নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ আগষ্টঃ ইণ্ডিয়া টুডেৰ মুড অৱ দ্য নেচন প’লত দেশৰ দ্বিতীয় জনপ্রিয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ইণ্ডিয়া টুডেই দেশজুৰি চলোৱা সমীক্ষাত ৫০.৮ শতাংশই অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পাৰদর্শিতাক লৈ সন্তুষ্টি ব্যক্তি কৰিছে৷ এই আধাৰতে ড০ শর্মা হৈছে দেশৰ দ্বিতীয় জনপ্রিয় মুখ্যমন্ত্রী৷ আনহাতে ৰাজ্যৰ সবাটোকৈ জনপ্রিয় মুখ্যমন্ত্রী হিচাপেও ড০ শর্মাই স্বীকৃতি পাইছে৷ ফেব্রুৱাৰী মাহত ইণ্ডিয়া টুডেৰ সমীক্ষাত ড০ শর্মাই ৪৮.৬শতাংশৰ বিপৰীতে আগষ্ট মাহত ড০ শর্মাৰ ৫০.৮ শতাংশলৈ উন্নীত হৈছে৷ ইপিনে দেশৰ ভিতৰত প্রথম জনপ্রিয় মুখ্যমন্ত্রী হিচাপে স্থান লাভ কৰিছে ছিকিমৰ প্রেম সিং টামাঙে৷ ছিকিমৰ মুখ্যমন্ত্রীগৰাকীৰ কাম–কাজক লৈ ৫৫.৭ শতাংশই সন্তুষ্টি ব্যক্ত কৰিছে৷ লক্ষণীয় যে ২০২৪ৰ ফেব্রুৱাৰী মাহত টামাঙৰ ২৮শতাংশ আছিল৷ বিগত কেইটামাহতেই টামাঙৰ জনপ্রিয়তা ৫৫.৭ শতাংশলৈ বৃদ্ধি হৈ দেশৰ জনপ্রিয় মুখ্যমন্ত্রীৰ তালিকাত শীর্ষস্থান লাভ কৰিছে৷