বিশেষ বাৰ্তা, ২৩ মে’ : শিৱসাগৰ জিলাৰ বানমুখ চুতীয়া গাঁৱত বানমুখ চুতীয়া গাঁৱৰ মহিলা সমাজ আৰু বানমুখবাসী ৰাইজৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে শিক্ষাবন্ধুৰ পঞ্চম বাৰ্ষিক শিশু গ্ৰন্থমেলাখনি ১৭, ১৮, ১৯ মে’ত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা গ্ৰন্থমেলাৰ দুৱাৰ মুকলি কৰে উদযাপন সমিতিৰ সম্পাদিকা অঞ্জুমণি চুতীয়াই, ইয়াৰ পাছতেই বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন কৰে চুপুহা সত্ৰৰ ডেকা সত্ৰীয়া জীতেন মহন্তই। বন্তি প্ৰজ্বলনৰ পিছতে শিক্ষাবন্ধুৰ পতাকা উত্তোলন কৰে শিক্ষাবন্ধুৰ সভাপতি নিৰৱ বাইলুং আহোমে। পতাকা উত্তোলনৰ পিছতেই প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে চুপুহা সত্ৰৰ ডেকা সত্ৰীয়া অনিল মহন্তই। পত্ৰিকা উন্মোচন কৰাৰ পিছতে গ্ৰন্থমেলাৰ মঞ্চ মুকলি কৰা হয়। মুকলি কৰে বানমুখ চুতীয়া গাঁৱৰ শিশুসকলৰ দিহানামেৰে। ইয়াৰ পিছতে চিত্ৰাংকন, শব্দ লিখা, শব্দ উচ্চাৰণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ পিছতে “বৰ্তমান শিক্ষা ব্যৱস্থা প্ৰতিযোগিতা নে জ্ঞান লাভৰ অনুষ্ঠান” শীৰ্ষক এক আলোচনা-চক্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে ড০ সীমান্ত বৰুৱা, ড০ কিশোৰ দেউৰী, মঞ্জুমালা শৰ্মা। আলোচনা-চক্ৰৰ আঁত ধৰে শিক্ষাবন্ধুৰ সভাপতি নিৰৱ বাইলুং আহোমে। আলোচনা-চক্ৰৰ পিছতে শিক্ষাবন্ধুৰ বৰ্ষশ্ৰেষ্ঠ বঁটা প্ৰদান কৰা হয়। ২০২৫ বৰ্ষৰ শিক্ষাবন্ধুৰ বৰ্ষশ্ৰেষ্ঠ শিক্ষক সন্মান প্ৰদান কৰা হয় জংঘল ব্লক হাইস্কুলৰ সহ: শিক্ষক নগেন গগৈক। বৰ্ষশ্ৰেষ্ঠ সাংস্কৃতিক সাধক সন্মান জ্যেষ্ঠ সংগীত শিল্পী হেম শইকীয়াক প্ৰদান কৰা হয়। বৰ্ষশ্ৰেষ্ঠ সমাজ সংগঠক সন্মান প্ৰদান কৰা হয় দুৰ্ভগীয়াৰ বন্ধু মিষ্টাৰ বিটুক। বৰ্ষশ্ৰেষ্ঠ কৃষক সন্মান প্ৰদান কৰা হয় প্ৰগতিশীল কৃষক বাঢ়ৈটিং গাঁৱৰ পদ্মধৰ চুতীয়াক। ইয়াৰ পিছতে তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক বৰ্ষশ্ৰেষ্ঠ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। প্ৰয়াত স্মৃতি বৰা সোঁৱৰণী বঁটা লাভ কৰে জয়ৰাপাৰৰ প্ৰতীক্ষা দত্তই, প্ৰয়াত চন্দ্ৰ বুঢ়াগোহাঁই সোঁৱৰণী বঁটা লাভ কৰে বাঢ়ৈটিঙৰ কৌস্তভী চুতীয়াই, প্ৰয়াত ৰামচন্দ্ৰ বাইলুং সোঁৱৰণী বঁটা লাভ কৰে দিলিহি গোহাঁই গাঁৱৰ আৰিয়ানা বৰুৱাই। ইয়াৰ পিছতে বিদ্যালয়সমূহৰ সাংস্কৃতিক প্ৰতিযোগিতা আৰম্ভ হয়। ১৭ তাৰিখে সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিদ্যালয়কেইখন ক্ৰমে দিলিহি ধাইআলি উচ্চ মাধ্যমিক বিদ্যালয়, গুৰুকুল, দেওবিল বনুৱা প্ৰাথমিক বিদ্যালয়। ইয়াৰ পিছতে উদযাপন সমিতিয়ে নিমন্ত্ৰণ কৰি অনা বৰ অসম সাংস্কৃতিক গোষ্ঠীৰ অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। বৰ অসমৰ অনুষ্ঠানৰ পিছতে সৰ্প বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিয়ে সজাগতামৃলক বক্তৃতা প্ৰদান কৰে। প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণী অনুষ্ঠান হিচাপে শিশু মুকলি সাংস্কৃতিক অনুষ্ঠান কৰাৰ পিছতে সামৰণি পৰে। ১৭ মে’ত অতিথি হিচাপে মামু দুৱৰা আৰু ৰশ্মিৰেখা বড়া উপস্থিত থাকে। ১৮ মে’ত পুৱা বানমুখ চুতীয়া গাঁৱৰ বৰনামঘৰৰ নামঘৰীয়া চন্দ্ৰ নাথ বড়াই। বন্তি প্ৰজ্বলনৰ পিছতে মঞ্চ উদ্বোধন কৰে দিলিহি গোহাঁই গাঁৱৰ মহিলাসকলৰ দিহানামেৰে। দিহানামৰ পিছতে বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিযোগিতা আৰম্ভ হয়। