নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ ছেপ্টেম্বৰত ৰাজ্যত পঞ্চায়ত পুনৰ্গঠনৰ চূড়ান্ত তালিকা

বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰঃ অহা ২৬ ছেপ্টেম্বৰত পঞ্চায়ত পুনৰ গঠনৰ চূড়ান্ত তালিকা প্ৰকাশ পাব। আজি এই কথা বিশ্বনাথত  ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। ৰাজ্য ৰাজ্য চৰকাৰে  কাইলে অৰ্থাত ৬ ছেপ্টেম্বৰলৈকে পঞ্চায়ত পুনৰ গঠনৰ বাবে অন্তিম সময় সীমা বান্ধি দিছিল যদিও আৰু কিছুদিন সময়ৰ প্ৰয়োজন হ’ব পঞ্চায়ত পুনৰ গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হবলৈ। ৰাজ্যৰ অধিকাংশ জিলাতে পঞ্চায়ত পুনৰ গঠন প্ৰায় সম্পূৰ্ণ হৈ অধিসূচনা জাৰি কৰিব পৰা পৰিবেশ হৈছে যদিও ৱাৰ্ডসমূহৰ জনসংখ্যা আৰু সীমাৰ ৰূপৰেখা তৈয়াৰ কৰাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হৈছে। দহ দিন সময় অধিক বিচাৰিছো। সেয়ে ১৬ ছেপ্টেম্বৰৰ ভিতৰত পঞ্চায়ত পুনৰ গঠনৰ তালিকা প্ৰকাশ পাব আৰু দহ দিন ওজৰ-আপত্তি নিস্পতিৰ বাবে ৰখা হৈছে ৷ অহা ২৬ ছেপ্টেম্বৰত পঞ্চায়ত পুনৰ গঠনৰ চুড়ান্ত তালিকা প্ৰকাশ পাব  বুলি আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী দাসে। অহা ডিচেম্বৰৰ প্ৰথমাৰ্ধত পঞ্চায়ত নিৰ্বাচন পাতিবৰ  বাবে  প্ৰস্তুতি চলোৱা বুলি মন্তব্য দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে, ৰাজ্যত আটা কেলেংকাৰিৰ অভিযোগ সন্দৰ্ভত যোগান মন্ত্ৰী ৰঞ্জিত দাসে অসমলৈ ১.৩৭ লাখ মেট্ৰিকটন চাউল আহে যদিও আটা আহে ৫ হাজাৰ মেট্ৰিকটন৷ জিলা আয়ুক্তসমূহে ইনডেণ্ট নিদিয়াৰ বাবে আটা কমাই অনা হয় আৰু সেইবাবেই সকলো ৰেচন কাৰ্ড হল্ডাৰে আটা লাভ নকৰে৷ চাউল বিনামূলীয়াকৈ বিতৰণ কৰা হয় যদিও আটা প্ৰতি কেজিত ১০ টকাকৈ ৰেচন কাৰ্ড হল্ডাৰে দিব লাগে৷ বিৰোধী বহু বিধায়কে ভুল ধাৰণা লৈ আছে৷ আমি আগন্তুক দিনত আটা চাউলৰ দৰে ইউ পি এছ মেচিনৰ জৰিয়তে আটা বিতৰণ কৰাৰ পৰিকল্পনা হাতত লৈছো বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

প্ৰেৰক জয়ন্ত বৰা

You might also like