শীঘ্ৰে আৰম্ভ হব বহু প্ৰত্যাশিত যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণকাৰ্য
নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ : বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য্যৰ স্থৱিৰতাৰ সন্দৰ্ভত মাজুলীত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পথ পৰিবহন আৰু ঘাইপথৰ বিভাগৰ অসমৰ মুখ্য অভিযন্তা দেৱজিৎ দাসে। ৰাসোৎসৱৰ তৃতীয় দিনা উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰে মুখামুখি হোৱাত মুখ্য অভিযন্তাগৰাকীক সাংবাদিকে বহু প্ৰত্যাশিত যোৰহাট মাজুলী সংযোগী দলংখনৰ স্থৱিৰতাৰ বিষয়টোৰ সন্দৰ্ভত সোধাত তেওঁ কয়-বহু প্ৰত্যাশিত দলংখনৰ নিৰ্মাণ কাৰ্য্যত যি অচলাৱস্থাৰ সৃষ্টি হৈছে সেই অচলাৱস্থাৰ অৱসান ঘটাবলৈ প্ৰচেষ্টা চলাই থকা হৈছে। আমি অতি সোনকালে দলংখনৰ কাম আৰম্ভ কৰিবলৈ গৈ আছোঁ। আমি দলংখনৰ কাম পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত যি প্ৰচেষ্টা লৈছোঁ সেই প্ৰচেষ্টা ফলৱৰ্তী হলেই শীৰ্ঘেই কাম আৰম্ভ হব আৰু দলংৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমাৰ তৎপৰতা থাকিব বুলি তেওঁ উল্লেখ কৰে। মুখ্য অভিযন্তাগৰাকীক দলংখনৰ পুনৰ কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত সমগ্ৰ প্ৰক্ৰিয়াত কিমান সময়ৰ প্ৰয়োজন হব বুলি সোধাত তেওঁ আৰু কয় – আমাৰ যি পূৰ্বৰ ঠিকাদাৰী প্ৰতিষ্ঠান আছিল ইউপি ষ্টেট ব্ৰীজ কৰ্পৰেছনে পুনৰ উপ ঠিকা দিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিৰ্দেশনা আহিলেই আমি পৰৱৰ্তী পদক্ষেপলৈ আগবাঢ়িব পাৰিম। ইফালে ইউপি ষ্টেট ব্ৰীজ কৰ্পৰেছনেও কাম এৰিলে বুলি এক চৰ্চা চলি থকাৰ সন্দৰ্ভত বিশেষকৈ ‘এই প্ৰতিবেদকে’ মুখ্য অভিযন্তাগৰাকীৰ পৰা জানিবলৈ বিচৰাত তেওঁ কয় ইউপি ষ্টেট ব্ৰীজ কৰ্পৰেছন মূল ঠিকাদাৰী প্ৰতিষ্ঠান। গতিকে মূল প্ৰতিষ্ঠানক আতৰাই পঠালে প্ৰক্ৰিয়া দীঘলীয়া হব। গতিকে পুনৰ উপ ঠিকাদাৰী প্ৰতিষ্ঠানৰ দ্বাৰাই পুনৰ দলংৰ কাম আৰম্ভ কৰাৰ বাবে সঞ্চালক প্ৰধানে ব্যৱস্থা কৰিছে বুলি তেওঁ উল্লেখ কৰে আৰু এই বৰ্ষতে ভাল খবৰ আহিব বুলিও তেওঁ আশা ব্যক্ত কৰে। আনহাতে ২০২১ চনত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা দ্বিতীয় খন বিজেপি চৰকাৰৰ দিনতহে মাজুলীৰ ৰাইজৰ বহু প্ৰত্যাশিত দলংখনৰ কাম ২০২১ বৰ্ষৰে নৱেম্বৰৰ পৰা পূৰ্ণ গতিত আৰম্ভ হৈছিল। কিন্তু সম্প্ৰতি মাজুলীবাসীৰ বহু প্ৰত্যাশিত দলং খনৰ দুই নিৰ্মাণকাৰী সংস্থা ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেছন আৰু বি আৰ চি কোম্পানীৰ মাজৰ সংঘাতৰ পৰিণতিত ছেপ্টেম্বৰৰ পৰা কাম বন্ধ হৈ দলং নিৰ্মাণ স্থলীত নিমাওমাও, মৰিশালিসদৃশ পৰিৱেশে বিৰাজ কৰাৰ আজি প্ৰায় ২ মাহতকৈ অধিক দিন অতিক্ৰম কৰিলে। তেতিয়া মূল নিৰ্মাণকাৰী সংস্থায়ো দলংৰ কাম এৰা বুলি ওলোৱা কথাই বিষয়টোক আৰু চিন্তিত কৰি তুলিছিল। উল্লেখযোগ্য যে দলং সংযোগী পথৰ সৈতে মুঠ ৮.২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৯২৫.৪৭ কোটি টকাৰ মুঠ ব্যয়ৰে নিৰ্মাণ হোৱা দলংৰ মূল নিৰ্মাণকাৰী সংস্থা ইউ পি ষ্টেট ব্ৰীজ কৰ্পৰেচনে বদ্ৰী ৰায় এণ্ড কোম্পানীক ৬৫৩ কোটি টকাত উপ-ঠিকা দি ২০২১ বৰ্ষত নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছিল।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড