নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংখধ্বনি শিল্পী সমাজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা,  ১ ছেপ্টেম্বৰ : নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ আগশাৰীৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান শংখধ্বনি শিল্পী সমাজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ ৩০ আগষ্টত পুৱা পতাকা উত্তোলনকে ধৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে ৩১ আগষ্টত মূল কাৰ্যসূচী অনুষ্ঠিত হয় ৷ দুদিনীয়াকৈ আয়োজন কৰা পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কালি বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰে। চুমকী বৈৰাগীয়ে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানৰ পাঁচগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে প্ৰতিষ্ঠাপক সভাপতি দীপিকা বৰা গায়ন, ফণীন্দ্র নাথ গায়ন, পুলিন হাজৰিকা, বিনোদ ভূঞা আৰু ডিম্বেশ্বৰ গায়নে। পৰৱৰ্তী সময়ত শংখধ্বনিৰ সদস্যসকল ক্ৰমে দূৱৰি শইকীয়া, শতভিষা গায়ন, কাব্যশ্ৰী গায়ন, লুনা গায়ন, কাব্যশ্ৰী কাশ্যপ, ভাস্কর্য পূৰ্ণ গায়ন, হৰ্ষিতা গায়ন আৰু কুঁৱলী শইকীয়াই শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰে । উল্লেখ্য যে পঞ্চম বৰ্ষপূৰ্তিৰ শুভক্ষণত দীপিকা বৰা গায়নৰ কথা আৰু সত্যকাম বৰা, ভাস্কৰ বৰাৰ সুৰেৰে শংখধ্বনিৰ শীৰ্ষ গীতটোৰ শুভ আৰম্ভণি কৰে বিশিষ্ট সাহিত্যক ফণীন্দ্র নাথ গায়নে। গীতৰ শুভাৰম্ভণি কৰাৰ পিছতেই শংখধ্বনিৰ প্ৰায় কুৰিজন সদস্যই গীতটো উপস্থিত ৰাইজৰ আগত পৰিৱেশন কৰে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক বসন্ত বৰা উপস্থিত থাকি নৱপ্ৰজন্মৰ মাজত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়োজনীয়তা তথা নৱপ্ৰজন্মৰ ভূমিকা শীৰ্ষক বক্তৃতা প্ৰদান কৰে। মুখ্য অতিথি হিচাপে ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক বসন্ত বৰাই সভাত উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে নৱপ্ৰজন্মই আধ্যাত্মিক দিশত পৰিপূৰক হোৱা উচিত ৷ আধ্যাত্মিক চিন্তা-চেতনা থকা মানুহ কেতিয়াও বিপদগামী নহয় ৷ উক্ত অনুষ্ঠানতে ভাস্কর্য পূৰ্ণ গায়ন, দূবৰি শইকীয়া, শতভিষা গায়ন আৰু হৰ্ষিতা গায়নৰ সম্পাদনাত হাতে লিখা আলোচনী “শংখধ্বনি” ৰ প্ৰথম সংখ্যা উন্মোচন কৰে পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুলিন হাজৰিকা আৰু কৃষ্ণ গোস্বামীয়ে। গ্ৰামাঞ্চলত প্ৰচাৰবিমুখভাৱে