নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া জাতি গঠনত মিচিং সমাজৰ অৱদান অপৰিহার্য

নিজৰ সংস্কৃতি বিসর্জন দি কোনো জাতি শক্তিশালী হ’ব নোৱাৰে

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ ‘মিচিং জনজাতিৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি–আয়ে–লৃগাং হ’ল অসমৰ কৃষ্টি আৰু সংস্কৃতিৰ অন্যতম প্রতিচ্ছবি৷ সমাজৰ সৌন্দর্য কৃষ্টি–সংস্কৃতি, পৰম্পৰা, লোকাচাৰৰ মাজত নিহিত হৈ আছে৷ অসমীয়া সংস্কৃতিৰ য বর্ণিল ৰূপ, সেয়া বিশ্বত ক’তো পাবলৈ নাই৷ অসমীয়া সমাজ জীৱন উজ্জীৱিত কৰাত মিচিং জনগোষ্ঠীৰ অৱদান অতুলনীয়৷ এই সম্প্রদায়ৰ লোকসকলে সাংস্কৃতিক, শৈক্ষিক আৰু বৌদ্ধিকভাৱে ৰাজ্যখনলৈ গুৰুত্বপূর্ণ বৰঙণি আগবঢ়াই অহাৰ লগতে বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত এক সবল আৰু শক্তিশালী ভূমিকা গ্রহণ কৰি আহিছে৷ সেই বাবে মিচিং সমাজক লৈ আমি সকলোৱে গৌৰৱান্বিত৷’ –আজি ঢ়কুৱাখনাত কেন্দ্রীয়ভাৱে আয়োজন কৰা আলি–আয়ে–লৃগাং উৎসৱত মুখ্য অতিথি হিচাপে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷ পঞ্চমবাৰৰ বাবে ঢ়কুৱাখনাৰ চাৰুচন্দ্র দলে লত্তা (ক্ষেত্র)ত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্রশাসন আৰু মিচিং জাতীয় সংগঠনসমূহৰ সহযোগত অনুষ্ঠিত কেন্দ্রীয় আলি–আয়ে–লৃগাং উৎসৱৰ মুকলি সভাত মুখ্য অতিথিৰ ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে মিচিং জনগোষ্ঠীৰ কৃষ্টি–সংস্কৃতি অতি উচ্চ৷ মিচিং সমাজৰ কৃষিভিত্তিক উৎসৱ আলি–আয়ে–লৃগাঙৰ জৰিয়তে কৃষিভিত্তিক সংস্কৃতি প্রতিফলিত হৈছে৷ আমাৰ উপৰি পুৰুষসকলে গঢ়ি থৈ যোৱা সংস্কৃতিৰ ভেটিক একবিংশ শতিকাৰ প্রতিযোগিতামুখী যুগত আধুনিক ধ্যান–ধাৰণা আৰু মানৱীয় প্রমূল্যৰ আধাৰত আগুৱাই নিব লাগিব৷ পৃথিৱীৰ বুকুত শক্তিশালী ৰূপত প্রতিষ্ঠিত কৰি তুলিবলৈ অসমৰ নৱপ্রজন্মই পৰম্পৰা আৰু মূল্যবোধক গুৰুত্ব দিয়াৰ লগতে নিজস্ব সাহিত্য, সংস্কৃতি, সভ্যতা সঠিকভাৱে অৱলোকন কৰিব পাৰিব৷ আমি আমাৰ নিজস্বতাক কেতিয়াও পাহৰিব নালাগে বুলি তেওঁ উল্লেখ কৰি কয় যে নিজস্ব কৃষ্টি, সংস্কৃতিক বিসর্জন দি মানুহ শক্তিশালী হ’ব নোৱাৰে৷

