নিয়মীয়া বার্তা, ১১ ডিচেম্বৰঃ অৰুণাচল প্রদেশৰ ল’ৱাৰ ডিবাং ভেলী জিলাত খৰস্রোতা ডিবাং নদীৰ ওপৰত নির্মীয়মাণ জলবোমা স্বৰূপ বৃহৎ নদীবান্ধে অশনি সংকেত কঢ়িয়াই আনিছে প্রকল্পটোৰ নামনিত থকা অসমৰ তিনিচুকীয়া আৰু ডিব্রুগড় জিলাবাসীলৈ৷ নদীবান্ধটোক কেন্দ্র কৰি ইতিমধ্যে বিভিন্ন মহলত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ কেবিনেটে ২,৮৮০ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰে ২৭৮ মিটাৰ ওখ নদীবান্ধটোৰ বাবে ইতিমধ্যে অনুমোদন দিয়াৰ লগতে ১,৬০০ কোটি টকাৰ প্রাৰম্ভিক পুঁজিও মোকলাই দিছে৷ সম্প্রতি বান্ধটোৰ নির্মাণকার্য অব্যাহত ৰাখি অৰুণাচলৰ ডিবাং ভেলী জিলাৰ গাতে লাগি থকা উজনি অসমৰ শদিয়া তথা ডিবাং নদীবান্ধৰ নামনিত অৱস্থিত তিনিচুকীয়া আৰু ডিব্রুগড় জিলাবাসীলৈ শংকা কঢ়িয়াই আনিছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণৰ বাবে বিশেষজ্ঞ কমিটীয়ে চলোৱা জৰীপৰ প্রতিবেদনত অৰুণাচলৰ শিল ঠুনুকা আৰু ভগাংকুৰ বুলি উল্লেখ কৰাৰ পাছতো কেন্দ্রীয় চৰকাৰে জলবিদ্যুৎ প্রকল্পটোৰ কাম চলাই নিয়াৰ ক্ষেত্রত কঠোৰ স্থিতি গ্রহণ কৰিছে৷ শিলৰ পাহাৰ ঠুনুকা আৰু ভগাংকুৰ এনে স্থানত বৃহৎ নদীবান্ধ নিৰাপদ নহয় বুলি এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টে ৰিপ’ৰ্টত উল্লেখ কৰাৰ পাছতো চৰকাৰে বৃহৎ নদীবান্ধ নির্মাণৰ দিশে অগ্রসৰ হোৱাত তিনিচুকীয়া আৰু ডিব্রুগড় জিলাবাসীক শংকিত কৰি তুলিছে৷ তদুপৰি এই বৃহৎ নদীবান্ধৰ ক্ষেত্রত লাভ কৰা বন আৰু পৰিৱেশ বিভাগৰ অনুজ্ঞাপত্রৰ ক্ষেত্রতো বিতর্কৰ অবকাশ আছে৷ ডিবাং বৃহৎ নদীবান্ধটো নির্মাণৰ দায়িত্বত থকা এন এইচ পি চিয়ে তদানীন্তন ইউ পি এ চৰকাৰৰ দিনত বন আৰু পৰিৱেশ মন্ত্রালয়ৰ অনুজ্ঞা লাভৰ বাবে কৰা আবেদন ২০১৩ চনৰ জুলাই মাহত বিশেষজ্ঞ কমিটীয়ে নাকচ কৰিছিল৷ উল্লেখ্য যে ডিবাং নদীবান্ধ বহুমুখী প্রকল্প স্থাপন কৰিবলৈ দিলে অৰুণাচলৰ ৫,০৫৬ হেক্টৰ বনভূমি ধ্বংস হ’ব আৰু ইয়েই অৰুণাচল প্রদেশৰ পাৰিপার্শ্বিক দিশত প্রভূত প্রভাৱ পেলাব বুলি বিশেষজ্ঞ কমিটীয়ে উল্লেখ কৰিছিল৷ ইয়াৰ পাছত এন এইচ পি চিয়ে সংশোধিত ৰূপত পুনৰ আবেদন জনাহছিল আৰু এইবাৰো বিশেষজ্ঞ কমিটীয়ে ২০১৪ চনৰ এপ্রিল মাহত সংশোধিত আবেদন নাকচ কৰিছিল৷ জানিব পৰা মতে, এই বৃহৎ নদীবান্ধটো নির্মাণস্থলীত তিনি লাখ ২৪ হাজাৰ গছ কটা যাব আৰু ই প্রাকৃতিক ভাৰসাম্য বিঘ্নিত কৰি তুলিব৷ বৃহৎ নদীবান্ধটো নির্মাণৰ বাবে প্রায় ৬ কোটি ৪০ লাখ ঘনফুট শিল নষ্ট হোৱাৰ লগতে ৪৮ কোটি ঘনফুট বালি নষ্ট হ’ব৷ উল্লেখ্য যে মোদী চৰকাৰৰ দিনত ২০১৪ চনত নাকচ হোৱা আবেদনখনেই বন আৰু পৰিৱেশ বিভাগৰ বিশষজ্ঞ কমিটীয়ে ৰহস্যজনকভাৱে অনুমোদন জনায়৷ আশ্চর্যৰ বিষয় যে ছজনীয়া বিশেষজ্ঞ কমিটীখনৰ চাৰিজন সদস্যই আছিল আগৰখন কমিটীৰ সদস্য৷ ডিবাং নদীবান্ধ প্রকল্পক বহুমুখী আখ্যা দিয়া হৈছে যদিও বিশেষজ্ঞৰ মতে নদীবান্ধে বান নিয়ন্ত্রণ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছিল৷ বাৰিষাৰ জলাধাৰত জমা হোৱা পানীৰ সৈতে অহা গেদৰ বাবে বৃহৎ নদীবান্ধৰ পানী এৰি দিবলৈ বাধ্য হৈ পৰাৰ সম্ভাৱনীয়তাৰ বিষয়েও বিশেষজ্ঞ কমিটীয়ে উল্লেখ কৰিছিল৷ নেৰানেপেৰা বৰষুণ হ’লে জলাধাৰত ওফন্দি উঠা পানী বান্ধৰ ওপৰেৰে বাগৰি ক্ষতি কৰাৰ অশংকাত নদীবান্ধৰ পানী এৰি দিবলগীয়া হয়৷ মাত্র ৬৮ মিটাৰ উচ্চতাৰ ৪০৫ মেগাৱাট শক্তিৰ ৰঙানদী বান্ধে বাৰিষা পানী এৰি দিয়াৰ সময়ত লখিমপুৰ আৰু মাজুলী, ৬০ মিটাৰ উচ্চতাৰ ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰাৰ সময়ত নামনি অসম বানত কক্বকাই থাকিবলগীয়া হোৱাটো সকলোৰে জ্ঞাত৷ তেনে ক্ষেত্রত ২৭৮ মিটাৰ উচ্চতাৰ ২,৮৮০ মেগাৱাট শক্তিৰ ডিবাং নদীবান্ধ বহুমুখী প্রকল্পৰ বাঢ়নী পানী এৰি দিবলৈ হ’লে প্রাক্–ঐতিহাসিক শদিয়াৰ অস্তিত্বই নোহোৱা হৈ যোৱাৰ লগতে তিনিচুকীয়া আৰু ডিব্রুগড় জিলাত বানত বিপর্যয়ৰ সৃষ্টি হোৱাটো নিশ্চিত বুলি কৰা আশংকাক নুই কৰিব নোৱাৰি৷