নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত তিনিচুকীয়াত চুলাইৰ বিৰুদ্ধে তীব্ৰ অভিযান

বিশেষ বাৰ্তা, ১০ জুলাই : কাৰ্যবাহী দণ্ডাধীশ তথা ডুমডুমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰন্ময় ভৰদ্বাজৰ নেতৃত্বত  আবকাৰী তথা আৰক্ষী বিভাগ আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনীৰ ৬৮ বেটেলিয়নৰ  এটি দলে আজি পুৱা লাইনা গাঁৱত অবৈধ চুলাইৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই কেইবাটাও চুলাইৰ ঘাটি নষ্ট কৰে। প্ৰাপ্ত তথ্য অনুসৰি, গাঁওখনৰ প্ৰায় ৪০টাতকৈ অধিক বাসগৃহত অভিযান চলাই ৩৫ হাজাৰ লিটাৰ অবৈধ চুলাই জব্দ কৰি ঠাইতে বিনষ্ট কৰা হয়। ইয়াৰ উপৰি অভিযান কালত বুজন পৰিমাণৰ চুলাই বনোৱা সামগ্ৰী  আৰু সা-সঁজুলি জব্দ কৰি নষ্ট কৰা হয়।
প্ৰেৰক বিবেক বড়া
You might also like