নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অসম অলিম্পিক সন্থাৰ নৱনির্বাচিত কমিটীৰ প্রথম কার্যনির্বাহক

📌 পীয়ূষ হাজৰিকা–জয়ন্ত মল্ল বৰুৱাক জ্যেষ্ঠ উপ-সভাপতিৰ দায়িত্ব

📌 লাভলীনা বৰগোহাঁইৰ নামত ৰাষ্ট্রীয় পর্যায়ৰ বঁটা প্রদান অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ অক্টোবৰঃ অসম অলিম্পিক সন্থাৰ নৱনির্বাচিত কমিটীখনৰ প্রথমখন কার্যনির্বাহক সভা সন্থাৰ সভাপতি তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সভাপতিত্বত আজি গুৱাহাটীৰ প্রশাসনিক মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত হয়৷ সভাৰ আৰম্ভণিতে সোণোৱালে নৱনির্বাচিত সদস্যসকলক আগন্তুক দিনত অধিক দায়িত্বশীল হৈ কাম কৰি যাবলৈ আহ্বান জনায়৷ অসমৰ প্রতিখন ঘৰত অসম অলিম্পিক সন্থাৰ বিষয়ে ইতিবাচক আলোচনা নকৰা পর্যন্ত সন্থাটো সফল নহয় বুলি তেওঁ লগতে কয়৷ ইফালে, যোৱা ২২ ছেপ্টেম্বৰত ডিব্রুগড়ত অনুষ্ঠিত সন্থাৰ সাধাৰণ নির্বাচনৰ প্রতিবেদন ৰিটার্নিং বিষয়া ইন্দ্রনীল গগৈয়ে আজিৰ সভাত দাখিল কৰে৷ আজিৰ সভাতে খালী হৈ থকা দুটাকৈ জ্যেষ্ঠ উপ-সভাপতি পদত অসম চৰকাৰৰ মন্ত্রী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাক নিয়োগ কৰা হয়৷ তদুপৰি বিধায়ক বলীন চেতিয়াক ছিনিয়ৰ এছ’চিয়েট উপ-সভাপতি পদৰ দায়িত্ব দিয়াৰ লগতে আন ৩১জনক এছ’চিয়েট উপ–সভাপতি, এছ’চিয়েট যুটীয়া সম্পাদক আৰু এছ’চিয়েট সহকাৰী সম্পাদকৰ দায়িত্ব দিয়া হয়৷ আনহাতে, ডিব্রুগড়ত অনুষ্ঠিত নির্বাচনত কার্যনির্বাহক সদস্যৰ এটা পদ তিনিজনৰ মাজত টাই হোৱাৰ পাছত আজি সভাপতি সোণোৱালে তাৰ মাজৰ পৰা শান্তনু ৰঞ্জন শইকীয়াক এই পদৰ বাবে নির্বাচিত কৰে৷ ইফালে, এথলীট কমিছনৰ প্রতিনিধি হিচাপে আর্চাৰ জয়ন্ত তালুকদাৰ আৰু বক্সাৰ লাভলীনা বৰগোহাঁইক বাছনি কৰাৰ বাবে আজিৰ সভাই প্রস্তাৱ গ্রহণ কৰে৷ আজিৰ কার্যনির্বাহক সভাতেই অসম অলিম্পিক সন্থাৰ বার্ষিক কাম–কাজৰ ওপৰত আলোচনা কৰা হয়৷ সেই অনুসৰি ৰাজ্যৰ চুকে–কোণে থকা প্রতিভা বিচাৰি অনাৰ বাবে এটা টেলেণ্ট হাণ্ট ৱর্কিং গ্রুপ গঠন কৰা হয়৷ ইয়াৰ বাবে সুবোধ মল্ল বৰুৱাক সমন্বয়কৰ দায়িত্ব দিয়া হয়৷ ইফালে, আজিৰ কার্যনির্বাহক সভাই লাভলীনা বৰগোহাঁইৰ নামত এটা ৰাষ্ট্রীয় পর্যায়ৰ বঁটা প্রদান অনুষ্ঠান আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ তদুপৰি দিনজোৰা কার্যসূচীৰে এক ক্রীড়া অভিৱর্তন আয়োজন কৰাৰ বাবেও সভাই সিদ্ধান্ত গ্রহণ কৰে৷ একেদৰে ২৩ জুনত ডিফুত অসম অলিম্পিক দিৱস আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ আনহাতে, ডিব্রুগড়ত অসম যুৱ অলিম্পিকৰ দ্বিতীয় সংস্কৰণ আৰু যোৰহাটত ৰাজ্যিক ক্রীড়া আয়োজনৰ বাবে আজিৰ সভাই প্রস্তাৱ গ্রহণ কৰে৷ উত্তৰাখণ্ডত ২০২৫ৰ ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্রুৱাৰীলৈ হ’বলগীয়া ৰাষ্ট্রীয় ক্রীড়াৰ বাবে অসম দলৰ প্রস্তুতিৰ সন্দর্ভতো আজিৰ সভাত আলোচনা কৰা হয়৷ সেই অনুসৰি ১৫ নৱেম্বৰৰ ভিতৰত অসম দলে কেনেদৰে প্রস্তুতি কৰিব, তাৰ খতিয়ান তৈয়াৰ কৰাৰ বাবে আজিৰ সভাত সিদ্ধান্ত গ্রহণ কৰা হয়৷ বিগত দুটাকৈ ৰাষ্ট্রীয় ক্রীড়াত অসম দলক বিমানেৰে যাতায়াত কৰোৱাকে ধৰি সকলোধৰণৰ সহায় কৰাৰ বাবে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে কৃতজ্ঞতা জনায়৷

You might also like