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বাঢ়ৈটিং উচ্চ মাধ্যমিক বিদ্যালয় আৰু উজ্বলমুখী প্ৰাথমিক বিদ্যালয়ে। সাংস্কৃতিক প্ৰতিযোগিতাৰ পিছতে শিক্ষাবন্ধুৰ সৈতে ৰাইজৰ পৰিচয় আৰু আলাপ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পিছতেই সাম্প্ৰতিক সময়ত শিশুৰ বাবে সমাজকৰ্মীৰ কৰণীয় শীৰ্ষক বিষয়ত ৰাইজ মেল অনুষ্ঠিত কৰা হয়। এই ৰাইজ মেলত অংশগ্ৰহণ কৰে ড০ সুৰেশ ৰাজকোঁৱৰ, সঞ্জীৱ বাইলুং, যাদৱ চাংমায়ে। ৰাইজ মেলৰ পিছতে সাধু কোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সাধু কোৱা প্ৰতিযোগিতাৰ পিছতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ৩২গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষাবন্ধু আৰু মহিলা সমাজৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে শিশুৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। তৃতীয় তথা শিশু গ্ৰন্থমেলাৰ শেষৰ দিনা পুৱা কাৱৈমাৰী সত্ৰৰ সত্ৰাধিকাৰ খগকান্ত মহন্তই বন্তি প্ৰজ্বলন কৰি দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে। বন্তি প্ৰজ্বলনৰ পিছতে বানমুখ চুতীয়া গাঁৱৰ মহিলা সমাজে দিহানামৰে তৃতীয় দিনাৰ মঞ্চ উদ্বোধন কৰে। ইয়াৰ পাছতে জাজিয়লাৰ আইসকলে প্ৰদৰ্শনীমূলক দিহানাম প্ৰৰ্দশন কৰে। দিহানামৰ পিছতে বাঢ়ৈটিং উচ্চ মাধ্যমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ চেমনীয়া বিহু দলটিয়ে হুঁচৰি পৰিৱেশন কৰে। বিহুৰ পিছতে মুকলি সভা অনুষ্ঠিত কৰে। সভাখনত সভাপতিত্ব কৰে বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা প্ৰতিমা বুঢ়াগোহাঁয়ে, সভাখনৰ আঁত ধৰে নিয়মীয়া বাৰ্তাৰ উপ-সম্পাদক প্ৰদীপ গগৈয়ে। সভাপতি অতিথি হিচাপে থাকে দেওবিল বনুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰাজীৱ বুঢ়াগোহাঁই, প্ৰাক্তন সহ: শিক্ষয়িত্ৰী বীণা বুঢ়াগোহাঁই, উজ্বলমুখী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দিতিমণি বুঢ়াগোহাঁই, সহ: শিক্ষক জীৱকান্ত চুতীয়া, সহ: শিক্ষয়িত্ৰী ৰীতা বুঢ়াগোহাঁই, হৰিন্দ্ৰ চুতীয়া, ডম্বৰু চুতীয়াকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মুকলি সভাতেই প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণ কৰা হয়। সভাৰ অন্তত বিশেষ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সাংস্কৃতিক অনুষ্ঠানৰ প্ৰাকক্ষণত স্থানীয় সমাজকৰ্মী অচ্যুত চুতীয়াক বানমুখ চুতীয়া গাঁৱৰ মহিলা সমাজ আৰু উদযাপন সমিতিৰ ফালৰ পৰা বৰ্ষশ্ৰেষ্ঠ সমাজ সংগঠক সন্মান প্ৰদান কৰা হয়। ইয়াৰ পিছতে সাংস্কৃতিক অনুষ্ঠানত পাৰ্থ গগৈ আৰু প্লাৱণ ভূঞাই সংগীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। তিনিদিনীয়া অনুষ্ঠানত বানমুখ চুতীয়া গাঁৱৰ মহিলা সমাজ, যুৱ সমাজ আৰু স্থানীয় লোকৰ সহায়-সহযোগত অনুষ্ঠানটিয়ে সফলতা লাভ কৰে। বানমুখ চুতীয়া গাঁৱৰ মহিলা সমাজ তথা উদযাপন সমিতিৰ সভানেত্ৰী অৰ্পণা মহন্ত আৰু সম্পাদিকা অঞ্জুমণি চুতীয়াই দায়িত্ব গ্ৰহণ কৰি তিনিওটা দিনৰ কাৰ্যসূচীত শিক্ষাবন্ধুক সহযোগিতা আগবঢ়ায় । তিনিওটা দিন পৰিচালনা কৰে শিক্ষাবন্ধুৰ উপদেষ্টা ৰীতা বুঢ়াগোহাঁই আৰু সভাপতি নিৰৱ বাইলুং আহোমে। অনুষ্ঠানত আৰ্থিক, দৈহিক তথা বিভিন্ন কামেৰে সহায় কৰা সকলো ব্যক্তিকে আন্তৰিকতাপূৰ্ণ শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছে সভাপতিয়ে।