নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত কামৰূপ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰথম কাৰ্য্যনিৰ্বাহক সভা

নিয়মীয়া বাৰ্তা, ৯ জুলাই : সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা আজি ৰঙিয়াৰ বালিসত্ৰত সম্পন্ন হয়। কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়াৰ বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সস্থাৰ উদ্যোগত ক্ৰীড়া সন্থাৰ কাৰ্য্যালয় প্ৰাংগণত আয়োজন কৰা হয় পুথিভঁৰাল সন্থাৰ প্ৰথম কাৰ্য্যনিৰ্বাহক সভাখন। পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ সভাপতি অনিল চন্দ্ৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে জিলা সমিতিৰ সম্পাদক অচ্যুতানন্দ কলিতাই। সভাত চা-চিনাকি পৰ্বৰ পিছতে সভাৰ শুভাৰম্ভ হয়। সভাত বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সংস্থাৰ সভাপতি বিপিন চন্দ্ৰ গোস্বামী; কামৰূপ জিলা সাংবাদিক সন্থাৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ ডেকা; সমাজ সংগঠক মানবেন্দ্ৰ কুমাৰ শৰ্মা; সুশীল চন্দ্ৰ ডেকা, তিলক কুমাৰকে ধৰি বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে। সভাৰ কাৰ্য্যক্ৰমণিকা অনুসৰি সভাত কামৰূপ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থা গঠন আৰু ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য তথা সামাজিক-বৌদ্ধিক কাৰ্য্যব্যৱস্থাৰ ওপৰত আলোকপাত কৰে ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক মিলন কুমাৰ দাসে। সভাতেই কামৰূপ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ আধৰুৱা পদফুলিকেইটা পূৰ্ণ কৰা হয়। আজিৰ সভাত জিলা সমিতিৰ উপ-সভাপতি হিচাপে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ ডেকাক; সাংগঠনিক সম্পাদক হিচাপে সুশীল চন্দ্ৰ ডেকাক; প্ৰচাৰ সম্পাদক হিচাপে ৰমেশ শৰ্মাক; কাৰ্য্যনিৰ্বাহক সদস্য হিচাপে মানৱেন্দ্ৰ কুমাৰ শৰ্মাক মনোনীত কৰি সমিতিখনৰ পূৰ্ণাংগ ৰূপ দিয়া হয়। সভাত নৱগঠিত সমিতিৰ সভাপতি অনুপম দাস আৰু প্ৰধান সম্পাদক বিষ্ণু ৰাম দাসৰ হাতত পুৰণি সমিতিয়ে নথি-পত্ৰসহ দায়িত্বভাৰ অৰ্পণ কৰে। উল্লেখ্য যে পুৰণি সমিতিৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰি পৰৱৰ্তী সভাখন সঞ্চালনা কৰে অনুপম দাসে। সভাত পুথিভঁৰাল সন্থা আৰু কিতাপ পঢ়া অথবা বৌদ্ধিক সমাজ গঠনত ইয়াৰ উপকাৰিতাৰ ওপৰত বক্তব্য আগবঢ়ায় সাংবাদিক প্ৰকাশ ডেকাই। সভাত জিলা পুথিভঁৰাল সন্থাৰ আগন্তুক দিনৰ পৰিকল্পনা আৰু কাৰ্য্যসুচীৰ প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ বাৰ্ষিক কাৰ্য্যসূচী তথা পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্মদিনৰ স্মৃতিত পঢ়ুৱৈ দিৱস হিচাপে পালন কৰে। এইবেলি কামৰূপ আৰু গোৱালপাৰা জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ যৌথ উদ্যোগত গোৱালপাৰা জিলাৰ কোঠাকোঠিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like