নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলক খ্ৰীষ্টিয়ান ৰাজ্য ঘোষণা ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি চূড়ান্ত ভাবুকি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মাৰ্চঃ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ বৃহত্তৰ অসমখন যোৱা সেই দিনটোৰ পৰাই যেন অসমৰ উদিত সূৰ্য ক্ৰমশঃ লেবেজান হৈ আহিবলৈ ধৰিলে। কাৰণ তাৰ পিছৰে পৰা আমি ক’ব নোৱাৰাকৈ আমাৰ মন-মগজু, সমাজ সভ্যতা-সংস্কৃতি, ভাষা-ধৰ্ম সকলোতে ইংৰাজৰ ঔপনিৱেশিক চিন্তা আৰু ধাৰণাৰ আধাৰত ক্ৰমশঃ মলিয়ন হৈ আহিবলৈ ধৰিলে। আমি যিমানেই উদাৰ আৰু সহানুভূতিশীল হৈ আহিছে সিমানেই খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ দ্বাৰা পৰিচালিত ইষ্ট ইণ্ডিয়া কোম্পানী তথা ইংৰাজ শাসন ব্যৱস্থা গোড়া আৰু ঔপনিৱেশিক হৈ পৰিল। “অৰুনোদই” নামৰ বাতৰিকাকতখনক প্ৰথম অসমীয়া বাতৰিকাকত হিচাপে গ্ৰহণ কৰি আমি উৎসাহিত হোৱাৰ সময়ত তেওঁলোকে সেইখন যে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ-প্ৰসাৰৰ মুখপত্ৰ হিচাপে আমাৰ মাজত বিলাই দিছিল আমি ধৰিবকে নোৱাৰিলোঁ আইৰ মুখৰ অসমীয়া ভাষাটোৰ প্ৰতি তেওঁলোকৰ উদ্দেশ্যপ্ৰণোদিত সহযোগিতাত ভুল গৈ আমি ইমানেই কক্ষপথ বিচ্যুত হৈ পৰিলোঁ যে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰন্থ “বাইবেল”খনক ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ হোৱা প্ৰথমখন গ্ৰন্থ বুলি আমি বুকু ফুলাই গৌৰৱ কৰিবলৈ ধৰিলোঁ।

পিছে, সেয়া যে আমাৰ শৰ শয্যা প্ৰস্তুত আছিল আমি ধৰিবকে নোৱাৰিলোঁ। পৰিণতিত তাহানিৰ বৃহত্তৰ অসম ভাঙি আজি টুকুৰা-টুকুৰ হ’ল; আৰু সেই টুকুৰা বোৰৰ বেছি কেইটা টুকুৰাই খ্ৰীষ্টিয়ান মিছনেৰীৰ বহতীয়া হৈ পৰিল। প্ৰথমে মিজোৰাম, তাৰপিছত মেঘালয়, নাগালেণ্ডকে আদি কৰি আজি অৰুণাচল প্ৰদেশ খনকো তেওঁলোকে খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ ৰাজপথলৈ ওলাই আহিব পৰা হ’ল। আজি কিছুদিন আগলৈকে নানান ধৰণৰ হিংসাত্মক ঘটনাৰ দ্বাৰা জৰ্জৰিত মণিপুৰৰ সেই হৃদয় বিদাৰক পৰিবেশৰ আঁৰৰ কৰ্তা-ধৰ্তাও যে খ্ৰীষ্টিয়ান মিছনেৰী সকলেই সেই কথাও ইতিমধ্যেই বিভিন্ন মহলৰ পৰা পোহৰলৈ আহিছে। মেঘালয়ো এক প্ৰকাৰে শেষ।

কূটনৈতিক জগতৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান ৰাইচিনা ডাইলগত ভাষণ পবিত্ৰ মাৰ্ঘেৰিটাৰ

মেঘালয়ত বসবাস কৰি থকা অ-খ্ৰীষ্টিয়ান জাতি-জনগোষ্ঠীসমূহৰ যি আৰ্তনাদ সেয়া ওচৰৰ পৰা নেদেখা এজনে অনুভৱ কৰিব নোৱাৰে। খ্ৰীষ্টিয়ান ধৰ্মী নহ’লে মেঘালয়ত কোনো ধৰণৰ বেপাৰ-বানিজ্য সাধাৰণতে কৰিব নোৱাৰে; কৰিলেও আদায় কৰিবলগীয়া হয় বৃহৎ পৰিমাণৰ স্থানীয় কৰ। অ-খ্ৰীষ্টিয়ান জাতি-জনগোষ্ঠীৰ লোক সকলে মনে কৰিব নোৱাৰে উপাসনা-আৰাধনা। শেহতীয়াকৈ, মৌছিনৰামৰ মৌ’জমবিন গুহাৰ ভিতৰত প্ৰাকৃতিক ভাবে সৃষ্টি হোৱা শিৱলিঙ্গত পূজা-সেৱা নিষিদ্ধ কৰাক লৈ এক উত্তপ্ত পৰিবেশৰ সূচনা হৈছিল মেঘালয়ত৷

