নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ ভিন্ন স্থানত পঞ্চম “ফচল বীমা সপ্তাহ”ৰ সজাগতা শিবিৰ-সভা

বিশেষ বাৰ্তা, ১ জুলাইঃ ১ জুলাইৰ পৰা ৭ জুলাইলৈ ৰাজ্যজুৰি আৰম্ভ হোৱা পঞ্চম “ফচল বীমা সপ্তাহ”ৰ লগত সংগতি ৰাখি কামৰূপ জিলা কৃষি বিভাগ আৰু এগ্ৰিকালচাৰ ইন্সিওৰেঞ্চ কোম্পানী লিমিটেডৰ উদ্যোগত জিলা কৃষি কাৰ্যালয়ত আজি প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ শুভাৰম্ভণি কৰা হয়। জিলা ন’ডেল বিষয়া ৰুমী গোস্বামী, কেইবাজনো কৃষি উন্নয়ন বিষয়া, ইন্সিওৰেঞ্চ কোম্পানীৰ জিলা সমন্বয়ক ৰবিউল হক, অন্যান্য বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। আজি প্ৰথম দিনটোত কামৰূপ জিলাৰ বেজেৰা আৰু ৰাণী কৃষি উন্নয়ন চক্ৰৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত দুখনকৈ সজাগতা সভা অনুষ্ঠিত হয়। কাইলৈ শুৱালকুছি আৰু গৰৈমাৰীত অনুষ্ঠিত হ’ব আন দুখন সভা। একেদৰে কামৰূপ মেট্ৰ’ কৃষি বিভাগৰ অন্তৰ্গত আজি সোণাপুৰ কৃষি চক্ৰৰ ডিগাৰু গাওঁ পঞ্চায়তত সজাগতা শিবিৰ অনুষ্ঠিত হয়। কাইলৈ ক্ষেত্ৰী কৃষি চক্ৰৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত সভা অনুষ্ঠিত হ’ব। শিবিৰসমূহত যথেষ্টসংখ্যক কৃষকে অংশগ্ৰহণ কৰে। উল্লেখণীয় যে এই ৭ দিনত কামৰূপৰ মুঠ ১৪টা স্থানত আৰু কামৰূপ মেট্ৰ’ৰ মুঠ ৮টা স্থানত সজাগতা শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে। কৃষক ৰাইজক প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা আঁচনিৰ অধীনস্থ জাননীকৃত শস্যসমূহৰ বীমাকৰণৰ জৰিয়তে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আহ্বান জনায় জিলা কৃষি বিষয়া ধীৰেন্দ্ৰনাথ কাৰ্জীয়ে ৷

You might also like