🔹 সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ অভিনন্দন
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ডিএমচিএইচ)ৰ নতুন এক মাইলৰ খুঁটা। চিকিৎসা মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে মেৰুদণ্ডৰ প্ৰথমটো অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হয়। ডিএমচিএইচৰ ডীন অংকুমণি শইকীয়াই বিগত ৭ মাৰ্চৰ দিনা মহাবিদ্যালয়খনৰ চিকিৎসা মহাবিদ্যালয় শাখাৰ এটি দলে মেৰুদণ্ডৰ সেই অস্ত্ৰোপচাৰ কৰে বুলি সদৰী কৰিছে। উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ অভিনন্দন জ্ঞাপন কৰাৰ সমান্তৰালকৈ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰাৰ কৃতিত্বৰ আঁৰৰ প্রতিগৰাকীৰ আন্তৰিক শলাগ জনায়। লগতে অসমৰ চৰকাৰী চিকিৎসালয়সমূহ সৰ্বশ্ৰেষ্ঠ সুবিধা আৰু চিকিৎসকেৰে সজ্জিত কৰিবলৈ পণ লোৱা বুলিও সামাজিক মাধ্যমত সদৰী কৰিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। মুখ্যমন্ত্রীগৰাকীয়ে সমাজিক মাধ্যমত আৰু কয়- “আমি সদায় প্রয়াস কৰি আহিছোঁ যাতে আপুনি আপোনাৰ বিশেষ চিকিৎসাৰ বাবে এপইচাও খৰচ নকৰাকৈ কেৱল আপোনাৰ ওচৰৰ চিকিৎসা মহাবিদ্যালয়লৈ গৈয়েই উত্তম চিকিৎসা লাভ কৰিব পাৰে।”