নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা পত্নী মোবাইল ফোনত ব্যস্ত, পিতৃয়ে দাৰে ঘপিয়ালে এবছৰীয়া পুত্ৰক

🔹 চৰাইদেউ জিলাৰ সোণাৰিত লোমহৰ্ষক হত্যাকাণ্ড

নিয়মীয়া বাৰ্তা, ১৮ জুন : চৰাইদেউ জিলাৰ সোণাৰিত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। পিতৃয়ে দাৰে ঘপিয়াই হত্যা কৰিলে এবছৰীয়া পুত্ৰ সন্তানক। স্বামী-পত্নীৰ কাজিয়াৰ পৰিণতিত নিজ এবছৰীয়া পুত্ৰ সন্তানক হত্যা কৰিলে পিতৃ বিসু তাঁতীয়ে। সোণাৰিত এবছৰীয়া পুত্ৰক মাতৃৰ কোলাতে পিতৃয়ে দাৰে ঘপিয়াই হত্যা কৰে । এই ঘটনা সংঘটিত হয় চৰাইদেউ জিলাৰ টঙীয়া গাঁৱত । নিশা পত্নীয়ে মোবাইল ফোনত কথা পাতি থকা দেখি খঙত অগ্নিশৰ্মা হৈ হিতাহিত জ্ঞান হেৰুৱাই এখন চোকা দাৰে আক্ৰমণ কৰাত পত্নীৰ কোলাত থকা শিশুটিৰ মূৰত দাৰ ঘাপ লাগি ঘটনাস্থলীতে মৃত্যু হয় শিশুটিৰ। বিসু তাঁতীয়ে পত্নীৰ ওপৰত সন্দেহ কৰি এই অঘটন সংঘটিত কৰা বুুলি জানিব পৰা গৈছে। অৱশ্যে মহিলাগৰাকীয়ে ভায়েকৰ লগত ফোনত কথা পাতি থকা বুলিহে উল্লেখ কৰিছে। ইতিমধ্যে হত্যাকাণ্ডত জড়িত পিতৃক গ্ৰেপ্তাৰ কৰিছে চৰাইদেউ আৰক্ষীয়ে। ইফালে, আহত পত্নী চৰাইদেউ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

প্ৰেৰক আব্দুল জাব্বাৰ

You might also like