🔹 বড়োলেণ্ড শান্তি মিছনৰ মটৰ চাইকেল ৰেলী
নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : বিটিআৰ শান্তি চুক্তিৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে আজি বিটিআৰ এলেকাৰ বিভিন্ন স্থানৰ লগতে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত মটৰচাইকেল ৰেলী উলিওৱা হয় ৷ বিটিআৰ শাসনাধিষ্ঠিত ইউপিপিএল দলৰ ফকিৰাগ্ৰাম ব্লক কমিটীৰ উদ্যোগত পুৱা দহ বজাত কেইবাশ দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকে মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰে৷ বিদ্যাধৰ ব্ৰহ্ম চৌধুৰী ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ সমন্বয়কগৰাকীয়ে ফকিৰাগ্ৰাম থানা সংলগ্ন পথাৰৰ পৰা আনুষ্ঠানিকভাবে মটৰচাইকেল ৰেলী উদ্বোধন কৰি কয়- বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বত সম্পন্ন হোৱা বড়ো চুক্তিৰ পিছতে বিটিআৰ এলেকাত শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-সম্প্ৰীতি অধিক মজবুত হোৱাৰ উপৰি উন্নয়ন দ্ৰুতগতিত আৰম্ভ হৈছে৷ কিন্তু বিগত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰৰ সোতৰ বছৰীয়া কাৰ্যকালত হত্যা-হিংসা, অপশাসন আদিৰ ফলত ৰাইজৰ মাজত মিলাপ্ৰীতি আৰু ঐক্য আৰু ভাতৃত্ববোধ নোহোৱা হৈছিল বুলিও অভিযোগ তোলে । আজিৰ ৰেলীত ইউপিপিএল দলৰ জিলা আৰু ব্লক পৰ্যায়ৰ কেইবাজনো নেতা উপস্থিত থাকে ।
প্ৰেৰক কৃষ্ণ বৰ্মন