মৃতদেহ কঢ়িওৱা বাহনেৰে এইমছৰ সামগ্ৰী চুুৰি কৰিবলৈ আহি গ্ৰেপ্তাৰ চালক
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰ : সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান চিকিৎসা প্ৰতিষ্ঠান তথা এইমছ, গুৱাহাটীত এইবাৰ লোলুপ দৃষ্টি পৰিছে চোৰৰ। এইমছৰ প্ৰধান গেটৰ লগতে ইয়াৰ চৌহদৰ অভ্যন্তৰত দিনে নিশাই কেইবাগৰাকী ছিকিউৰিটিৰ দ্বাৰা পহৰাৰ ব্যৱস্থা আৰু চিচি টিভি কেমেৰা থকাৰ পিছতো মৰসাহ কৰিবলৈ নেৰিলে চোৰে। অৱশ্যে ইয়াৰ বাবে চোৰে অৱলম্বন কৰি লৈছে এক আজৱ পন্থা তথা কৌশলৰ। ছিকিউৰিটিৰ চকুত ধুলি মাৰিবলৈ চোৰে ব্যৱহাৰ কৰিছে এইবাৰ ডেডবডী কঢ়িওৱা এখন বাহন। কিন্তু বেচেৰা চোৰৰ দিন বেয়া আছিল। ছিকিউৰিটিৰ চকুত পৰিল চোৰজন। হাতে লোটে আটক কৰা হ’ল বাহনখনৰ চালকৰূপী চোৰ বাপজান আলীক। ইতিমধ্যে বাপজান আলীক চাংসাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰাৰ পিছত আদালতে জেললৈ নিক্ষেপ কৰে। প্ৰাপ্ত তথ্য মতে, আৰক্ষীৰ ৰিজাৰ্ভত থাকি দুৰ্ঘটনাজনিত নতুবা অন্য আইনী প্ৰক্ৰিয়াত থকা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ সংক্ৰান্তত চিকিৎসালয়লয়ৰ মৰ্গত থোৱা কামত ব্যৱহাৰ কৰা হৈছিল এএছ ০১ ডিচি ৪৬৯৩ নম্বৰৰ বাহনখন। বাহনখনৰ চালক আছিল কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত তুলামাটিৰ আনোৱাৰ হুছেইনৰ পুত্ৰ বাপজান আলী। চালকজনে ১৮ ডিচেম্বৰত সন্ধিয়া ভাগত বাহনখনলৈ এইমছত প্ৰৱেশ কৰে। গেটৰ ছিকিউৰিটিয়ে মৃতদেহৰ বাহন বুলিয়ে কোনো সন্ধেহ নকৰাকৈয়ে অনুমতি প্ৰদান কৰিছিল। এই সুযোগ গ্ৰহণ কৰিয়ে এইমছৰ মৰ্গৰ ওচৰত বাহনখন অৱস্থান কৰে চালকজনে। তাৰ পিছত তাৰ কাষতে পেলাই ৰখা এইমছৰ ৰদ সমূহ বাহনখনত ভৰাই লবলৈ ধৰে চালকজনে। কিন্তু ইয়াৰ কিছু সময়ৰ ব্যৱধানতে ছিকিউৰিটিৰ নজৰত পৰে উক্ত অভিনৱ কাণ্ড। বৰ্তমান বাহনখন চাংসাৰি আৰক্ষীৰ জিম্মাত থকাৰ বিপৰীতে চালকজন হবলগীয়া হয় ৰঙাঘৰৰ আলহী।
প্ৰেৰক অনুভৱ কুমাৰ