ন্যায়ালয়ে ক’লে ২০১৩–১৪ বেটচৰ সকলোকে খেদিম
🔹 এপিএছচি কেলেংকাৰিক লৈ মুখ্যমন্ত্রী ড০ শর্মা
ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ নৱেম্বৰ : অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ২০১৪ বেটচৰ ওপৰত অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাই দিয়া প্রতিবেদনখন এতিয়াও মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেখা নাই৷ কালি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই এই কথা প্রকাশ কৰে৷ ন্যায়াধীশ শর্মাই ইতিমধ্যে দাখিল কৰা প্রথমখন প্রতিবেদনত ২০১৩ আৰু ২০১৪ বেটচৰ সকলোৰে চাকৰি বাতিল কৰিবলৈ পৰামর্শ দিয়াৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রতিবেদনত ন্যায়াধীশ শর্মাই দুয়োটা বেটচৰে সকলোৰে চাকৰি বাতিল কৰিবলৈ কৈছে৷ কিন্তু তেওঁ তেনে এটা কাম কৰাৰ বাবে সাহস গোটাব পৰা নাই৷ কাৰণ দুয়োটা বেটচৰে আটাইবোৰ বেয়া নহয়৷ বহু মেধাসম্পন্ন প্রার্থীও বেটচ দুটাত আছে৷ তদুপৰি ইয়াৰ লগত মানৱতাৰ কথাও আছে৷ ন্যায়াধীশে আইন চায়৷ কিন্তু মুখ্যমন্ত্রী হিচাপে তেওঁ আইন আৰু মানৱতাও চাব লাগিব৷ কাৰ অভিশাপ কোনে মূৰত ল’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যদি ন্যায়ালয়ে কেতিয়াবা দুয়োটা বেটচৰে সকলোকে চাকৰিৰ পৰা খেদিবলৈ নির্দেশ দিয়ে তেতিয়া চৰকাৰে সেই নির্দেশ পালন কৰিব৷ এই সম্পর্কত ৰুজু হোৱা গোচৰটোৰ অহা ২২ নৱেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি আছে৷ তদুপৰি এই সম্পর্কত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এছআইটি গঠন কৰি তদন্ত কৰি থকা হৈছে৷ ন্যায়াধীশ শর্মাই উল্লেখ কৰা ৩৪গৰাকী প্রার্থীৰ ক্ষেত্রত চৰকাৰে ইতিমধ্যে ডিপি গ্রহণৰ কাম আৰম্ভ কৰিছে৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ন্যায়াধীশ শর্মাই কেৱল ৩৪গৰাকী প্রার্থীৰ বিষয়ে কোৱা নাই৷ ৩৪গৰাকীক উদাহৰণ হিচাপে লৈ তেওঁ দুয়োটা বেটচৰে সকলোকে চাকৰিৰ পৰা খেদিবলৈ কৈছে৷