নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনত কংগ্ৰেছে অসমত অতিকমেও ৮খন আসন পাব- বিধায়ক ৱাজেদ আলী চৌধুৰী

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : ২০২৪ৰ লোকসভা নিৰ্বাচনত অসমত অতিকমেও আঠখন আসন লাভ কৰিব কংগ্ৰেছে।- কালি নিশা ধুবুৰীৰ নিজা বাসভৱনত আয়োজিত এক সংবাদ মেলত এই দাবী কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে। সংবাদ মেলখনত ২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত আইএনডিআইএ গোটবন্ধনে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলিও দাবী তেওঁৰ। আওপ্ৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা দলীয় টিকট পোৱাৰ ইচ্ছা প্ৰকাশ কৰি দলে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা আসনত স্থানীয় সাংসদ তথা এআইইউডিএফপ্ৰধান বদৰুদ্দিন আজমলক পৰাভূত কৰিব বুলিও সংবাদ মেলখনত মন্তব্য কৰে চৌধুৰীয়ে। আনহাতে দেশৰ নাম “ইণ্ডিয়া”ৰ পৰিৱৰ্তে “ভাৰত” কৰিলে কংগ্ৰেছে তাৰ বিৰোধিতা কৰিব বুলিও যুক্তি আগবঢ়াই ৱাজেদ আলী চৌধুৰীয়ে নাম সলনি কৰা ইমান সহজ নহ’ব বুলি কয়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like