বিশেষ বাৰ্তা, ২৫ মাৰ্চ : এগৰাকী কিশোৰী পৰীক্ষাৰ্থীক অশালীন ইংগিত দি বিতৰ্কত সুমাই পৰা নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বটদ্ৰৱা শ্ৰীশ্ৰীশংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজীৱ কুমাৰ কলিতাক অৱশেষত শিক্ষা বিভাগে নিলম্বন কৰে। জিলা সংমণ্ডল বিদ্যালয় সমুহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে জাৰি কৰা IS/NDC/APP/SUS/2025/701 নম্বৰ এক জৰুৰী নিৰ্দেশ যোগে পৰীক্ষা কেন্দ্ৰ পৰিচালনাৰ তত্বাৱধায়কৰ দায়িত্বত থকা শিক্ষকগৰাকীক নিলম্বন কৰে। উল্লেখ্য যে ২৬ ফেব্ৰুৱাৰীত বিদ্যালয়খনৰ এগৰাকী ছাত্রীয়ে ৰাজীৱ কলিতা নামৰ শিক্ষকজনৰ বিৰুদ্ধে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ চুড়ান্ত পৰীক্ষাত সহায় কৰাৰ প্ৰলোভনেৰে অশালীন ইংগিত দিয়াৰ অভিযোগ তুলি বিদ্যালয়খনৰ অধ্যক্ষক লিখিত অভিযোগ পত্ৰ দাখিল কৰিছিল। সেই অনুসৰি বিষয়টো সন্দৰ্ভত বিদ্যালয় সমিতিয়ে লোৱা সিদ্ধান্ত মৰ্মে জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শকক শিক্ষক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছিল। পৰৱৰ্তী সময়ত বিদ্যালয় পৰিদৰ্শকগৰাকীয়ে শিক্ষক গৰাকীক পৰীক্ষা কেন্দ্ৰৰ সকলো দায়িত্বৰ আতৰাই দিয়াৰ লগতে IS/NDC/APP/SUS/2025/517 Dtd. 01/03/2025 নম্বৰৰ নিৰ্দেশ মৰ্মে শিক্ষকজনৰ ওপৰত কিয় শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব ইয়াৰ উত্তৰ বিচাৰি লিখিত কৈফিয়ৎ বিচাছিল যদিও বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা ৰহস্যজনক কাৰণত বিৰত আছিল। যাৰ বাবে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনকি, এই সন্দৰ্ভত ছপা মাধ্যমত সবিস্তাৰে বাতৰি পৰিৱেশন হৈছিল। অৱশেষত বাতৰিৰ প্ৰতিক্ৰিয়া হিচাপে বিদ্যালয় পৰিদৰ্শকে বিতৰ্কিত শিক্ষকগৰাকীক নিলম্বন কৰে।
প্ৰেৰক কনক হাজৰিকা