নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ৰমজানৰ ৰোজা আৰম্ভ

🔹 কেন্দ্রীয় হিলাল কমিটীৰ ঘোষণা

বিশেষ বাৰ্তা, ১ মাৰ্চ : ২ মার্চৰ পৰা আৰম্ভ হ’ব ৰমজানৰ ৰোজা৷ এই কথা ঘোষণা কৰিছে কেন্দ্রীয় হিলাল কমিটী, অসমে৷ কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত কেন্দ্রীয় হিলাল কমিটী, অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদকপ্রধান আলহাজ ইমদাদ হুছেইনে কয় যে কালি সন্ধিয়া অসম, উত্তৰ–পূর্বাঞ্চল তথা দেশৰ অন্যান্য অংশতো ৰমজান মাহৰ জোন দেখা নগ’ল৷ সেয়েহে অহা ২ মার্চৰ পৰা প্রথম ৰমজানৰ ৰোজা আৰম্ভ হ’ব৷ কেন্দ্রীয় হিলাল কমিটী, অসমৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰমজানৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like