অৱশ্যে কুটুম্ব সুৰক্ষা পৰিষদৰ তৎপৰতাত আৰু মেঘালয় চৰকাৰৰ সহযোগত আজি সেই গুহাৰ ভিতৰত প্ৰাকৃতিক ভাবে সৃষ্টি হোৱা শিৱলিঙ্গ ৰাইজৰ দৰ্শনৰ বাবে কিছু নীতি-নিয়ম বান্ধি মুকলি কৰি দিয়া হয়। এইবাৰ অৰুণাচল প্ৰদেশক তেওঁলোকে খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ উঠি পৰি লাগিছে। এই সমগ্ৰ বিষয়বোৰে আচলতে তেওঁলোকৰ ধৰ্মীয় সংকীৰ্ণতা আৰু উন্মাদনাৰ পৰিচয় দিয়াৰ লগতে ভাৰতৰ সনাতন ধৰ্ম আৰু সংস্কৃতিৰ লগতে ভাৰ্তৰ খিলঙীয়া জাতি-জনগোষ্ঠীসমূহক যে পদ্ধতিগতভাৱে নষ্ট কৰিব খুজিছে এয়া স্পষ্ট হৈ পৰিছে৷ অসমৰ মাজুলী, কাৰ্বি আংলং, বড়ো ভূমিৰ গোটেই কেইখন জিলাৰ অধিকাংশই ইতিমধ্যেই খ্ৰীষ্টিয়ান মিছনেৰীৰ দাসত্ব গ্ৰহণ কৰি লৈছে।

মন কৰিবলগীয়া কথাটো হ’ল যে এই সকলোবোৰ কিন্তু সিংহ ভাগ মানুহৰ ইচ্ছাৰ বিপৰীতে হৈছে। বিভিন্ন ধৰণৰ ভয়-ভাবুকি, প্ৰলোভনৰ বশৱৰ্তী হৈ সেইবোৰ মানুহে খ্ৰীষ্টিয়ান মিছনেৰীৰ দাসত্ব গ্ৰহণ কৰিছে। এই প্ৰক্ৰিয়া চূড়ান্ত ভাৰতীয় সংবিধান বিৰোধী, ভাৰতীয় গণতান্ত্ৰ আৰু সাৰ্বভৌমত্বৰ প্ৰতি মুখ্যম আঘাত।

আমি এতিয়া কি কৰা উচিত? ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষত খ্ৰীষ্টিয়ান ৰাজ্য কেনেকৈ হ’ব পাৰে? ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনৰ নাগৰিক সকলে যদি নিজৰ ইচ্ছানুসৰি উপাসনা কৰিব নোৱাৰে, বেপাৰ-বানিজ্য কৰিব নোৱাৰে, মুকলি মনে যদি ঘূৰা-ফুৰা কৰিব নোৱাৰে; তেনেহ’লে এই গণতন্ত্ৰ আৰু এই ধৰ্মনিৰপেক্ষতাৰ প্ৰাসংগিকতা ক’ত ? অতি দুখ আৰু পৰিতাপৰ কথা যে ধৰ্মনিৰপেক্ষ ভাৰতত মুছলমান, খ্ৰীষ্টিয়ান আদি সকলোৱে মুকলিকৈ আনক বাধা দি হ’লেও নিজৰ নিজৰ ধৰ্ম কৰ্ম কৰিব পাৰে; কিন্তু সনাতন ধৰ্ম-দৰ্শনৰ বিভিন্ন পন্থ-উপপন্থত বিশ্বাসী বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সকলে আনক বাধা দিয়াতো দূৰৰে কথা নিজৰ খিনিও শান্তিৰে কৰিব নোৱাৰে।

আধাৰ কাৰ্ডৰে ভোটাৰ আইডি লিংক কৰাৰ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ

