🔴 ব্যক্তিগত বিশ্ববিঃক দিয়া নহ’ব বৃত্তিগত শিক্ষা প্রদানৰ অনুমতি
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ মাৰ্চঃ বৃত্তিগত শিক্ষাৰ ক্ষেত্রত ৰাজ্যত কোনোধৰণৰ ব্যক্তিগত বিশ্ববিদ্যালয়ক অনুমতি প্রদান কৰা নহ’ব৷ এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ অসম ব্যক্তিগত বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক ২০২৫সহ একাধিক বিধেয়ক অসম বিধানসভাৰ মজিয়াত উত্থাপন কৰি তেওঁ কয়– চিকিৎসা অথবা ইয়াৰ সম্পর্কিত পাঠ্যক্রম, কৃষি অথবা সংলগ্ণ পাঠ্যক্রম, পশু চিকিৎসা আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্রত কোনোধৰণৰ ব্যক্তিগত বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিবলৈ দিয়া নহ’ব৷ শেহতীয়া কেবিনেটত চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ ইয়াৰ মূল কাৰণটো হ’ল যে এখন ৰাজ্য, এটা মান৷ চিকিৎসা শিক্ষাৰ ক্ষেত্রত আমি এটাই মান অব্যাহত ৰাখিব বিচাৰিছোঁ৷ কোনোবাই চিকিৎসা মহাবিদ্যালয় খুলিব বিচাৰিলে অথবা নার্ছিং মহাবিদ্যালয় খুলিব বিচাৰিলে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধীনত স্বীকৃতি ল’ব লাগিব৷ এটাই পৰীক্ষা হ’ব, এটাই মূল্যায়ন প্রক্রিয়া হ’ব৷ আমাৰ এখন কৃষি বিশ্ববিদ্যালয় আছে৷ সেইখন বিশ্ববিদ্যালয়ৰ অধীনতো এটাই মান৷ বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্রত অসম বিজ্ঞান আৰু কাৰিকৰী বিশ্ববিদ্যালয় আছে৷ যিহেতু ৰাজ্য চৰকাৰৰ নিজৰ বিশ্ববিদ্যালয় আছে, গতিকে কাৰিকৰী বৃত্তিগত শিক্ষাৰ ক্ষেত্রত কোনো ব্যক্তিগত বিশ্ববিদ্যালয়ক অসমত অনুমতি প্রদান কৰা নহ’ব৷ সাধাৰণ শিক্ষাৰ ক্ষেত্রতহে ব্যক্তিগত বিশ্ববিদ্যালয়ক অনুমতি দিয়া হ’ব৷ আনহাতে, অসমৰ সকলো জিলা তথা অঞ্চলত অসম চৰকাৰে বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে বুলিও তেওঁ উল্লেখ কৰে৷ নিজৰ ভাষণ প্রসংগত বিধানসভাৰ মজিয়াত তেওঁ কয়– কেইবাখনো ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে৷ এই মহাবিদ্যালয়সমূহৰ্ এক দীঘলীয়া ঐতিহ্য আছে৷ এই শিক্ষা প্রতিষ্ঠানসমূহৰ সৈতে ৰাইজৰ আৱেগ–অনুভূতি জড়িত হৈ আছে৷ সেয়েহে এনে মহাবিদ্যালয়সমূহ বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সময়ত ইয়াৰ ঐতিহ্য যাতে আগুৱাই লৈ যাব পৰা যায়, তাৰ বাবে চৰকাৰে বিশেষ দৃষ্টি ৰাখিছে৷ সেয়েহে কেইবাখনো বিশ্ববিদ্যালয়ৰ সংশোধনী বিধেয়কৰ জৰিয়তে ৰাজ্য চৰকাৰে প্রথম উপাচার্য নিযুক্তি দিয়াৰ কথাও তেওঁ ঘোষণা কৰে৷ শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি নতুনকৈ উন্নীত হোৱা এই বিশ্ববিদ্যালয়সমূহ প্রথমজন উপাচার্যহে চৰকাৰে নিযুক্তি দিব৷ পৰৱর্তী উপাচার্য নিযুক্তিৰ ক্ষেত্রত তিনিজনীয়া কমিটীৰ পৰামর্শহে গ্রহণ কৰা হ’ব, য’ত ৰাজ্যপালৰ প্রতিনিধি, ৰাজ্য চৰকাৰৰ প্রতিনিধি আৰু সংশ্লিষ্ট বিশ্ববিদ্যালয়খনৰ কার্যবাহী পৰিষদৰ প্রতিনিধি থাকিব৷ ইফালে, ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্রত গৃহ বিভাগৰ অনুমতি লোৱাৰ প্রয়োজনীয়তাৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ ডাঃ পেগুৱে এই প্রসংগত কয়– অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইনত কেইটামান সংশোধনী আনিব বিচাৰিছোঁ৷ অসমত ব্যক্তিগত বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিবলৈ হ’লে গৃহ বিভাগৰ অনুমতি লাগিব৷ সুৰক্ষাজনিত অনুমতিৰ প্রয়োজন হ’ব৷ কিয়নো বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰাৰ ক্ষেত্রত ব্যৱহাৰ কৰা ধনৰ উৎস আমি জানিব লাগিব৷ এখন বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰাৰ ক্ষেত্রত কেইবাশ কোটি টকাৰ প্রয়োজন হয়৷ ভাৰতৰ প্রতিষ্ঠানসমূহ ধর্মনিৰপেক্ষ৷ ইয়াত ধর্মান্তৰকৰণ অথবা ধর্ম প্রচাৰ হ’ব নালাগে৷ শেহতীয়াকৈ এখন মহাবিদ্যালয়ত ধর্মীয় প্রচাৰৰ কার্যসূচী গ্রহণ কৰা হ’ল৷ উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ প্রশ্ণকাকত ফাদিল হ’ল৷ ১৫খন বিদ্যালয়ে আগদিনাই প্রশ্ণকাকত খুলি পেলালে৷ ইয়াৰে ১২খনেই ব্যক্তিগত বিদ্যালয়৷ গতিকে আমি ব্যক্তিগত বিশ্ববিদ্যালয় আইন আনিছোঁ৷ তিনি বছৰৰ মূৰে মূৰে এই আইনৰ অধীনত পর্যালোচনা কৰাৰো ব্যৱস্থা থাকিব৷ আনহাতে, ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ শাখা খোলাৰ অনুমতি প্রদান কৰা নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ চৰকাৰে কোনোধৰণৰ বিত্তীয় অনুদান প্রদান নকৰে৷ তেওঁলোকে নিজৰ পুঁজিৰে বিশ্ববিদ্যালয়সমূহ প্রতিষ্ঠা কৰে৷ তেওঁলোকক সুকীয়া চৌহদ খোলাৰ অনুমতি প্রদান কৰা নহয়৷ এডটেক নামৰ বিশ্ববিদ্যালয়খন সম্প্রতি অৰুণাচলত চলি আছে৷ তেওঁলোকে তিনিচুকীয়াত এখন নতুন বিশ্ববিদ্যালয় খুলিব বিচাৰিছে৷ ব্যক্তিগত বিশ্ববিদ্যালয়সমূহে কোনো প্রতিষ্ঠানক স্বীকৃতি প্রদান কৰাৰো অনুমতি নাথাকে৷ তেওঁলোক এটা চৌহদতে সীমাবদ্ধ৷ এডটেক তিনিচুকীয়াতে সীমাবদ্ধ থাকিব৷ ইফালে, গহপুৰত কনকলতা বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰাৰ ক্ষেত্রতো তেওঁ কেইবাটাও গুৰুত্বপূর্ণ ঘোষণা আগবঢ়ায়৷ দ্য শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভার্ছিটী (এমেণ্ডমেণ্ট) বিল–২০২৫ উত্থাপন কৰি তেওঁ কয়– গহপুৰত কনকলতা বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব৷ ইয়াৰ ভিজন সম্পূর্ণ সুকীয়া৷ আধুনিক বিষয়সমূহক লৈ এই বিশ্ববিদ্যালয়খন প্রতিষ্ঠা কৰিব বিচৰা হৈছে৷ এআই, মেচিন লার্নিং, কোৱাণ্টাম ফিজিক্স আদিৰ দৰে আধুনিক বিষয় লৈ এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হ’ব৷ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই যিখন চাহ বাগিচাত ষ্টুডি’ স্থাপন কৰি জয়মতীৰ চিত্রনাট্য ৰচনা কৰিছিল তথা জয়মতী নির্মাণ কৰিছিল সেই ভোলাগুৰি চাহ বাগিচাত কনকলতা বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব৷ ভোলাগুৰিৰ চাহ বাগিচাই যিটো ষ্টুডি’ত জয়মতী ছবি নির্মাণ কৰা হৈছিল তাক এটা ঐতিহ্য কেন্দ্র হিচাপে নির্মাণ কৰা হ’ব৷ জ্যোতিপ্রসাদ আগৰৱালাই যিটো বাংলোত আছিল, সেই বাংলাটোক অক্ষতভাৱে সুৰক্ষিত কৰা হ’ব৷ অসমৰ কৃষ্টি–সংস্কৃতি প্রতিফলিত কৰিব পৰা এখন বিশ্ববিদ্যালয় হিচাপে ইয়াক নির্মাণ কৰা হ’ব৷ নতুন প্রযুক্তিৰ এই বিশ্ববিদ্যালয়খনৰ ভিজন প্রস্তুত কৰিবলৈ মেণ্টৰ হিচাপে আইআইটি গুৱাহাটীৰ অধ্যাপক পৰমেশ্বৰ আয়াৰক দায়িত্ব অর্পণ কৰা হৈছে৷ ইতিমধ্যে তেওঁ নিজৰ দায়িত্ব সম্পূর্ণ কৰিছে৷ উল্লেখ্য যে শিক্ষামন্ত্রীগৰাকীয়ে বঙাইগাঁও বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, গুৰুচৰণ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, নগাঁও বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, শিৱসাগৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভার্ছিটী সংশোধনী বিধেয়ক, কোকৰাঝাৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, অসম ব্যক্তিগত বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, মা কামাখ্যা বিশ্ববিদ্যালয় বিধেয়ক, এডটেক স্কিলছ বিশ্ববিদ্যালয় বিধেয়ক আৰু স্বামী বিবেকান্দ বিশ্ববিদ্যালয় বিধেয়ক উত্থাপন কৰে৷ আটাইকেইখন বিধেয়কেই আজি সদনৰ মজিয়াত গৃহীতও কৰা হয়৷ ইফালে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হৈ সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে দ্য আছাম কেটল প্রিজাৰভেচন এমেণ্ডমেণ্ট বিল আৰু শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় অৱ হেল্থ ছায়েঞ্চ এমেণ্ডমেণ্ট বিল উত্থাপন কৰে৷ দুয়োখন বিধেয়কেই সদনৰ মজিয়াত গৃহীতও হয়৷ আনহাতে, বিত্তমন্ত্রী অজন্তা নেওগে ২০২৫ বর্ষৰ অসম বিনিয়োজন বিধেয়ক (২নং) আৰু অসম বিনিয়োজন বিধেয়ক (২নং) উত্থাপন কৰে৷ এই দুয়োখন বিধেয়ক গৃহীত হয়৷ পশুপালন মন্ত্রী কৃষেন্দু পালে অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ত সংশোধনী বিধেয়ক উত্থাপন কৰে৷