নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ হেলনাত কালদিয়াৰ মথাউৰি ভাঙি বিস্তীৰ্ণ অঞ্চল প্লাৱিত

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ যোৱা কেবাদিনো ধৰি নেৰানেপেৰাকৈ হোৱা মুষলধাৰ বৰষুণৰ ফলত কালদিয়া নৈ ফেনে ফটোকাৰে বাঢ়ি আহি বিভিন্ন স্থানত মথাউৰিৰ ওপৰেৰে পানী বাগৰাৰ লগতে বজালীৰ দক্ষিণ প্ৰান্তৰ হেলনাৰ নলবাৰী চুবাত নৈৰ মথাউৰিৰ বৃহত অংশ উটুৱাই লৈ যায়। মথাউৰিৰ প্ৰায় ৪০ মিটাৰ অংশ কালদিয়াৰ পানীয়ে উটুৱাই নিয়াৰ ফলত জলমগ্ন হৈ পৰে ১০ খনতকৈ অধিক ৰাজহ গাঁও। মথাউৰি চিঙাৰ ফলত হেলনা, নলবাৰী চুবা, বৰগানডুবি, জালিখাটা, কাছকুৰি, পানাৰা, ৰামপুৰ আদিকে ধৰি কেবাখনো গাঁও জলমগ্ন কৰিছে কালদিয়া নৈৰ পানীয়ে। উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ বাবে বিগত দুদিন ধৰি কালদিয়া নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে। হেলনাৰ নলবাৰী চুবাৰ স্থানীয় ৰাইজৰ অভিযোগ যে বিভাগে সময়মতে মথাউৰি নিৰ্মান নকৰি বাৰিষাৰ কেইদিনমান পূৰ্বেহে মথাউৰি নিৰ্মাণৰ নামত কিছু মাটি জাপি দিয়াৰ ফলত আজি এনেদৰে জলমগ্ন হৈ পৰিছে অঞ্চলটো। বানৰ ফলত অঞ্চলটোৰ বহুতো কৃষকৰ কঠীয়া নষ্ট হোৱাৰ উপৰি পশুধনৰ বাবে সমস্যা হোৱাৰ লগতে মাছৰ পুখুৰী পানীৰ তলত যোৱাত কৃষকৰ মুৰত ৰামটাঙোন পৰিছে৷ ইফালে মথাউৰি ভঙাৰ পিচতে বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তসকলক যাৱতীয় সকলো ব্যবস্থা গ্ৰহণ কৰাৰ আস্বাস প্ৰদান কৰে।

প্ৰেৰক কল্যাণ কলিতা

You might also like