নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ বছৰে সম্পূর্ণ নহ’ল ফ’ৰলেনৰ নির্মাণ; ১৬টা প্রকল্পৰ নামত সৰকালে ১,৯৯৩ কোটি

নিয়মীয়া বাৰ্তা , ২৭ জুলাই:  ৰাজ্যত ফ’ৰলেন ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ নামত বহিঃৰাজ্যৰ ঠিকাদাৰ গোষ্ঠীয়ে অতিৰিক্তভাৱে বৃহৎ অংকৰ পুঁজি সৰকোৱাৰ ষড়যন্ত্রত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ প্রকল্পসমূহৰ কাম অতি লেহেম গতিৰে আগবঢ়াই নি এই ঠিকাদাৰ গোষ্ঠীসমূহে অতিৰিক্ত পুঁজি চৰকাৰৰ পৰা আদায় কৰাৰ বাবে চেষ্টা চলাই আহিছে৷ যাৰ প্রমাণ ৰাজ্যৰ ৩০টা ফ’ৰলেন নির্মাণ প্রকল্প৷ দেশৰ আন প্রান্তত ফ’ৰলেন নির্মাণৰ কাম প্রায় সম্পূর্ণ হৈ উঠিছে যদিও ৰাজ্যত এতিয়াও আধৰুৱা হৈ আছে এই প্রকল্পসমূহৰ কাম৷

২০০৫ চনতে আৰম্ভ কৰা ফ’ৰলেন প্রকল্পসমূহৰ কাম বিগত ১৫টা বছৰেও সম্পূর্ণ কৰিব নোৱাৰিলে ঠিকাদাৰী প্রতিষ্ঠানসমূহে৷ ইয়াৰ বিপৰীতে ১৬টা প্রকল্পৰ নামত বহিঃৰাজ্যৰ এই ঠিকাদাৰী প্রতিষ্ঠানসমূহে অতিৰিক্তভাৱে সৰকাই নিলে ১,৯৯৩.৫৫ কোটি টকা৷ এই কথা সদৰী কৰিছে অসম সংগ্রামী মঞ্চই৷ এক বিবৃতিত মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ আৰু কার্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে প্রকাশ কৰা অনুসৰি ৰাজ্য চৰকাৰৰ দায়িত্বজ্ঞানহীনতাৰ বাবে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ বিষয়া আৰু ঠিকাদাৰী গোষ্ঠীসমূহে ঐক্যবদ্ধভাৱে অসমত ফ’ৰলেনৰ নামত লুণ্ঠন কৰিবলৈ সক্ষম হ’ল৷ এই প্রসংগতে তেওঁলোকে কেইবাটাও উদাহৰণ দাঙি ধৰি কয়– ‘২০১৭ চনৰ ১ ফেব্রুৱাৰীত সম্পূর্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল ধৰমতুল–সোণাপুৰৰ্ ২২ কিলোমিটাৰ পথৰ নির্মাণ৷ ২০০৫ চনৰ ৭ এপ্রিলত অনুমোদন দিয়া এই পথছোৱাৰ নামত কে এন চি কনষ্ট্রাকচন নামৰ ঠিকাদাৰ গোষ্ঠীয়ে কাম সম্পূর্ণ নকৰাকৈ ১৩৭.৭৫ কোটি টকাৰ বিপৰীতে ১৪৮.৫৭ কোটিলৈ ব্যয় বৃদ্ধি কৰিলে৷ তদুপৰি ২০০৫ চনৰ ৩১ মে’ত অনুমোদন জনোৱা নলবাৰী–বিজনীৰ ২৭ কিলোমিটাৰ পথ বর্তমানলৈ সম্পূর্ণ নহ’ল৷

ইয়াৰ বিপৰীতে এই পথছোৱাৰ নামত ২০৮ কোটি নির্মাণৰ ব্যয়ৰ বিপৰীতে দুবাৰকৈ সময় বৃদ্ধি কৰি ২৩০ কোটি টকালৈ পুঁজি বৃদ্ধি কৰিলে৷ নলবাৰী–বিজনীৰ আন এক ২৫ কিলোমিটাৰ পথ নির্মাণৰ অনুমোদন তিনিটা কোম্পানীক ২০০৫ চনৰ ১৮ মার্চত দিয়া হৈছিল৷ এই কাম সম্পূর্ণ নকৰাকৈয়ে নির্মাণ ব্যয় ১৪২.৪৮ কোটিৰ ১৯৫.২২ কোটিলৈ বৃদ্ধি কৰিলে৷ সেইদৰে মাইবং–লামডিঙৰ মাজত ২৩ কিলোমিটাৰ পথৰ নির্মাণ ব্যয় ২৫৫ কোটিৰ পৰা ৩০২ কোটিলৈ বৃদ্ধি কৰা হ’ল৷ ২০১৪ৰ ৩১ ডিচেম্বৰত এই পথছোৱা সম্পূর্ণ কৰিব লাগিছিল৷ কিন্তু আজিপর্যন্ত সম্পূর্ণ নহ’ল৷ কলিয়াবৰ তিনিআলি–ডলাবাৰীৰ ১৭.৩ কিলোমিটাৰ ২০১৫ চনৰ ১৫ এপ্রিলত সম্পূর্ণ কৰিব বুলি দায়িত্ব লৈছিল গেমন ইণ্ডিয়াই৷ কিন্তু এই পথছোৱাৰ নামতো ৫৮৮.৯৫ কোটি টকাৰ পৰিৱর্তে ৮৭৩.৯১ কোটি টকালৈ নির্মাণ ব্যয় বৃদ্ধি কৰা হয়৷ সেইদৰে জাঁজী–ডিমৌৰ ৪৪.২ কিলোমিটাৰ ফ’ৰলেনৰ কাম ২০১৮ চনৰ ৩ মে’ত সম্পূর্ণ কৰাৰ সময় নির্ধাৰণ কৰিছিল আইছ’লাক্স কৰচান নামৰ প্রতিষ্ঠানটোৱে৷ এই কাম সম্পূর্ণ নকৰি নির্মাণ ব্যয় ৮১১ কোটি টকাৰ পৰা ১৩৬০ কোটি টকালৈ বৃদ্ধি কৰা হ’ল৷ এনেদৰে ৩০টা ফ’ৰলেন প্রকল্প নির্মাণৰ কাম লেহেম গতিৰে কৰি বৃহৎ অংকৰ পুঁজি সৰকোৱাৰ ষড়যন্ত্র ৰচনা কৰা হৈছিল৷’

আনহাতে, এই ৰাষ্ট্রীয় ঘাইপথসমূহৰ নির্মাণকার্য সম্পূর্ণ নোহোৱাকৈয়ে কেইবাখনো টোলগেট স্থাপনৰ বাবে দিয়া অনুমতিক কঠোৰ ভাষাৰে সমালোচনা কৰে মঞ্চই৷ সেয়েহে ৰাইজৰ ধনেৰে নির্মাণ হোৱা এই প্রকল্পসমূহৰ কামৰ ক্ষেত্রত নজৰ ৰাখিবলৈ ৰাইজলৈ আহ্বান জনাইছে সংগঠনটোৱে৷

You might also like