নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ বজালৈ কাৰ্যালয়ত উপস্থিত নাথাকে ধুবুৰী জনস্বাস্থ্যৰ কাৰ্যালয়ৰ কৰ্মচাৰী

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ মান উৰ্ধমুখী কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আছে সেই সময়ত কিন্তু ধুবুৰীৰ একাংশ চৰকাৰী কাৰ্যালয়ত বহু বিষয়া-কৰ্মচাৰীয়ে চৰকাৰী নিয়মানুসৰি অহিবলগীয়া সময়ত নিজৰ নিজৰ কাৰ্যালয়ত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হ’বলৈ লোৱা পোৱা গৈছে। সেয়াই প্ৰতিপন্ন কৰি আজি ধুবুৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হোৱা এটি সাংবাদিকৰ দলে দিনৰ প্ৰায় ১১ বজালৈ অনুপস্থিত থকা পায় কাৰ্যালয়টোৰ বহু কৰ্মচাৰীকে ধৰি খোদ কাৰ্যালয়টোৰ মুৰব্বী তথা কাৰ্যবাহী অভিযন্তাগৰাকীকো। অৱশ্যে সাংবাদিকৰ উপস্থিতিৰ খৱৰ পাই একাংশ কৰ্মচাৰীয়ে ল’ৰা-লৰিকৈ কাৰ্যালয়টোত উপস্থিত হয়। ইপিনে দিনৰ প্ৰায় ১১টা মান বজাত উপস্থিত হোৱা কাৰ্যালয়টোৰ কাৰ্যবাহী অভিযন্তা ছফিউৰ ৰহমান মোগলে বিলাসীপাৰা আৰু ধুবুৰীৰ দুটাকৈ জেজেএম আঁচনি পৰিদৰ্শন কৰিবলৈ যোৱা বাবেই আজি কাৰ্যালয়ত উপস্থিত হোৱাত পলম হোৱা বুলি সাংবাদিকৰ সন্মুখত যুক্তি প্ৰদৰ্শন কৰে। কিন্তু তাৎপৰ্য্যপূৰ্ণভাবে সাংবাদিকৰ প্ৰশ্নত বিষয়াগৰাকীয়ে দিয়া কোন দুটা আঁচনি পৰিদৰ্শন কৰিবলৈ গৈছিল তাৰ স্পষ্ট উত্তৰ দিবলৈ বিফল হয়। ফলত স্বাভাবিকভাবেই প্ৰশ্ন যে সুস্থ কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট নিৰ্দেশনাকো কেৰেপ নকৰে নেকি ধুবুৰীৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে!

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like