নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিয়াত দশম শ্ৰেণীৰ কিশোৰীৰে হাবেজৰ কু-কৰ্ম

🔹 অভিযুক্তক জে’ল হাজোতলৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰ : বৰপেটাৰ মন্দিয়াত মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড সংঘটিত হৈছে। এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক উপৰ্যুপৰি ধৰ্ষণ হাবেজ আলী নামৰ এক লম্পটৰ । ঘটনাত জড়িত হাবেজ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । উল্লেখযোগ্য যে ৪ অক্টোবৰত দিনৰ ভাগত দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ পৰীক্ষাৰ পিছত ৰাস্তাৰ পৰা হাবেজ আলীয়ে ফুচুলাই নি মন্দিয়াস্থিত কাদেৰ ডাক্তৰৰ বিল্ডিঙৰ প্ৰথম মহলাত থকা বন্ধুৰ হোটেলত এই জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে । ঘটনাৰ পিছতে নাবালিকা ছোৱালীগৰাকী অচেতন হৈ পৰে । ফলত বিগত চাৰি দিনে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে নাবালিকা ছোৱালীগৰাকী। দীৰ্ঘদিনে উক্ত বন্ধুৰ হোটেলখনত এনে অনৈতিক কাৰ্যকলাপ চলি অহাৰ অভিযোগ উত্থাপন হৈছে। পূৰ্বেও হোটেলখনত এনে অনৈতিক কাৰ্যকলাপ ধৰাত পৰাত আৰক্ষীয়ে বন্ধ কৰিছিল যদিও পুনৰ হোটেলখন খুলি চলাই গৈছে এনে অসামাজিক কাৰ্যকলাপ। ইতিমধ্যে বাঘবৰ আৰক্ষী থানাৰ Baghbar ps c/no 56/24 u/s 137(2)/3(5)BNS R/W Sec 6 of pocso act 2012 কেচ পঞ্জীয়ন কৰি হাবেজ আলীক জে’ল-হাজোতলৈ প্ৰেৰণ কৰে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like