নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌৰভ বৰকটকীৰ নেতৃত্বত তেজপুৰ এছপি অতিথিশালাত অজগৰ উদ্ধাৰ

বাৰ্তা ব্যুৰ ,তেজপুৰ, ১২ জুন : তেজপুৰত দিনে দিনে বৃদ্ধি পাইছে অজগৰৰ প্ৰকোপ। এই বৃহৎ আকাৰৰ অজগৰবোৰৰ সুৰক্ষাৰ্থে নামি পৰিছে তেজপুৰৰ সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ দল। উল্লেখযোগ্য যে কালি  নিশা তেজপুৰৰ জিলা আৰক্ষী অধীক্ষকৰ অতিথিশালাৰ কোঠাত এটি বৃহৎ আকাৰৰ অজগৰ প্ৰত্যক্ষ কৰে আৰক্ষী বাহিনীয়ে। অজগৰটো উদ্ধাৰৰ বাবে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীলৈ ফোন কৰি খবৰ দিয়ে শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই। ইয়াৰ কিছু সময়ৰ পিছতেই অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন সৌৰভ বৰকটকীয়ে অজগৰটো উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগতে অন্যান্য আৰক্ষী বিষয়াকে প্ৰমুখ্য কৰি আৰক্ষী বিভাগে উক্ত সৰ্প উদ্ধাৰ অভিযানত বৰকটকীৰ লগত সহযোগ কৰে। উল্লেখ্য যে সৌৰভ বৰকটকীয়ে  সাংবাদিকক জনোৱা মতে, তেজপুৰত সঘনাই জনাঞ্চলত অজগৰৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বিভিন্ন কাৰক আছে। যেতিয়া ভৰ-বাৰিষাৰ ফলত বানপানীৰ সৃষ্টি হয় তেতিয়া এই প্ৰায়খিনি সাপ কাজিৰঙা লাওখোৱা আৰু বুঢ়া চাপৰিৰ পৰা ওলাই আহি তেজপুৰৰ দাঁতি-কাষৰীয়া ওখ স্থানসমূহত বসতি স্থাপন কৰে। সেই সময়খিনিতেই খাদ্য সংকটত ভোগা এই প্ৰকাণ্ড প্ৰজাতিৰ অজগৰবিলাকে মানুহৰ ঘৰত সোমাই পোহনীয়া সৰু বৰ জীৱসমূহক খাদ্য হিচাপে গ্ৰহণ কৰা দেখা যায়। তেনেস্থলত  ৰাইজলৈ সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ এটাই বিনম্ৰ অনুৰোধ যে খাদ্যৰ অভাৱত এই নিৰিহ প্ৰাণীবোৰে তেতিয়া আপোনাৰ ঘৰত প্ৰৱেশ কৰে – সেইয়া লাগিলে সাপেই হওক, পক্ষী কুলেই হওঁক বা অন্যান্য জীৱই হওঁক, তেনেবোৰ প্ৰাণীক সুৰক্ষা দিয়াতো আমি প্ৰতিগৰাকী ব্যক্তিৰ কৰ্তব্য। অজগৰ যিহেতু বন্যপ্ৰাণী আইনৰ 1972 actত পৰে। সেয়েহে আমি এই প্ৰাণীবোৰক ৰক্ষণাবেক্ষণ দিয়াতো আমাৰ দায়িত্ব। এই দায়িত্ব আমি জীৱশ্ৰেষ্ঠই পালন কৰি প্ৰকৃতিক ভাৰসাম্য ৰক্ষা কৰাতো নিতান্তই আৱশ্যক। জৈৱ-বৈচিত্ৰৰে ভৰপূৰ অসমৰ পৰাই এই গুৰুদায়িত্ব পালন কৰি আমি আগুৱাই যাব লাগিব। এনেদৰেই সৌৰভ বৰকটকীয়ে  প্ৰকৃতিপ্ৰেমৰ বাৰ্তাৰে ৰাইজক সজাগ কৰে।
প্ৰেৰক পুলক কুমাৰ ডেকা
You might also like