নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ দল যে তলি ফুটা নাও সেই কথা আকৌ প্ৰমাণ হ’ল নদুৱাৰ সমষ্টিত

এশ শতাংশ আসনত বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিক সম্বৰ্দ্ধনা, নদুৱাৰত ঐতিহাসিক বিজয় বিজেপিৰ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিল : “কংগ্ৰেছ দল যে তলি ফুটা নাও আৰু এই তলি ফুটা নাৱত উঠি কোনো নিৰ্বাচনী বৈতৰনী পাৰ হ’বলৈ নাযায়- সেই কথা আকৌ এবাৰ নদুৱাৰ সমষ্টিত প্ৰমাণ হ’ল। এক কথাত কংগ্ৰেছৰ ফোপোলা স্বৰূপ এইটোৱেই। য’ত প্ৰতিদ্বন্দিতা কৰিবলৈ মানুহ নাই, নাই সেনানী”- এই মন্তব্য নৱগঠিত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ। বিনাপ্ৰতিদ্বন্দিতাৰে এশ শতাংশ পঞ্চায়ত দখল কৰি ৰাজ্যখনতে ইতিহাস সৃষ্টি কৰা নদুৱাৰ সমষ্টিৰ নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলক শুভেচ্ছা জনাবলৈ আয়োজন কৰা এক বিশাল শুভেচ্ছামূলক সভাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে এনেদৰে কয়। আজি সমষ্টিটোৰ জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত সমষ্টিটোৰ পঞ্চায়তৰ নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকললৈ শুভেচ্ছামূলক সভাত উপস্থিত থাকি ১৯০ আসনৰ ভিতৰত বিজয়ী ১৮৮গৰাকী গাওঁ পঞ্চায়তৰ সদস‍্য, ১৯খন আসনৰ ভিতৰত বিজয়ী ১৯গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস‍্য আৰু চাৰিখন আসনৰ ভিতৰত বিজয়ী চাৰিওগৰাকী জিলা পৰিষদৰ সদস‍্যক সম্বৰ্দ্ধনা ও শুভেচ্ছা জনাবলৈ আয়োজন কৰা সভাখনত বিধায়ক গৰাকীয়ে লগতে কয়- মুখ‍্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দক্ষ আৰু দূৰদৰ্শী নেতৃত্ব, অভূতপূৰ্ব উন্নয়ণ, উগ্ৰপন্থী মুক্ত অসম, বন্ধ মুক্ত অসম, আন্দোলন মুক্ত অসম, “সবকা সাথ – সবকা বিকাশ – সবকা বিশ্বাস”.দক্ষ দলীয় নেতৃত্ব, সমষ্টিবাসীৰ আমাৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু মৰম… এই ঐতিহাসিক বিজয়ৰ অন‍্যতম কাৰণ।

📌 ড্ৰামাৰৰ ৰূপত ধিং এক্সপ্ৰেছ হিমা দাস। 📌 ধিঙৰ বিহুমঞ্চত প্ৰিয়ংকা ভৰালীৰ গীতৰ তালে তালে দৌৰবিদ হিমা দাসৰ ড্ৰামবাদন।

বিধায়কগৰাকীয়ে এই সভাতেই নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলক সততাৰে কাম কৰি দলটোক অধিক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায় কয় যে অহা ২০২৬ চনত হ’ব লগা বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধি সকলৰ গুৰু দায়িত্ব থাকিব। আপোনাকৰ কৰ্মই আপোনালোকৰ ব্যৱহাৰেই দলটোৰ গ্ৰাফ ডাল উঠা নমাটো নিৰ্ণয় কৰিব। সেয়ে নিষ্ঠা আৰু সততাৰে কাম কৰাতোৱেই হ’ব আপোনালোকৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য। সভাত উপস্থিত বিধায়ক পদ্ম হাজৰিকাই নিৰ্বাচিত প্ৰতিজন প্ৰাৰ্থীকে একোখনকৈ ফুলাম গামাচাৰে শুভেচ্ছা জনোৱাৰ লগতে নিষ্ঠা আৰু সততাৰে ৰাইজৰ কাম কৰি যাবলৈ আহ্বান জনাই।কৰ্মৰ জৰিয়তে নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰি  ৰাইজৰ সেৱা কৰি  যাবলৈও আহ্বান জনাই বিধায়ক গৰাকীয়ে আৰু কয়- ছুখয় বিমাণ যিমানেই ওপৰলৈ নুৰক কিয় ইন্ধন শেষ হলে পুনৰ মাটিলৈ উভতি অহাৰ দৰে আমাৰ  প্ৰতিনিধিসকলো পাঁচ বছৰৰ পিছত ৰাইজৰ মাজলৈ আহিবই লাগিব। সেয়েহে সকলো সময়তে ৰাইজৰ মাজত থাকি ৰাইজৰ কাম কৰি যাবলৈ পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলক বিধায়ক গৰাকীয়ে আহবান জনাই। সহস্ৰাধিক দলীয় নেতা কৰ্মী উপস্থিত থকা সভাখনত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলক শপত বাক্য পাঠ কৰায় ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী মধুস্মিতা হাজৰিকাই। আজিৰ এই সভাত ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী মধুস্মিতা হাজৰিকা, জিলাৰ উপ সভাপতি নিতুমণি বৰা আৰু মাইকেল দাস, জিলা সম্পাদক ৰতন ৰায়, নদুৱাৰ সমষ্টিৰ চাৰিওটা মণ্ডলৰ সভাপতি সকল, জামুগুৰি উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ‍্যাপক জীৱন বৰা, চাৰিদুৱাৰ মণ্ডলৰ প্ৰাক্তন সভাপতি তথা জ‍্যেষ্ঠ কাৰ্যকৰ্তা অৰুণ ভূঞায়ো অংশগ্ৰহণ কৰে।
প্ৰেৰক হিৰণ্য বৰা
You might also like