ভাষণ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে ভৱিষ্যৎ প্রজন্মক সমাজৰ দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ হ’লে গুণগত শিক্ষাৰ বিকল্প নাই বুলি উল্লেখ কৰি তেওঁ কয় যে সমাজৰ দুই মহাশক্তি ছাত্র–ছাত্রীসকলৰ অভিভাৱক আৰু শিক্ষক–শিক্ষয়ত্রীস সজাগ আৰু সচেতন হ’লেহে এইক্ষেত্রত ঈপ্সিত সফলতা লাভ কৰিব৷ গ্রামাঞ্চলৰ লোকসকলৰ যোগেদি কৃষি অর্থনীতি ত্বৰান্বিত কৰিবলৈ আমাৰ চৰকাৰে কৃষিখণ্ডত অধিক গুৰুত্ব আৰোপ কৰিছে৷ গ্রাম্য অর্থনীতি আগুৱাই নিনিলে আমাৰ সমাজখন আগুৱাই যাব নোৱাৰে৷ কৃষি অর্থনীতি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উৎপাদন বৃদ্ধি কৰিব লাগিব বুলি মুখ্যমন্ত্রীয়ে কয় যে উৎপাদিত সামগ্রীত মূল্য সংযোজন কৰিব পাৰিলে ভৱিষ্যৎ জীৱন অধিক শক্তিশালী হৈ উঠিব৷ সেই শক্তি মিচিং সমাজৰ আছে৷ উঠি অহা চামে সেই কথা গভীৰভাৱে অনুধাৱন কৰিব লাগিব৷ মিচিং জনগোষ্ঠীৰ লগতে দেউৰী, তিৱা আদি জাতি–জনগোষ্ঠীৰ যাউতিযুগীয়া কৃষ্টি–সংস্কৃতি, বাৰেৰহণীয়া নৃত্য–গীতে জীপাল কৰি বৰ অসমৰ মঞ্চলৈ ৰূপান্তৰ হোৱা অনুষ্ঠানটোত মুখ্যমন্ত্রীগৰাকীয়ে মিচিং মুৰংঘৰত বহি পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰ লগতে ধান সিঁচা পর্বৰ শুভাৰম্ভ কৰে৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক যাদৱ শইকীয়াই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানত মুখ্যমন্ত্রীয়ে সামাজিক জীৱনৰ বিভিন্ন ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে মিচিং জনগোষ্ঠীৰ ৫গৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনোৱাৰ উপৰি এখন স্মৃতিগ্রন্থ উন্মোচন কৰে৷

অনুষ্ঠানত সাংস্কৃতিক পৰিক্রমা মন্ত্রী নৱ দলেই ভাষণ আগবঢ়াই কয় যে আলি–আয়ে–লৃগাং কেৱল মিচিংসকলৰ বাবেই নহয়, ই অসমীয়া সংস্কৃতিৰো পৰিচয়৷কৃষিভিত্তিক উৎসৱ আলি–আয়ে–লৃগাঙে আমাৰ কর্মসংস্কৃতিৰ স্বৰূপ উদ্ভাসিত কৰি আহিছে৷ এই উৎসৱ হ’ল আমাৰ লোককৃষ্টিৰ সজীৱ প্রতিচ্ছবি৷ এই উৎসৱৰ মাজেদিয়েই জাতিটোৰ কলা–সংস্কৃতি প্রতিফলিত হয়৷ জাতি–জনগোষ্ঠীসমূহে পালন কৰা প্রতিটো উৎসৱে আমাক কর্মমুখী কৰিবলৈ শিকায় বুলি ভাষণ প্রসংগত মন্তব্য কৰি সাংস্কৃতিক পৰিক্রমা মন্ত্রীগৰাকীয়ে কয় যে অসমৰ প্রতিটো জাতি–জনগোষ্ঠীৰ কৃষ্টি–সংস্কৃতি হেৰাই নাযাবলৈ চৰকাৰে পার্যমানে চেষ্টা কৰি আহিছে আৰু কৰি যাব৷ সভাত ভাষণ প্রদান কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ সামগ্রিক বিকাশ কেন্দ্রৰ সঞ্চালক ৰাজীৱ দলেই আলি–আয়ে–লৃগাঙে পূর্বৰ আধ্যাত্মিক তাৎপর্য পৰিহাৰ কৰি বর্তমান মঞ্চমুখী হৈ অহাটো শুভলক্ষণ নহয় বুলি উল্লেখ কৰি সাংস্কৃতিকভাৱে সচেতন নোহোৱাকৈ নগৰীকৰণ হ’লে সংস্কৃতি বিলোপ হ’ব পাৰে বুলি মন্তব্য কৰে৷ মিচিং সমাজৰ প্রথম মহিলা আই এ এছ বিষয়া শকুন্তলা দলে গামলিং, ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্রদান বৰুৱাই ভাষণ প্রদান কৰা অনুষ্ঠানত উজনি অসমৰ আৰক্ষী উপ–মহাপৰিদর্শক জিৎমল দলে, লখিমপুৰ জিলাৰ উপায়ুক্ত ড০ জীৱন বি, মিচিং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, টি এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাং, টি এম এম কেৰ সভানেত্রী ঊষাৰাণী কুম্বাং, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য মাধৱ দেউৰীৰ লগতে মিচিং জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দ উপস্থিত থাকে৷ গুমৰাগ নৃত্য, আৰৌম চঃনাম, এঃজুক তাপুং, দেউৰী বিহু, সত্রীয়া নৃত্য, সমৱেত সংগীত, মিবু দাগনাম, চেল্লায়া নৃত্য আদি বিবিধ কার্যসূচীৰে অনুষ্ঠানটো সুৱগা চৰায়৷ ৩০ সহস্রাধিক লোকে অংশগ্রহণ কৰি আনন্দৰ বন্যা বিলোৱা উৎসৱটোত পৰম্পৰাগত খাদ্যৰ টোপোলা ভাত, জুইত সেকা মাছ–মাংস, পঃৰ আপং আদিৰ জুতি লৈ আত্মহাৰা হৈ পৰে৷
মাজুলীত মুখ্যমন্ত্রীঃ ‘বৃহত্তৰ অসমীয়া জাতি গঠনত মিচিং সমাজৰ অৱদান অপৰিহার্য’
কান্ধত ঢ়োল লৈ ঢ়োল বজাই আনন্দ মুখ্যমন্ত্রীৰ
মিচিং সমাজৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি–আয়ে– লৃগাং মাজুলীৰ বৃহত্তৰ জকাইবোৱা আঞ্চলিক উৎসৱ সমিতিৰ উদ্যোগত কুলামুৱা বলি জকাই বোৱা খেলপথাৰত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল কয়– বৃহত্তৰ অসমীয়া জাতি গঠনত মিচিং জনগোষ্ঠীৰ অৱদান অপৰিহার্য৷ অসমীয়া জাতীয় এক শক্তিশালী পৰিচয় কৃষিভিত্তিক পৰিচয়যোগে প্রতিষ্ঠা কৰাৰ বাবে সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰি বিশ্বৰ বুকুত প্রতিষ্ঠা কৰাৰ বাবে সাহস আৰু কষ্ট কৰি আহিছে৷ সকলো ক্ষেত্রতে মিচিং সমাজ প্রাণ পাই আহিছে৷ বিভিন্ন প্রতিভাসম্পন্ন ব্যক্তি ৰাষ্ট্র গঢ়াত মূল্যৱান অৰিহণা আগবঢ়াই আহিছে৷ মুখ্যমন্ত্রীয়ে ভাষণ প্রসংগত কয় যে মিচিং জনগোষ্ঠীৰ ব্যক্তি মৃণাল মিৰি বিশ্বৰ বুকুত জিলিকি উঠিছে৷ মিচিং জনগোষ্ঠীৰ কমলা মিৰি, তৰুণ চন্দ্র পামেগাম, ইন্দিৰা মিৰি, তাবুৰাম টাইদ আদিৰ প্রতি মুখ্যমন্ত্রীয়ে গভীৰ শ্রদ্ধা জ্ঞাপন কৰে৷ বিজেপি চৰকাৰখনে আলি–আয়ে–লৃগাং কৃষিভিত্তিক এই উৎসৱ সাংস্কৃতিক সঞ্চালকলয়ৰ দ্বাৰা ৰাজ্যিকভাৱে উদ্যাপনৰ যি ব্যৱস্থা লৈছে, তাৰ পূর্বে সুন্দৰ–শুৱলা এই কৃষ্টিৰ প্রচাৰ আৰু প্রসাৰৰ বাবে ব্যবস্থা লোৱা নাছিল৷ এই বছৰো অসম চৰকাৰে কেন্দ্রীয়ভাৱে আলি–আয়ে–লৃগাং উদ্যাপন কৰিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রী সোণোৱালে আজি মাজুলীত মহিলা সবলীকৰণত উদগনি যোগোৱা বাবে অনুষ্ঠিত মহিলা সমাৰোহত অংশগ্রহণ কৰে৷

You might also like