নিয়মীয়া বাৰ্তা, ১৪ মে’ : বৰপেটাৰ বাঘবৰৰ বৃহত্তৰ মন্দিয়া এলেকাত সম্প্ৰতি ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ পথচাৰীৰ লগতে স্কুল-কলেজীয়া শিক্ষাৰ্থী। শেহতীয়াকৈ মন্দিয়া বজাৰত উদণ্ড চালকৰ দ্বাৰা সংঘটিত কেইবাটাও দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত বাঘবৰৰ কাৰ্যবাহী দণ্ডাধীশ তথা ৰাজহ চক্ৰ বিষয়া সোণবৰ চুতীয়াই মন্দিয়া এলেকাত ট্ৰেক্টৰ আৰু ডাম্পাৰ চলাচল কৰাৰ ক্ষেত্ৰত এক কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। বিশেষকৈ মন্দিয়া বজাৰ এলেকাত পুৱা ৭ বজাৰ পৰা আবেলি ৩:৩০ বজালৈ ট্ৰেক্টৰ আৰু ডাম্পাৰৰ চলাচল বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। সমান্তৰালকৈ মন্দিয়া আৰক্ষী চকীৰ পৰা ভেলেঙী নদীৰ দাপনাসিং দলঙলৈ যোৱা পথছোৱা আৰু মন্দিয়া বজাৰৰ ভেলেঙী নদীৰ ঠেক দলঙৰ পৰা দিঘীৰপাৰ সংযোগী পথৰ ১নং দলঙলৈ যোৱা উক্ত নিৰ্ধাৰিত পথসমূহত ট্ৰেক্টৰ-ডাম্পাৰৰ চলাচল সম্পূৰ্ণ নিষিদ্ধ কৰিছে। আনহাতে, প্ৰশাসনে আৰোপ কৰা উপৰিউক্ত পথ নিৰ্দেশাৱলী ট্ৰেক্টৰ তথা ডাম্পাৰচালকে উলংঘা কৰিলে চালক তথা গাড়ীৰ বিৰুদ্ধে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আইনগত ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লৈছে। দণ্ডাধীশগৰাকীয়ে জাৰি কৰা নিৰ্দেশ পত্ৰখনৰ নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰিবলৈ এখন প্ৰতিলিপি মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ প্ৰেৰণ কৰে। বাঘবৰৰ কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে গ্ৰহণ কৰা এনে পদক্ষেপক এতিয়া সকলোৱে শলাগিছে ।
প্ৰেৰক আব্দুল আজিজ আহমেদ