নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ : গ্ৰাম্য আৰু নগৰাঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিভাশালীসকলক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা । ৰাজ্যৰ আন ঠাইৰ লগতে গ্ৰাম্য আৰু চহৰাঞ্চলৰ সুপ্ত সাংস্কৃতিক প্ৰতিভাসমূহ বিকাশৰ উদ্দেশ্যে অঞ্চলবিশেষে অনুষ্ঠিত জোনাই বিধানসভা পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰামৰ সোমবাৰে নিশা সামৰণি পৰে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ লক্ষ্যৰে ৰাজ্যজুৰি অনুষ্ঠিত এই অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জোনাই বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় । জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩২টা গাঁও পঞ্চায়তৰ জনগোষ্ঠীয় নৃত্য, বিহু, ভূপেন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত, জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত মুঠ তিনি শতাধিকৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলে ধেমাজি জিলা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰামত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব । উল্লেখযোগ্য যে ২৩ ডিচেম্বৰত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুবন পেগুৱে ৷ উপস্থিত থাকে অতিৰিক্ত জিলা আয়ুক্ত তথা সাংস্কৃতিক মহাসংগ্ৰামৰ নডেল বিষয়া সঞ্জীৱ কুমাৰ ফুকন, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য যগেশ্বৰ কুটুম, নৰেশ কুম্বাং, জিলা পৰিষদ অতুল পেগু, মূৰ্কংচেলেক ব্লক উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দ্ৰমা দাস, পূব জোনাই বিজেপিৰ সভাপতি আদিত্য বৰুৱা, গণশক্তি, অসমৰ সভাপতি মূলাকান্ত পেগু, টাকাম মিচিং পৰিণ কৌবাঙৰ উপদেষ্টা ৰাজকুমাৰ মৰাঙৰ লগতে পঞ্চায়ত প্ৰতিনিধি তথা বহু গণ্যমান্য লোক উপস্থিত থাকে ৷
প্ৰেৰক কৰবী দলে