নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহপান কৰি কিশোৰী প্রেমিকা–যুৱক প্রেমিকৰ আত্মহনন

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী : প্ৰেমৰ পৰিণতিত এগৰাকী ১৬ বছৰীয়া কিশোৰী আৰু এজন যুৱকে বিহপান কৰাৰ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত অঞ্চলত। বিহপান কৰি মৃত্যু ঘটা যুৱকজন হৈছে চামগুৰিৰ শিৱস্থান আৰক্ষী চকীৰ অন্তৰ্গত বৰবালিতুপ গাঁৱৰ সুকুমাৰ বৰ্মনৰ পুত্র মুকেশ বৰ্মন (২০)। আনহাতে, চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটা ষোড়শী ছাত্ৰীগৰাকী হৈছে একেখন গাঁৱৰে বিশ্বনাথ বৰ্মনৰ কণ্যা সুস্মিতা ওৰফে উমা বৰ্মন। স্থানীয় লোকে জনোৱা মতে, ভেছেলীমাৰী হাইস্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত উমাৰ লগত একেখন গাঁৱৰে মুকেশৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। এসপ্তাহ মান পূৰ্বে অপ্ৰাপ্তবয়স্ক দুয়ো প্ৰেমিক যুগলে পলায়ন কৰে। প্ৰাপ্তবয়স্ক নোহোৱাৰ বাবে স্থানীয় ৰাইজৰ লগতে মহিলাই দুয়োটা পৰিয়ালৰ সন্মতি সাপেক্ষে স্থানীয় গাঁও প্ৰধানৰ উপস্থিতিত এখন চুক্তিপত্ৰ কৰে। দুয়ো ল’ৰা ছোৱালী প্ৰাপ্তবয়স্ক হোৱাৰ পাছত পৰিয়ালৰ সন্মতি সাপেক্ষে বিয়া কৰাই দিব বুলি এক চুক্তি পত্ৰ কৰে বুলি স্থানীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে। ৰাজ্য চৰকাৰেও বাল্য বিবাহৰ ক্ষেত্ৰত ইতিমধ্যে সজাগতা সৃষ্টি কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত পঞ্চায়তৰ জৰিয়তে স্থানীয় একাংশ মহিলা এই ক্ষেত্ৰত সৰব হৈ পৰিছিল। যোৱা ১৬ ফেব্ৰুৱাৰীত দুয়ো প্ৰেমিক প্ৰেমিকা বৰবালিতুপৰ ঘৰলৈ আহিছিল বুলি স্থানীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে। মহিলা সকলে দুয়ো প্ৰেমিকাক বুজনি দি প্ৰাপ্তবয়স্ক হ’লে বিয়া পাতি দিয়াৰ কথা কৈ আঁতৰি যোৱাৰ পাছতেই সন্ধিয়া মুকেশ বৰ্মনে বিহপান কৰে। প্ৰেমিক মুকেশে বিহপান কৰাৰ কথা জানিব পাৰি প্ৰেমিকা সুস্মিতা ওৰফে উমায়ো বিহপান কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। বিহপানৰ ফলত গুৰুতৰ ভাবে স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছত মুকেশৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। আনহাতে, গুৰুতৰভাবে অসুস্থ হোৱা উমাক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰায়। উমাই মৃত্যুৰ স’তে যুঁজি চিকিৎসাধীন হৈ থকা অৱস্থাত যোৱানিশা তেওঁৰ মৃত্যু ঘটে বুলি আৰক্ষী সূত্ৰই জনাইছে। আনহাতে, স্থানীয় ১৯গৰাকী মহিলা বিৰুদ্ধে মুকেশৰ মৃত্যুৰ বাবে জগৰীয়া কৰি পৰিয়ালৰ লোকে শিৱস্থান আৰক্ষী চকীত এক গোচৰ তৰিছে। এইক্ষেত্ৰত আৰক্ষীয়ে গোচৰটো ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like