নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্ৰৰ ভয়ত বন্ধ কোঠালিত এমাহে আত্মগোপন বৃদ্ধ দম্পতীৰ

🔹 আজাৰাৰ ভৰালীপাৰাত হৃদয়বিদাৰক ঘটনা

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : আজাৰাৰ ভৰালীপাৰা নিৱাসী অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী, সাহিত্যিক তথা সমাজকৰ্মী কমল প্ৰসাদ দাস আৰু তেওঁৰ পত্নী দীৰ্ঘদিন ধৰি আবদ্ধ হৈ আছিল এটি বন্ধ কোঠালিত। মানসিক বিকাৰগ্ৰস্ত তেওঁলোকৰ একমাত্ৰ পুত্ৰৰ ভয়ত এনেদৰে এটা কোঠালিত অনাহাৰে কটাইছিল। উচ্চ শিক্ষিত পুত্ৰই মানসিক সন্তুলন হেৰুৱাই মাৰধৰ কৰিবলৈ বিচাৰি ফুৰিছিল বৃদ্ধ পিতৃ-মাতৃক। সেয়ে উপায়হীন হৈ বৃদ্ধ পিতৃ-মাতৃয়ে তলা মাৰি এটা কোঠালিত আত্মগোপন কৰিছিল। কেইবামাহ ধৰি কমল প্ৰসাদ দাসক নেদেখি স্থানীয় ৰাইজে সেই কোঠালিত প্ৰৱেশ কৰিছিল আৰু এক অবৰ্ণনীয় পৰিৱেশ প্ৰত্যক্ষ কৰিছিল। আজি আৰক্ষী থানাত উপস্থিত হৈ স্থানীয় সচেতন ৰাইজে সমগ্ৰ ঘটনা অৱগত কৰে আজাৰা আৰক্ষীক। লগে লগে কমল প্ৰসাদ দাসৰ ঘৰত উপস্থিত হৈ আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত কমল প্ৰসাদ দাস আৰু পত্নী নিৰু দাসক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে ।

প্ৰেৰক বিনয় কলিতা

You might also like