নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত দেশৰ তৃতীয়-অসমৰ প্ৰথমটো গাহৰি প্ৰজনন কেন্দ্ৰ মুকলি

🔹 ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই অসমত একো প্ৰভাৱ নেপেলায় : মন্ত্ৰী অতুল বৰা

বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : ৰাজ্যৰ পশুপালন ক্ষেত্ৰৰ উন্নয়নৰ বাবে ন ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সমান্তৰালকৈ পশুপালকসকলকো বিভিন্ন আঁচনিৰে উপকৃত কৰি আহিছে ৰাজ্য চৰকাৰে। ৰাজ্যত আজি দেশৰ ভিতৰতে তৃতীয় আৰু অসমৰ প্ৰথমটো গাহৰি প্ৰজনন কেন্দ্ৰ মুকলি কৰা হয় । কৃষি-পশুপালন মন্ত্ৰী অতুল বৰাই মুকলি কৰে নতুন গাহৰি প্ৰজনন কেন্দ্ৰটো। খানাপাৰা অসম পশুধন নিগমৰ কাৰ্যালয়ত নিৰ্মাণ কৰা হৈছে নতুন কেন্দ্ৰটো।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে মন্ত্ৰী অতুল বৰাই উপস্থিত থাকি ২০২৪ৰ আৰম্ভণিতে বিভাগৰ ভাল কাম দেখি আনন্দিত হোৱা বুলি উল্লেখ কৰে। আনহাতে, ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা প্ৰসংগত মন্ত্ৰী অতুল বৰাই কয়- ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই অসমত একো প্ৰভাৱ নেপেলায়। ন্যায় যাত্ৰাৰ সময়ত নিজৰ দলৰ মানুহেই প্ৰতিবাদ কৰি আছে। নিজৰ শাসনকালত কিমান পৰিৱৰ্তন কৰিলে, উন্নয়ন কৰিলে, সেয়া এতিয়া এই যাত্ৰাত ৰাহুল গান্ধীয়ে উপলব্ধি কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

You might also like