নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত উপ-নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ অক্টোবৰঃ অসমত হব লগা উপ-নিৰ্বাচনৰ বাবে দিন ঘোষণা কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। আজি এখন সংবাদ মেল সম্বোধনত কৰা ঘোষণা অনুসৰি অসমত ৫ সমষ্টিত অহা ১৩ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হব। লগতে ২৩ নৱেম্বৰত ভোটগণনা কৰা হব। উল্লেখ্য যে অসমৰ বঙাইগাঁও, চিডলী, বিহালী, চামগুৰি আৰু ধলাইত উপ-নিৰ্বাচন অনুষ্ঠিত হব। প্ৰণিধানযোগ্য যে ২০২৪ৰ লোকসভা নিৰ্বাচনত বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বৰপেটা লোকসভা সমষ্টিৰ পৰা, চিডলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা, বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই শোণিতপুৰ সমষ্টিৰ পৰা, চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টিৰ পৰা আৰু ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্যই শিলচৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাত উক্ত বিধানসভা সমষ্টিৰ আসনসমূহ খালী হৈ আছে। উক্ত সমষ্টিকেইটাৰ বাবে ১৩ নৱেম্বৰ উপ-নিৰ্বাচন অনুষ্ঠিত হব। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অসমত মিত্ৰজোঁটে খেলিব লগা নিৰ্বাচনত দুই আসন ক্ৰমে বঙাইগাঁও অগপলৈ আৰু চিডলী ইউপিপিএললৈ বিজেপিয়ে এৰি দিয়াৰ বিপৰীতে বিজেপিয়ে চামগুৰি, বিহালী আৰু ধলাইত নিৰ্বাচন খেলিব। পিচে কোনো এটা সমষ্টিতে কোনো দলে এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই। ইফালে অসমৰ উপ-নিৰ্বাচনৰ লগতে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰো দিন ঘোষণা কৰে নিৰ্বাচন আয়োগে। সেই অনুসৰি মহাৰাষ্ট্ৰত ২০ নৱেম্বৰত আৰু ঝাৰখণ্ডত ১৩ আৰু ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হব। আৰু ২৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা।

You might also like