নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাজানৰ শ্লুইচ গেট সম্পূৰ্ণকৈ খুলি দিয়াৰ দাবী কৃষকৰ

🔹 অভিযন্তাৰ পৰিস্থিতি পৰ্যবেক্ষণ

মহানগৰ বাৰ্তা, ১ ডিচেম্বৰ : অসম চৰকাৰ আৰু ভাৰতীয় সেনাৰ যৌথ উদ্যোগত ১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ শৰাইঘাট যুদ্ধৰ স্মৃতিত দীপৰ বিলত অনুষ্ঠিত হৈছিল জলক্ৰীড়া মহোৎসৱ । সেই মহোৎসৱত দীপৰ বিলত নাও ভালকৈ চলাচল কৰাৰ সুবিধাৰ বাবে বিলখনত পানী জমা কৰি ৰাখিবৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগে ১৫ আগষ্টৰ পৰা বন্ধ কৰি ৰাখিছিল দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ শ্লুইচ গেট। শ্লুইচ গেটখন বন্ধ কৰি ৰখাৰ ফলত দীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্যত বাধা আহি পৰাৰ লগতে বিলৰ পানীভাগ ওফন্দি থকা বাবে বিলত খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীৰ চলন-ফুৰণত বাধাৰ সৃষ্টি হৈছিল। সেই সময়ত দীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ হকে মাত মাতি অহা অগ্ৰণী প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠন দীপৰ বিল সুৰক্ষা মঞ্চকে ধৰি বিভিন্ন দল-সংগঠনে প্ৰকৃতিবিৰুদ্ধভাৱে খানাজানৰ শ্লুইচ গেট বন্ধ কৰি বিলখনক মৃত্যুমুখলৈ ঠেলি দিয়াটো যুক্তিসংগত হোৱা নাই বুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই প্ৰতিবাদৰ পাছত চৰকাৰে দীপৰ বিলত জলক্ৰীড়া মহোৎসৱৰ সামৰণিৰ পাছতেই শ্লুইচ গেট খুলি দিয়া হ’ব বুলি ঘোষণা কৰা হৈছিল। লক্ষণীয়ভাৱে মহোৎসৱৰ দুদিন পাছতেই জলসম্পদ বিভাগে শ্লুইচ গেটখন মাত্ৰ আংশিকভাৱে খুলি দিয়ে। ফলত এতিয়াও পূৰ্বৰ দৰে বিলৰ পানী খানাজানেৰে ভালকৈ ওলাই যাব নোৱাৰাত বিলৰ উত্তৰ দিশৰ বৃহত্তৰ খানামুখ, দক্ষিণ দিশৰ চকৰদৌ, দেওচতাল, পূব দিশৰ তেতেলিয়া, পশ্চিম দিশৰ আজাৰা অঞ্চলৰ খেতিৰ মাটিসমূহ এতিয়াও পানীৰ তলত আছে। সাধাৰণতে এই সময়ত অঞ্চলটোৰ কৃষকসকলে সেই মাটিত সৰিয়হ, আলু, কবি, শাক-পাচলিকে ধৰি বিভিন্ন ঋতুকালীন খেতি কৰি পৰিয়াল ভৰণ পোষণ দি আহিছিল। কিন্তু খানাজানৰ শ্লুইচ গেটখন মাত্ৰ ৩০ শতাংশমান অৰ্থাৎ আংশিকভাৱেহে খুলি দিয়াত বেছিভাগ খেতিৰ মাটিয়ে এতিয়াও জলমগ্ন হৈ আছে। যাৰ বাবে কৃষকসকলে গৰু বা পাৱাৰ টিলাৰৰে এতিয়াও হাল বাব বা চহ কৰিব পৰা নাই। শীঘ্ৰেই যদি শ্লুইচ গেট সম্পূৰ্ণকৈ খুলি দিয়াৰ ব্যৱস্থা নকৰে তেন্তে দীপৰ বিলৰ দাঁতিকাষৰীয়া অঞ্চলৰ কেইবাশ বিঘা মাটি এইবেলি ছন পৰি ৰোৱাৰ আশংকা আছে। ইফালে, ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে জলসম্পদ বিভাগৰ পশ্চিম গুৱাহাটী সংমণ্ডলৰ ফালৰ পৰা চাৰে তিনি মাহৰো অধিক দিন খানাজানৰ শ্লুইচ গেটখন বন্ধ কৰি ৰখাৰ বাবে শ্লুইচ গেটৰ ওপৰৰে অহা-যোৱা কৰা পূব ধাৰাপুৰ আৰু গাড়ীগাঁও সংযোগী পথটোৰ লগতে তাৰ সমীপৰ খানাজানৰ দুয়োফালে থকা পথ দুটাৰ যাতে পানীৰ হেঁচা বা চাপত কোনো ধৰণৰ হানি-বিঘিনি নহয়, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। জলসম্পদ বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, পশ্চিম গুৱাহাটী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দ্বীপেন শৰ্মাৰ নেতৃত্বত পশ্চিম গুৱাহাটী উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা তপন কলিতা, সহকাৰী অভিযন্তা নৰেন মালী, কনিষ্ঠ অভিযন্তা ৰূপক দাসসহ এটা কৰ্মচাৰীৰ দলে গাড়ীগাঁৱত থকা বিভাগৰ শিবিৰত বাহৰ পাতি পৰিস্থিতিৰ অহৰহ পৰ্যবেক্ষণ কৰি থকা পৰিলক্ষিত হৈছিল। ইফালে, শ্লুইচ গেটখনৰ উত্তৰ দিশত প্ৰায় ১০০ মিটাৰ মান নিলগত খানাজানত যি অলপ-অচৰপ খহনীয়া হৈছে, তাৰ সৈতে শ্লুইচ গেটখন বন্ধ ৰখাৰ কোনোধৰণৰ সম্পৰ্ক নাই বুলি কাৰ্যবাহী অভিযন্তা দ্বীপেন শৰ্মাই সদৰী কৰিছে।

প্ৰেৰক অমল কলিতা

You might also like