🔹 এটা পথৰ বাবে শাৰী পাতি আয়ুক্তক সেৱা ৰাইজৰ
নিয়মীয়া বাৰ্তা, ৫ আগষ্ট : দেশৰ স্বাধীনতাৰ ৭৭ বছৰ পিছতো বজালী জিলাৰ এখন গাঁও সৰ্বদিশতে সম্পূৰ্ণৰূপে অৱহেলিত৷ স্বাস্থ্য, যাতায়াত, শিক্ষা, চিকিৎসা, যোগাযোগ ব্যৱস্থা, কৃষি, বানপানী আদিকে ধৰি এশ এবুৰি সমস্যাৰে জৰ্জৰিত বজালীৰ গ্ৰামাঞ্চলৰ অতিকে পিছপৰা এই গাঁওখনত আজি প্ৰথমবাৰৰ বাবে বজালী জিলাৰ আয়ুক্তগৰাকী উপস্থিত হোৱাত এক অবিশ্বাস্য তথা আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। এয়া যদিও কোনো জকাইচুকীয়া গাঁৱৰ কথা নহয়, তথাপি এই গাঁওখনত আজি পৰ্যন্ত ভৰি থৈ পোৱা নাছিল কোনো উচ্চপদস্থ চৰকাৰী কিম্বা প্ৰশাসনিক বিষয়াই৷ কিয়নো নৱগঠিত বজালী জিলাৰ অন্তৰ্গত দক্ষিণ প্ৰান্তৰ ছাগলচাৰী গাঁৱৰ মাজেৰে যোৱা পথটোৰ অৱস্থা দেখিলেই গাৰ নোম শিয়ৰি উঠিব আপোনাৰ। ছাগলচাৰী আৰু পশ্চিম ছাগলচাৰী গাঁৱত বাস কৰা প্ৰায় দুশটি পৰিয়ালৰ জীৱন-সম্পত্তি সততে বিপদাপন্ন হৈ আহিছে৷ দেশৰ স্বাধীনতাৰ পিছৰে পৰা এই পথটোত পৰা নাই এচপৰা মাটি বা এটি শিলগুটি। প্ৰতিবছৰে ৰাইজে খৰালি কালত নিজৰ সাঁচতীয়া গাঁঠিৰ ধন ভাঙি নিজে শ্ৰমদান কৰি পথটো মেৰামতি কৰি কোনোমতে যাতায়াতৰ উপযোগী কৰি তোলে যদিও পথটোৰে যাব নোৱাৰে কোনোধৰণৰ যান-বাহন৷ চাৰিচকীয়া দূৰৈৰ কথা, যাব নোৱাৰে এখন মটৰ চাইকেলো। এজাক বৰষুণতেই পানীৰ তলত থকা পথটোৰ পানী শুকোৱাৰ পিছতে হয় একাঁঠু বোকা। ফলত স্তব্ধ হয় যাতায়াত ব্যৱস্থা। ইপিনে, কদৰ্যময় পথ, তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি তুৰ্কুনী জানৰ ভয়াৱহ খহনীয়াৰ ফলত প্ৰায়ে বন্ধ হৈ পৰে সাধাৰণ যাতায়াত ব্যৱস্থা। ফলত বন্ধ হৈ পৰে অঞ্চলটোৰ ল’ৰা-ছোৱালীৰ বিদ্যালয়-মহাবিদ্যালয়লৈ যোৱা পথ৷ ক’বলৈ গ’লে, বাৰিষাৰ দিনকেইটা একপ্ৰকাৰ দ্বীপৰ মাজত আবদ্ধ হৈ পৰে এই গাঁওখনত বাস কৰা সহস্ৰাধিক লোক। গাঁওখনৰ এনে পয়ালগা অৱস্থাৰ বাবে সামৰ্থ্য থকাসকলে নিজৰ ঘৰ-মাটি এৰি ইতিমধ্যে আন ঠাইলৈ গুচি গৈছে। কিন্তু যিসকলৰ সামৰ্থ্য নাই, তেওঁলোকে এইখন গাঁৱতে জীৱন যুদ্ধ চলাই গৈছে। বছৰ বছৰ ধৰি এই অঞ্চলৰ ৰাইজে সেই সময়ৰ বৰপেটা জিলা প্ৰশাসন আৰু গড়কাপ্টানী বিভাগক বাৰে বাৰে আবেদন-নিবেদন কৰাৰ পিছতো জিলা প্ৰশাসনৰ উন্নয়নে ঢ়ুকি নোপোৱাৰ বাবে আজিলৈ সৰ্বদিশত অৱহেলিত হৈ আছে এই গাঁওখন। এনে এক প্ৰেক্ষাপটতে নৱগঠিত বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসৰ ওচৰত গাঁওবাসী উপস্থিত হৈ গাঁওখনৰ দুৰ্দশাৰ কথা বিৱৰি কোৱাৰ পিছত আজি জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা মণিৰুল হক আৰু ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়া দিলীপ দাসক লগত লৈ পদব্ৰজে উপস্থিত হয় গাঁওখনত। জিলা আয়ুক্তক দেখি আৱেগিক হৈ পৰা গাঁওখনৰ সকলোৱে জিলা আয়ুক্তগৰাকীয়ে বাৰে বাৰে হাতযোৰ কৰি বাধা প্ৰদান কৰাৰ পিছটো চৰণ চুই সেৱা কৰি অশ্ৰুসিক্ত নয়নেৰে আয়ুক্তগৰাকীক তেওঁলোকৰ পথটোৰ উন্নয়ন কৰি তেওঁলোকক ৰক্ষা কৰিবলৈ কাতৰে আহ্বান জনায়৷ ইয়াৰ পিছতে আয়ুক্তগৰাকীয়ে ৰাইজক পথটোৰ উন্নয়নৰ আশ্বাস প্ৰদান কৰে। আজি আয়ুক্তগৰাকীৰ সৈতে গাঁওখনৰ ঝুনা নামৰ শিল্পী দিবাকৰ পাঠক, অৰ্জুন ৰয়, বাবুল ৰয়, কৰ্ণ ৰয়, কৃষ্ণকান্ত ৰয়, ধীৰেন কলিতা, গোবিন্দ ৰয়, নীলকান্ত ৰয়, নৰেন কলিতা, ৰঞ্জিত ৰয়, ভগৱান ৰয় আদি উপস্থিত থাকি আয়ুক্ত আৰু তেওঁৰ সৈতে যোৱাসকলক আদৰণি জনায়৷
প্ৰেৰক কল্যাণ কলিতা