নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আব্দুল খালেকৰ ঘৰৰ চিলিঙত ৰূপহীহাট আৰক্ষীৰ অভিযান

🔹 জে’লত স্বামী, পত্নীয়ে চলাইছিল অবৈধ বেহা

নিয়মীয়া বাৰ্তা, ৩ আগষ্ট : ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান ৷ ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভোলাৰাম তেৰাঙে যোৱানিশা এক গোপন সূত্ৰৰ পম খেদি ৰূপহীহাটৰ গুণাবাৰী সোণাইপাৰত ড্ৰাগছৰ বিৰুদ্ধে চলায় এক অভিযান ৷ আৰক্ষীয়ে ড্ৰাগছ বেপাৰী আব্দুল খালেকৰ ঘৰত চলায় এই অভিযান ৷ আৰক্ষীৰ অভিযানত আব্দুল খালেকৰ ঘৰৰ চিলিঙত লুকুৱাই ৰখা ৯টাকৈ চাবোনৰ বাকচত ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছৰ লগতে জব্দ কৰে নগদ ১ লাখ ৬৪ হাজাৰ টকা ৷ আৰক্ষী যোৱাৰ উমান পাই ঘৰৰ পৰা পলায়ন কৰে আব্দুল খালেকৰ পত্নীয়ে ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে ড্ৰাগছ বেপাৰী আব্দুল খালেকক ৰূপহীহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷ আব্দুল খালেক জে’লত থাকিলেও তেওঁৰ পত্নীয়ে চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ ৰূপহহাট আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ২ লাখ ৭০ হাজাৰ টকা হ’ব বুলি অনুমান কৰা হৈছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like