অংকীয়া ভাওনাৰ প্ৰথম মহিলা পৰিচালক দুলীয়াজানৰ অনিতা তামুলী
কৃষ্ণা গগৈৰ প্ৰতিবেদনঃ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি সত্ৰীয়া সংস্কৃতিৰ নিৰন্তৰ চৰ্চাই উদ্যোগ নগৰী দুলীয়াজানৰ সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি ৰাখিবলৈ সক্ষম হৈছে সত্ৰীয়া সংস্কৃতিৰ সাধক অনিতা তামুলীয়ে। মহাপুৰুষীয়া সত্ৰীয়া সংস্কৃতিক লুইতৰ পাৰৰ পৰা সাত সাগৰ তেৰ নদীৰ সিপাৰেও প্ৰচাৰ-প্ৰসাৰত অন্যতম ভূমিকা লৈছে এইগৰাকী সত্ৰীয়া গুৰুৱে। মাত্ৰ তৃতীয় শ্ৰেণীত অধ্যয়নৰত সময়তে নৃত্যকলাৰ প্ৰতি আকৃষ্ট হৈ ডিব্ৰুগড়ৰ চাউলখোৱা সংগীত মহাবিদ্যালয়ৰ তথা কমলাবাৰী সত্ৰৰ বায়ন গুৰু ক্ষীৰেশ্বৰ হাজৰিকাৰ ওচৰত সত্ৰীয়া নৃত্য শিকি সত্ৰীয়া বিশাৰদ ডিগ্ৰী গ্ৰহণ কৰাৰ সমান্তৰালকৈ খোলবাদনতো একেগৰাকী গুৰুৰ অধীনত বিশাৰদ ডিগ্ৰী লয় সত্ৰীয়া শিল্পী গৰাকীয়ে। ইয়াৰ পৰৱৰ্তী সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডঃ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ পৰা সত্ৰীয়া নৃত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে গুৰু অৰুণ হাজৰিকাৰ ওচৰত বৰগীতৰ প্ৰশিক্ষণ লৈ বিশাৰদ ডিগ্ৰীৰে সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত সৱল খোজ আগবঢ়াই নৃত্যশিল্পী অনিতা তামুলীয়ে। তেওঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ স্বীকৃত “বি-গ্ৰেড” নৃত্য শিল্পীও । অনিতা তামুলীয়ে ২০০৫ চনত দুলীয়াজান ক্লাবৰ মিউজিক একাডেমীৰ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক হিচাপে নিযুক্ত হয়। বৰ্তমান দুলীয়াজান আৰু ইয়াৰ পাশ্বৱৰ্ত্তী অঞ্চলৰ টেঙাখাট, ভাদৈ পাঁচআলি, বকুলনী চাৰিআলি আদি অঞ্চলসমূহৰ পৰা আঢ়ৈশৰো অধিক প্ৰশিক্ষাৰ্থীক সত্ৰীয়া আৰু খোলৰ প্ৰশিক্ষণ আগবঢ়াই আহিছে। ইয়াৰোপৰি অনলাইন যোগে আমেৰিকাৰ প্ৰশিক্ষাৰ্থীকো সত্ৰীয়া প্ৰশিক্ষণ প্ৰদান কৰিছে সত্ৰীয়া সাধক অনিতা তামুলীয়ে। এইগৰাকী সত্ৰীয়া গুৰুৰ ওচৰত প্ৰশিক্ষণ লৈ ১৫ গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীয়ে সত্ৰীয়া আৰু খোল বাদনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত জলপানী লাভ কৰিবলৈ সক্ষম হৈছে। অনিতা তামুলীয়ে সংগীত নাটক একাডেমীৰ অধীনত অসমৰ লগতে ৰাজস্থান, আজমীৰ, দিল্লীকে ধৰি ভাৰতৰ বিভিন্ন