🔹 বৰযাত্ৰীৰ আগমনৰ সময়ত ফুটুওৱা আতচবাজীৰ পৰাই জুইৰ সূত্ৰপাত
নিয়মীয়া বাৰ্তা, ২ মাৰ্চ : ঢকুৱাখনাত এখনৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত অথন্তৰ ঘটে। বিবাহৰ অভ্যৰ্থনা চলি থকাৰ মাজতে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰখামন গাঁৱত শনিবাৰে দুপৰীয়া সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। গাঁওখনৰ গিৰিধৰ পেগু আৰু যমুনা পেগুৰ কন্যাৰ বিবাহৰ অভ্যৰ্থনা চলি থাকোঁতেই অকস্মাত সংঘটিত হয় এই অঘটন।স্থানীয় ৰাইজে জনোৱা অনুসৰি, বৰযাত্ৰীৰ আগমনৰ সময়ত আনন্দ-উল্লাসত ফুটুওৱা আতচবাজীৰ পৰাই জুইৰ সূত্ৰপাত হয়। নিমিষতে জুইৰ শিখাই ছানি ধৰে গিৰিধৰ পেগুৰ খেৰৰ পাকঘৰটো। মুহূৰ্ততে বিবাহ অনুষ্ঠানত উপস্থিত অতিথিৰ মাজত হুৱাদুৱা লাগে। অগ্নিকাণ্ডৰ ফলত ঘৰৰ ভিতৰত থকা সকলো সা-সামগ্ৰীৰ লগতে বিবাহ অনুষ্ঠানৰো কিছু সা-সামগ্ৰী ভস্মীভূত হয়। বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত ৰাইজৰ প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণ হয় আৰু বহু সময়ৰ পাছত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপণ কৰে। অগ্নিকাণ্ডৰ ফলত ১০ লক্ষাধিক সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হয়।
প্ৰেৰক পুলকজ্যোতি বৰা