মেঘালয়ত খ্ৰীষ্টিয়ান মিছনেৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবেই মৌছিনৰামৰ মৌ’জমবিন গুহাৰ ভিতৰত প্রাকৃতিক শিৱলিঙ্গত বিধিগত সেৱা হিন্দুয়ে কৰিব নোৱাৰে; কিন্তু সেই একেখন ভাৰতৰ অসমত মাজুলীৰ দৰে ঠাইত গিৰ্জাত তেওঁলোকে মুকলিকৈ সকলো কৰিব পাৰে। কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই কয়, সনাতন হিন্দু ধৰ্ম আৰু দৰ্শনত বিশ্বাসী আমি বোৰক শান্তিৰে থাকিবলৈ দিয়ক৷ আমি শান্তি আৰু সহযোগিতাত বিশ্বাসী। আমাক অশান্ত হ’বলৈ যাতে কোনোৱে বাধ্য নকৰায়। অন্যথা, অসমৰ বিভিন্ন ঠাইতো আমি গিৰ্জাসমূহত ধৰ্মীয় কৰ্ম-কাণ্ড কৰিবলৈ বাধা দিবলৈ বাধ্য হৈ পৰিম।”

তদুপৰি অতি সোনকালে খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানসমূহে যদি অতি সোনকালে শিক্ষানুষ্ঠানসমূহত ধৰ্মীয় কৰ্ম-কাণ্ড তথা উপাসনা গৃহ আৰু যীশু-মেৰীৰ প্ৰতিমূৰ্ত্তি আদি বন্ধ নকৰে তেনেহ’লে কিন্তু অহেতুক পৰিস্থিতিৰ বাবে কেৱল আৰু কেৱল তেওঁলোকেই দায়ী হ’ব। শান্তিৰে বহু কথা কোৱা হ’ল; বহু আলোচনা কৰা হ’ল; বহু চিঠি লেখা হ’ল। লক্ষ্মণৰেখা যাতে তেওঁলোকে পাৰ হৈ নাযায় আৰু আমাকো সেই সীমাৰেখা পাৰ হৈ যাবলৈ যাতে বাধ্য নকৰায়।

লক্ষ্মণৰেখাৰ বিষয়ে যদি নাজানে তেওঁলোকে একোবাৰ ৰামায়ণখিনি অধ্যয়ন কৰক। আমি ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৫১ (ক) ত উল্লেখ থকা একো একোগৰাকী ভাৰতীয় নাগৰিক হিচাপে নিজৰ ধৰ্ম-ভাষা- সভ্যতা-সংস্কৃতিৰ ৰক্ষাৰ হেতু যিকোনো পৰ্যায়লৈ যাব পাৰোঁ। পথত সংখ্যা কিমান হ’ব সেইটো ডাঙৰ কথা নহয়; কিন্তু, তাৰ প্ৰভাৱ কিন্তু অৰুনোদই বাতৰিকাকত প্ৰকাশ কৰি খ্ৰীষ্টিয়ান মিছনেৰী সকলে আৰম্ভ কৰা কু-প্ৰথাৰ দৰেই সুদূৰ প্ৰসাৰী হ’ব।

বিশেষ ভাবে উল্লেখযোগ্য কথাটো হ’ল যে যিসকল জাতি-জনগোষ্ঠীৰ লোকে ভাৰতৰ যিকোনো ঠাইত বিদেশী খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে, তেওঁলোকৰ এছচি-এছটি আদি জনগোষ্ঠীয় বিশেষ সুবিধাসমূহ বাৰণ কৰিব লাগে আৰু তেওঁলোকে যাতে কোনো কাৰণতে স্থানীয় কোনো ধৰণৰ নাম আৰু উপাধি আদি ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰি ক্ষিপ্ৰতাৰে বলৱৎ কৰিব লাগে। ভাৰত চৰকাৰক এই বিষয়ত অনতিপলমে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনালা। উল্লেখ্য যে আজি যোৰহাট প্ৰেছ ক্লাবত কুটুম্ব সুৰক্ষা পৰিষদৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আয়োজন হোৱা সংবাদ মেলত কুটুম্ব সুৰক্ষা কেন্দ্ৰীয় সভাপতি সত্য ৰঞ্জন বৰাই এই কথা স্পষ্ট কৰি দিয়ে। সংবাদ মেলত বৰাৰ লগতে পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সত্যজিৎ দেউৰী, কেন্দ্ৰীয় উপ-সভাপতি অনিল বৰঠাকুৰ, কেন্দ্ৰীয় সম্পাদক বিকি তাঁতীৰ লগতে যোৰহাট জিলা সমিতিৰ বিষয়ববীয়া সমূহ উপস্থিত থাকে।

চাবলৈ ক্লিক কৰক 🔴 বিৰল দৃশ্য, লগতে হৃদয়স্পৰ্শীও 📌 মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰীত এনেকৈয়ে যান-বাহনক মুকলি কৰি দিলে পথ

You might also like