শিক্ষা-সাহিত্য তথা সাংস্কৃতিক ক্ষেত্ৰত আজীৱন সেৱা আগবঢ়াই অহা ব্যক্তিসকলক সমাজৰ আগত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখি আৰম্ভ হোৱা শংখধ্বনি বাৰ্ষিক শিল্পী বঁটা তথা এই বৰ্ষৰ “শংখধ্বনি শিল্পী বঁটা- ২০২৪” প্ৰদান কৰা হয় পুৰণিগুদামৰ সুদক্ষ বায়ন প্ৰফুল্ল গায়নক। উক্ত শিল্পী বঁটাত চেলেং, গামোচা, স্মাৰক, মানপত্ৰৰ লগতে সন্মানজনক মাননি প্ৰদান কৰা হয় ৷ উক্ত অনুষ্ঠানত শংখধ্বনিৰ দ্বাৰা পৰিচালিত সংগীত বিদ্যালয় সাত্ত্বিক কলাকেন্দ্ৰৰ ছাত্র-ছাত্রীসকল ক্ৰমে মৃগাংক শেখৰ ভূঞা, হিমশিখা গায়ন, গাৰ্গী শইকীয়া, ৰিংকুমণি গায়ন, তনুশ্ৰী ৰাজখোৱা, ডিলমি গায়ন, শতভিষা গায়ন, কাব্যশ্ৰী গায়ন, দূবৰি শইকীয়া, হৰ্ষিতা গায়ন, প্ৰাচুৰ্যা কাশ্যপে ভাস্কর্য পূৰ্ণ গায়নৰ তত্ত্বাৱধানত কৃষ্ণ নৃত্য আৰু দশাৱতাৰ নৃত্য প্ৰদৰ্শন কৰে। শংখধ্বনিৰ সম্পাদক জ্ঞানদ্বীপ হাজৰিকাৰ তত্ত্বাৱধানত বিশ্বজিৎ গায়ন, মৃগাংক শেখৰ ভূঞা, দেবাংগৰাজ গায়ন, ভাৰ্গৱ বৰা, ডোঁৱাৰ কল্যাণ শইকীয়া, চাণক্য চৰণ বৰা, কুৱঁলী শইকীয়া, কৌস্তুভ বৈৰাগী, ঐলোক্য গায়ন, তন্ময় গায়ন, চুমিত হাজৰিকা, মানস প্ৰতিম বৰা, ভাস্বত ৰাজ কাশ্যপ, ৰিংকুমণি গায়নে খোল সংগত কৰাৰ লগতে ভাস্কর্য পূৰ্ণ গায়ন, প্ৰিয়ানুজ পৰাশৰে তাল আৰু নীতিশ বৰাই বাঁহী সংগত কৰে। ইয়াৰ লগতে সংগীত পৰিৱেশনত সহযোগিতা কৰে আৰাধনা বৰকাকতি, দৰ্শনা দেৱী, দেৱাশিস শইকীয়া, ভাৰ্গৱ শইকীয়া, গাৰ্গী ভূঞা প্ৰমুখ্যে সদস্যসকলে। অনুপম দেৱনাথৰ তত্ত্বাৱধানত যোগ কেন্দ্রৰ প্ৰায় বিশজন প্ৰশিক্ষাৰ্থী ক্ৰমে হৰ্ষিতা গায়ন, চন্দন বৰা, পুষ্পাঞ্জলি গায়ন, নিদৰ্শনা গায়ন, ভাস্বত ৰাজ কাশ্যপ, বৈশালী ভূঞা, গৰিষ্ঠা ভূঞা, তনুশ্রী শাণ্ডিল্য, দেৱযানী বৰা, হৰ্ষিতা শইকীয়া, বৰণ্যা শইকীয়া, প্ৰত্যয়ৰাজ কাশ্যপ, ধীতাশ্ৰী বৈৰাগী, বন্দিতা বৰা, চিৰস্মান শাণ্ডিল্য, চাণক্য চৰণ বৰা আৰু স্নেহা শইকীয়াই যোগ প্ৰদৰ্শন কৰে। অনুষ্ঠানটোত উপস্থিত থাকি সহযোগিতা আগবঢ়োৱাৰ বাবে পৰিচালনা সমিতিৰ সভাপতি দীপিকা বৰা গায়ন, বৰ্ণালী গায়ন, গীতামণি শইকীয়া, পিংকুমণি বৰাই ৰাইজক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত দীপেন বৈৰাগী, অলক খাউণ্ড, দ্বিজেন্দ্র মোহন শইকীয়া জ্যোতিৰ্ময় গোস্বামী, প্ৰমোদ কুমাৰ শৰ্মা, ডিম্বেশ্বৰ গায়ন, পাৰুল গায়ন, ৰাতুল শৰ্মা, মুনীন্দ্ৰ শইকীয়া, দুলাল শৰ্মাকে ধৰি অঞ্চলৰ বহুসংখ্যক লোক উপস্থিত থাকে।

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like