স্হানত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা লগতে নিজাববীয়াকৈ নৃত্যশিল্পী দল এটা লৈ কলিকতাত সত্ৰীয়া নৃত্যকে ধৰি ভোৰতাল আৰু বিভিন্ন লোকনৃত্য প্ৰদৰ্শন কৰি অসমৰ চহকী সংস্কৃতিক বহিঃৰাজ্যবাসীৰ আগত পৰিচয় কৰাই আহিছে। একেদৰে দুলীয়াজান ক্লাব মিউজিক একাডেমীৰ হৈ বিগত বৰ্ষত কেৰেলাত সত্ৰীয়া নৃত্য পৰিৱেশন কৰিবলৈও আমন্ত্ৰিত হয়। ইয়াৰোপৰি “পথাৰ” সাংস্কৃতিক গোষ্ঠীৰ সৈতে হৰিচৰণ ভূঞা বৰবায়নৰ নেতৃত্বত দিল্লী আৰু বেনাৰসত সত্ৰীয়া শিল্পী দলটোৰ সৈতে খোলবাদন কৰিছে। সেইদৰে সংগীত সত্ৰই গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজন কৰা “সংগীত স্তুতি” শীৰ্ষক এক অনুপম অনুষ্ঠানত শিল্পী গৰাকীয়ে খোলবাদন কৰি উপস্থিত বৰেণ্য ব্যক্তিসকলৰ ভূয়সী প্ৰশংসা লাভ কৰে। আনহাতে গোৱালপাৰাত সংগীত নাটক একাডেমীৰ তত্বাৱধানত অনুষ্ঠিত ভাওনা সমাৰোহত “অৰ্জুন ভঞ্জন” নাট পৰিচালনা আৰু খোলবাদন কৰি অংকীয়া ভাওনাত অসমৰ প্ৰথমগৰাকী মহিলা পৰিচালক ৰূপে খ্যাতি লাভ কৰিবলৈ সক্ষম হয় সত্ৰীয়া সংস্কৃতিৰ সাধক অনিতা তামুলী । ইফালে ২০১৬ চনৰ পৰা নিৰন্তৰভাৱে স্বৰ্ণজয়ন্তী বৰ্ষ গৰকা দুলীয়াজান আঞ্চলিক ৰাস মহোৎসৱৰো নৃত্য পৰিচালনা কৰি আহিছে শিল্পীগৰাকীয়ে। সাংস্কৃতিকভাৱে চহকী দুলীয়াজানৰ কাষৰীয়া ১ নং ম’হমাৰী অঞ্চলৰ অৱসৰপ্ৰাপ্ত অইলৰ কৰ্মচাৰী দ্ৰোণকান্ত তামুলী আৰু প্ৰয়াত পুতলী তামুলীৰ কন্যা তথা অসম আৰক্ষীত কৰ্মৰত দুলু গগৈৰ সহধৰ্মিণী অনিতা তামুলীয়ে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰ্যায়তো শ্ৰেষ্ঠ কন্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। বৰ্তমান তেওঁ দুলীয়াজান ক্লাব মিউজিক একাডেমিত সত্ৰীয়া আৰু খোলবাদনৰ প্ৰশিক্ষণ আগবঢ়াই অহা সমান্তৰালভাৱে বিভিন্ন আগ্ৰহী শিক্ষাৰ্থীক ব্যক্তিগত আৰু অনলাইন যোগেও সত্ৰীয়া নৃত্য শিক্ষা প্ৰদান কৰি আহিছে। দৰিদ্ৰ পৰিয়ালৰ কেইবাগৰাকী আগ্ৰহী শিক্ষাৰ্থীকো তেওঁ বিনামূলীয়াকৈ সত্ৰীয়া আৰু খোলবাদনৰ প্ৰশিক্ষণ দি আহিছে গুৰু অনিতা তামুলীয়ে। দুলীয়াজান সাংস্কৃতিক গোষ্ঠী আৰু দুলীয়াজান সাংস্কৃতিক মহিলা সমাজে এইগৰাকী সত্ৰীয়া গুৰুৰ কৰ্মসংস্কৃতিক স্বীকৃতি আগবঢ়াই “দিহিংপৰীয়া সাংস্কৃতিক বঁটা” আৰু সাংস্কৃতিক মহাসভা, অসমে গুৱাহাটীৰ কলাক্ষেত্ৰত “জীৱন জোৰা সাধনা বঁটা”ৰে সন্মানিত কৰিছে।