নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিঘাই বিঘাই পকা ধাননি গৰুক খুৱালে কৃষকে

🔹 ধানৰ সলনি ওলাল পতান

🔹 ঢকুৱাখনাৰ পথাৰত কৃষকৰ হুমুনিয়াহ

নিয়মীয়া বার্তা, ২২ অক্টোবৰ : ঢকুৱাখনাৰ পথাৰত শ শ কৃষকৰ হাহাকাৰ। যেন পোকে খালে সপোনৰ বীজ। বছৰটোলৈ বুলি কৰা হেঁপাহৰ ধাননিডৰাত এতিয়া ধানৰ সলনি ওলাইছে পতান। বহু আশাৰে পথাৰত কৰা ধান খেতিত যেতিয়া ধানৰ সলনি পতান ওলায়, তেতিয়া একোজন কষ্টসহিষ্ণু কৃষক বা খেতিয়কৰ বাবে তাতোকৈ দুৰ্ভাগ্যজনক কথা একোৱেই হ’ব নোৱাৰে। কাৰ্যত: এনে অতি দুৰ্ভাগ্যজনক ঘটনাই ঘটিছে ঢকুৱাখনাৰ সোণাৰি চাপৰি কৃষি চক্ৰৰ অন্তৰ্গত খামনমুখ পথাৰত। অতি কষ্টেৰে কৰা হেঁপাহৰ ধাননিডৰাত কৃষকে মেলি দিছে গৰু। অঞ্চলটোৰ কৃষকসকলে শ শ বিঘা মাটিত কঁপালৰ ঘাম মাটিত পেলাই কৃষকে কৰিছিল শালি ধানৰ খেতি।কিন্তু খেতিডৰাত ধানৰ পৰিৱৰ্তে কেৱল পতান দেখি কৃষকসকলে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। অঞ্চলটোৰ বিশাল পথাৰৰ খেতিডৰা চাই এতিয়া চকুলো টুকিছে কৃষকে।প্ৰতিজন কৃষকৰ মূৰত সৰগ ভাগি পৰিছে। কাৰণ,তেঁওলোকে ধাৰ-ঋণ লৈ বহু কষ্টেৰে কৰা খেতিডৰাত এতিয়া ধান নাই, ধানৰ সলনি বিঘাই বিঘাই পথাৰত এতিয়া ওলাইছে পতান। উল্লেখ্য যে একমাত্ৰ কৃষিকৰ্মৰেই পৰিয়াল পোহপাল দিয়া সোণাৰি চাপৰি কৃষিচক্ৰৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে পূৰ্বৰ দৰেই বছৰটোলৈ বুলি কৰিছিল শালি ধানৰ খেতি। শালি ধানৰ খেতিডৰা লহপহকৈ বাঢ়ি সুন্দৰ থোক মেলিলে । পিছে ধাননিডৰাত নিজৰ কষ্টৰ ফচল চপাবলৈ গৈ ফচলৰ সলনি কৃষকে লাভ কৰিলে মাথোঁ পতান ৷ এই ঘটনা দেখি এতিয়া কৃষকসকলে কি কৰিব অথবা বছৰটো কেনেকৈ ঘৰ-সংসাৰ চলাব, তাকে লৈ বিপাঙত পৰিছে ৷ ইফালে, সপোন ৰচা খেতিডৰাত উপায়হীন হৈ ধান গৰু-ছাগলীক খাবলৈ দিব লগা হৈছে কৃষকসকলে। জলসিঞ্চনৰ কোনো সুবিধা নোহোৱা অঞ্চলটোত বিসংগতিপূৰ্ণ বীজৰ বাবেই নে গান্ধী পোকৰ বাবেই এইদৰে পথাৰত ধানৰ সলনি পতান ওলাইছে, সেই কথাৰ উৱাদিহ বৰ্তমানলৈকে পোৱা নাই কৃষকে। ইফালে, কৃষকৰ এনে আলৈ-আথানিৰ পিছতো খবৰ নাই কৃষকৰ হিতাৰ্থে কাম কৰিম বুলি শপত লৈ ৰাজকোষৰ দৰমহা লৈ বহি থকা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ। সম্প্ৰতি উপায়হীন হৈ ক্ষতিগ্ৰস্ত কৃষকসকলে পৰিস্থিতিলৈ চাই কৃষিমন্ত্ৰী অতুল বৰাক ক্ষতিপূৰণৰ বাবে আহ্বান জনাইছে ৷ এই ক্ষেত্ৰত কৃষি বিভাগে এই দুখীয়া কৃষকসকলক কেনেদৰে ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like