰশ্ন কৰাৰ লগতে কংগ্ৰেছ সভাপতি মল্লিকাজুৰ্ণ খাৰ্গেৰ পুত্ৰক ক্ষমা খুজিবলৈ দাবী জনায়৷ সমান্তৰালভাৱে মন্ত্ৰী হাজৰিকাই  ছেমি কণ্ডাক্টৰ প্ৰজেক্ট বিতৰ্কত সন্দৰ্ভত কংগ্ৰেছ সভাপতি ভূপেন বৰা, যোৰহাটৰ সাংসদ গৌৰৱ গগৈ, ধুবুৰীৰ সাংসদ  ৰকিবুল হুচেইন আৰু নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায৷ অলপতে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ সদস্যভৰ্তি অভিযান চলোৱা হ’ব বুলি এক মন্তৱ্য কৰিছিল৷ সংবাদ মেলত মন্ত্ৰী হাজৰিকাই কংগ্ৰেছ দলৰ সদস্য ভৰ্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কয় যে বিজেপিৰ সদস্যতা ভৰ্তি অভিযান দেখি কংগ্ৰেছৰ হিংসা লাগিছে৷ কংগ্ৰেছ জ্বলি পকি মৰিছে। যোৱাটো সদস্যতা ভৰ্তি অভিযানত বিজেপিৰ সদস্য আছিল ১৮ লাখ ৷ এই চলিত সদস্যতা ভৰ্তি অভিযানত আমাৰ সদস্য আজিলৈ ৫০ লাখ৷ ভয়-ভাবুকিৰে বিজেপিৰ সদস্য ভৰ্তি কৰাব নোৱাৰি ইয়াৰ বাবে এটা প্ৰক্ৰিয়া আছে। আমাৰ সদস্য ৫০ লাখ হোৱাৰ বাবে কংগ্ৰেছ জ্বলি পকি মৰিছে ৷ কংগ্ৰেছৰ সদস্যতা ভৰ্তি কৰবাত কৰবাত হয অসমৰ সকলো ঠাইতে নহয় ৷ নামনি অসমত হব, নগাৱৰ এটা বিশেষ অঞ্চলত হব, মৰিগাৱৰ এটা বিশেষ অঞ্চলত হব আৰু চৰ অঞ্চলত হব৷ বাকী ঠাইত কংগ্ৰেছৰ সদস্য পদ কোনেও গ্ৰহন নকৰে বুলি দাবী কৰিছে৷ মন্ত্ৰী হাজৰিকাই সংবাদ মেলত ঘোষণা কৰে যে ৪ অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব বিহালী সমষ্টিৰ সম জিলা৷ তদুপৰিত ৪ অক্টোবৰৰ দিনাই লক্ষীমপুৰ জিলা অনুষ্ঠিত কেবিনেট সভাত  অনুমোদিত বেদেতী  আদৰ্শ  মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰা হ’ব বুলি অৱগত কৰে৷ মন্ত্ৰী হাজৰিকাই সংবাদ মেলত প্ৰকাশ কৰে যে ৪ অক্টোবৰত বিহালীৰ দুই আধাৰশিলা স্থাপন অনুষ্ঠানত শিক্ষামন্ত্ৰী ড° ৰনোজ পেগু আৰু মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত থাকিব৷ উল্লেখ্য যে আজিৰ সভাখনত উপস্থিত থাকে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা উপ-নিৰ্বাচন সমিতিৰ এগৰাকী অন্যতম তত্ত্বাৱধায়ক দিগন্ত কলিতা, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিজেপি বিশ্বনাথ জিলা সমিতিৰ সভাপতি দিগন্ত ঘাটোৱাৰ প্ৰমুখ্যে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজ্যিক, জিলা, মণ্ডল আৰু বুথৰ সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল৷
প্ৰেৰক দিগন্ত শইকীয়া
You might also like