নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্বভাৰতীয় পৰ্যায়ত জিলিকিল শুৱালকুছিৰ মুগা-পাট কাপোৰৰ ডিজাইন

বিশেষ বাৰ্তা, ২ অক্টোবৰঃ সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত জিলিকি উঠিল শুৱালকুছিৰ মুগা আৰু পাট কাপোৰৰ ডিজাইন৷ শুৱালকুছি ছয়নিকা চিল্ক চেণ্টাৰ বিপনীৰ স্বত্বাধিকাৰ তথা শুৱালকুছিৰ পাট মুগা কাপোৰ অন্যতম উৎপাদনকাৰী তিনি ভাতৃ ক্ৰমে কুশল (জোন) মেধি, বিমল মেধি আৰু প্ৰণৱ মেধিয়ে দেশৰ দহটা ডিজাইনৰ ভিতৰতে শুৱালকুছিৰ কাপোৰৰ শ্ৰেষ্ঠ ডিজাইনৰ সন্মান লাভ কৰি বস্ত্ৰনগৰী শুৱালকুছিলৈ সুনাম কঢ়িয়াই অনাত ইয়াৰ শিপিনী-বোৱনী লগতে শিল্পটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সকলোৱে উৎফুল্লিত হৈ পৰিছে। উল্লেখ্য যে চেন্টেল চিল্ক বোৰ্ড অৱ ইণ্ডিয়াৰ ৭৫ বৰ্ষ পূৰ্ত্তি উপলক্ষে আয়োজিত ’প্লেটিনাম জুবুলী’ত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা কপোৰৰ ডিজাইনৰ প্ৰতিযোগিতা অনুস্হিত কৰিছিল। এই ডিজাইন প্ৰতিযোগিতাত অসমৰ হৈ শুৱালকুছিৰ তিনিয়ো ভাতৃয়ে শুৱালকুছিৰ শিপিনীয়ে উৎপাদন কৰা মুগা, পাট আৰু টচ কাপোৰৰ বিভিন্ন ডিজাইন কাপোৰ সহিতে প্ৰেৰণ কৰিছিল৷ অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ দহটা ডিজাইনৰ ওপৰত উক্ত প্ৰতিযোগিতা অনুস্হিত হৈছিল ৷ ইয়াৰ ভিতৰত অসমে (শুৱালকুছিয়ে) মুগাৰ কাপোৰৰ ডিজাইনত দুটা (সিং খাপ, গুনাৰ আৰু মিৰি গুনা-সুতা) আৰু পাট কাপোৰত এটা( চাৰিমাকুৰ কাজিৰঙা শাৰী) পুৰস্কাৰ পাবলৈ সক্ষম হয় ৷ যোৱা ২০ ছেপ্টম্বৰত চেন্টেল চিল্ক বোৰ্ড অৱ ইণ্ডিয়াই কৰ্ণাটকৰ অপেন ইউনিভাৰ্চিটি, মাইচুৰৰ প্ৰেক্ষাগৃহত ভাৰত চৰকাৰৰ হস্ততাঁত বস্ৰ বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিং, ভাৰত চৰকাৰৰ গধুৰ উদ্যোগ আৰু স্ট্ৰীল বিভাগৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামী, ভাৰত চৰকাৰৰ ৰাজ্যিক হস্ততাঁত বস্ৰশিল্প বিভাগৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত তিনিয়ো গৰাকী ভাতৃকে শ্ৰেষ্ঠ ডিজাইন আৰু শ্ৰেষ্ঠ শিপিনীৰ বটাঁ প্ৰদান কৰে ৷ বটাঁ প্ৰদান অনুস্হানত দিয়া ভাষণত তিনিও গৰাকী মন্ত্ৰীয়ে শুৱালকুছিৰ বস্ৰশিল্পক উচ্চ প্ৰশংসা কৰাৰ লগতে শুৱালকুছিৰ মুগা বস্ৰক সোণৰ লগত তুলনা কৰে৷ তেওঁলোকে অসমৰ পাট আৰু এড়ি বস্ৰৰ বিষয়েও উল্লেখ কৰি অসমৰ বিশেষকৈ শুৱালকুছিৰ পাট মুগা বস্ত্ৰৰ এটা সুকীয়া পৰিচয় থকাৰ কথায়ো দোহাৰে৷ কৰ্ণাটকৰ মাইচুৰৰ অপেন ইউনিৰ্ভাৰচিটি প্ৰেক্ষাগৃহত চেন্ট্ৰেল চিল্ক বোৰ্ডৰ পৰা কেবা হাজাৰ লোকৰ উপস্হিতিত বটাঁ গ্ৰহণ কৰি তিনিও ভাতৃয়ে উৎফুল্লিত হৈ পৰে আৰু এই বটাঁ শুৱালকুছিবাসীৰ বাবে বুলি মতামত ব্যক্ত কৰে৷ ইফালে তিনিও ভাতৃৰ এই কৃতিত্বই শুৱালকুছিৰ বস্ৰশিল্পক আৰু এখোজ আগবঢ়াই নিব বুলি শুৱালকুছিৰ বিভিন্নজনে মতামত ব্যক্ত কৰিছে ৷ শুৱালকুছিৰ আগশাৰীৰ সমাজকৰ্মী হৰিচন্দ্ৰ (ধন) মহন্ত আৰু যুৱ ব্যৱসায়ী হৰি ভৰালীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ এই বটাঁই শুৱালকুছিৰ মুগা পাট শিল্পটিক বহুদূৰ আগবঢ়াই নিব বুলি মতামত ব্যক্ত কৰি কয় যে এই বঁটা পৰিয়ালটিয়ে পূৰ্ব পুৰুষৰে পৰা যুগ যুগ ধৰি শুৱালকুছিৰ শিল্পটিৰ লগত নিবিড় ভাৱে জড়িত হৈ থকাৰ এক স্বীকৃতি৷ উচ্চ শিক্ষিত হৈয়ো পৰিয়ালটিৰ চাৰি ভাতৃয়ে শুৱালকুছিৰ তাতঁশিল্পটিৰ লগতে বিভিন্ন ঘাট প্ৰতিঘাট অতিক্ৰম কৰি নেৰানেপেৰাকৈ লাগি থাকি শিল্পটিক ধৰি ৰাখিছে৷ আনহাতে বহুজনক তাতঁশিল্পৰ লগত জড়িত কৰি জীৱন জৱিকাৰ পথ উলিয়াই দিছে৷ এই বঁটা শুৱালকুছিবাসীৰ বাবে এক গৌৰৱ৷ বঁটাপ্ৰাপক তিনিয়ো গৰাকীকে তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

প্ৰেৰক দিলীপ মেধি

You might also like