নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী : ভোগালীৰ উৎসাহৰ মাজতে চৰাইদেউ জিলাৰ সাপেখাতীত সংঘটিত হ’ল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ জিলাখনৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত ১নং কঠীয়া খুন্দাৰ নৱজ্যোতি গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। জানিব পৰা মতে, বিহুৰ উৰুকাৰ দিনা পুত্ৰ সুনীল দাসে (২৯) সুৰাৰ ৰাগিত মাতাল হৈ নিজ গৃহলৈ গৈছিল। পাৰিবাৰিক ক্ষেত্ৰত পুত্ৰ সুনীল দাস আৰু পিতৃ কমল দাসৰ মাজত প্ৰথম অৱস্থাত বাকবিতণ্ডা লাগি সুনীল দাসে নিজৰ দুচকীয়া বাহনখন জ্বলাই দিয়াৰ লগতে ঘৰৰ আচবাব ভাঙি পেলায়। পুত্ৰৰ এনে কাণ্ড দেখি ঘৰৰ পৰা কিছু সময়ৰ বাবে আঁতৰি যায় পিতৃ কমল দাস। পৰৱৰ্তী সময়ত ঘৰলৈ অহাত পিতা-পুত্ৰৰ মাজত মাৰপিট আৰম্ভ হয় বুলি সংবাদ মাধ্যমক অৱগত কৰে সুনীল দাসৰ পত্নীয়ে। পৰৱৰ্তী সময়ত সুনীল দাসে লাঠীৰে মৰিয়াই অতি জঘন্যভাৱে হত্যা কৰে নিজ পিতৃক। পুৱা সুনীল দাসৰ পত্নীয়ে কমল দাসৰ মৃতদেহ তেজেৰে ৰাঙলী হৈ মাটিত পৰি থকা প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ উপস্থিত হয় ঘটনাস্থলীত। গাঁওৰক্ষী বাহিনীয়ে সাপেখাতী আৰক্ষী থানাত অৱগত কৰাত সাপেখাতী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেকিবুদ্দিন আহমেদসহ এটা দলে উক্ত স্থানত উপস্থিত হৈ হত্যাকাৰী পুত্ৰ সুনীল দাসক আটক কৰে। পৰৱৰ্তী পৰ্যায়ত দণ্ডাধীশ বিশ্বজিৎ বৰাৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
প্ৰেৰক ৰাজীৱ কলিতা