নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাম্পিং গ্ৰাউণ্ডত পৰিণত দিখৌ দলং

🔹 নিশা হ’লেই নদীৰ বুকুলৈ নিক্ষেপ কৰে জাবৰৰ টোপোলা

নিয়মীয়া বাৰ্তা, ২৫ জুলাই : শিৱসাগৰ চহৰৰ মাজমজিয়াৰ আমগুৰি ঘাটৰ দিখৌ নদীৰ ওপৰত থকা আৰ চি চি দলংখন একাংশৰ বাবে সম্প্ৰতি ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈছে ৷ চৰকাৰী নিৰ্লিপ্ততাৰ সুযোগ লৈ এক অসাধু ব্যৱসায়ী চক্ৰই প্ৰতিনিশাই নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ জাবৰ- জোঁথৰসমূহ বিভিন্ন বাহনেৰে আনি নদীৰ বুকুত দলঙৰ পৰা নিক্ষেপ কৰি অহা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ কেইবাগৰাকীও মাছ-মাংসৰ ব্যৱসায়ীৰ লগতে দলঙৰ সমীপৰ আমোলাপট্টি বেজবৰুৱা স্কুলৰ সমীপৰ কেইবাগৰাকীও মাংস ব্যৱসায়ীৰ বিৰুদ্ধে উত্থাপন হৈছে দিখৌ দলঙৰ পৰা প্ৰতিনিশাই নদীৰ বুকুলৈ জাবৰ পেলোৱাৰ বিস্ফোৰক অভিযোগ ৷ আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ চলি অহা এই নিন্দনীয় কাৰ্য কালি কেমেৰাত ধৰা পৰে ৷ জানিব পৰা মতে, প্ৰতি নিশাই ৮ মান বজাৰ পৰাই দিখৌ দলঙৰ পৰা নদীৰ বুকুলৈ জাবৰ পেলোৱা কাম আৰম্ভ হয় ৷ সুৰক্ষাজনিত কাৰণত দলংখনৰ দুয়োফালে তাঁৰৰ ফেন্সিং সংস্থাপন কৰিছিল ৷ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এই অসাধু চক্ৰটোৱে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাছ-মাংসৰ অৱশিষ্ট লেতেৰাসমূহ বস্তাত ভৰাই দুচকীয়া, চাৰিচকীয়া বাহনেৰে আনি নদীৰ বুকুলৈ নিক্ষেপ কৰি আহিছে ৷ স্থানীয় ৰাইজৰ লগতে বিভিন্ন সমাজ সচেতন ব্যক্তিয়ে বিভিন্ন সময়ত নদী প্ৰদূষিত হ’ব পৰা এই ভয়ংকৰ কাৰ্যৰ পৰা উক্ত চক্ৰটোক বিৰত থাকিবলৈ আহ্বান জনাই আহিছে যদিও বন্ধ হোৱা নাই এই কাৰ্য ৷ বৰঞ্চ দুগুণ উৎসাহেৰে এই দুষ্ট চক্ৰটোৱে প্ৰতিনিশাই নদীলৈ দলঙৰ পৰা পেলায়েই আছে জাবৰৰ টোপোলা ৷ ইফালে, দলংখনৰ ওপৰত থকা বহুসংখ্যক ষ্ট্ৰীট লাইট দীৰ্ঘ সময় বিকল হৈ থকাৰ ফলত দলংখনৰ মাজৰ অংশটো অন্ধকাৰত বুৰ গৈ থাকে ৷ ফলত অন্ধকাৰৰ সুযোগ লৈয়ে অসাধু চক্ৰটোৱে নদীৰ বুকুলৈ এনেদৰে নিজৰ ব্যক্তিগত বাহনত তুলি আনি পেলাই আহিছে মাছ-মাংসৰ অৱশিষ্ট অংশ ৷ উল্লেখ্য যে দিখৌ নদীৰ দুয়োপাৰৰ বৃহতসংখ্যক নদীপৰীয়া জনতাই নদীৰ পানী বিভিন্ন কাৰণত দৈনন্দিন ব্যৱহাৰ কৰাৰ লগতে খাবৰ বাবেও সংগ্ৰহ কৰে ৷ তেনেস্থলত অসাধু ব্যৱসায়ী চক্ৰৰ এই দুষ্কাৰ্যৰ ফলত নদীপৰীয়া ৰাইজৰ জীৱনলৈ নামি আহিছে ভয়ংকৰ ভাবুকি ৷ সচেতন মহলে শীঘ্ৰে এই দুষ্ট চক্ৰটোক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পৌৰ কৰ্তৃপক্ষকো তাৎক্ষণিকভাৱে দলঙৰ দুয়োপাৰে থকা বিকল ষ্ট্ৰীট লাইটসমূহ সক্ৰিয় কৰি তুলিবলৈ দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like