নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৯ মার্চলৈ উচ্চতৰ মাধ্যমিকৰ প্রথম বর্ষৰ পৰীক্ষা বাতিল

🔹 পুনৰ উন্মোচিত এএছএছইবিৰ ব্যর্থতা : অনিশ্চয়তাত হাজাৰ হাজাৰ পৰীক্ষার্থীক 

বিশেষ বাৰ্তা, ২৩ মার্চ : চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে শিক্ষার্থীক গিনিপিগ সজোৱা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (এএছএছইবি) দ্বিতীয় মণ্ডলে অৱশেষত উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ ২৪ মার্চৰ পৰা ২৯ মার্চলৈ অনুষ্ঠিতব্য বিষয়সমূহৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত লৈছে৷ ইটোৰ পিছত সিটো বিষয়ৰ প্রশ্ণকাকত ফাদিল কাণ্ডই সর্বত্র জোকাৰি যোৱাৰ সময়তে এএছএছইবিৰ দ্বিতীয় মণ্ডলৰ ভাৰপ্রাপ্ত পৰীক্ষা নিয়ন্ত্রক ৰঞ্জন কুমাৰ দাসে এই সম্পর্কীয় এক নির্দেশনা জাৰি কৰে৷ প্রশ্ণকাকত ফাদিলৰ ঘটনাই মনোবল ভাঙি পেলোৱাৰ পাছত এইবাৰ পৰীক্ষা বাতিলৰ সিদ্ধান্তই পৰীক্ষার্থীসকলক কার্যতঃ অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে৷ অভিযোগ উঠিছে– এএছএছইবিৰ দ্বিতীয় মণ্ডলৰ একাংশ বিতর্কিত বিষয়াৰ অবিবেচকী কর্মকাণ্ডৰ ফল ভুগিবলগীয়া হৈছে হাজাৰ হাজাৰ পৰীক্ষার্থীয়ে৷ এএছএছইবিৰ দ্বিতীয় মণ্ডলৰ ভাৰপ্রাপ্ত পৰীক্ষা নিয়ন্ত্রক ৰঞ্জন কুমাৰ দাস স্বাক্ষৰিত নির্দেশনাটোত উল্লেখ কৰা মতে, পৰীক্ষা অনুষ্ঠিত হ’বলৈ বাকী থকা বিষয়সমূহৰ প্রশ্ণকাকতো ফাদিল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ যিহেতু এই প্রশ্ণকাকতসমূহ পৰীক্ষা অনুষ্ঠিত হোৱা ৰাজ্যৰ প্রতিখন শিক্ষানুষ্ঠানৰ জিম্মাত আছে৷ এনে প্রেক্ষাপটত পূর্ব নির্ধাৰিত সময়সূচী অনুসৰি ২৪ মার্চৰ পৰা ২৯ মার্চলৈ অনুষ্ঠিত হ’বলগীয়া বাকী বিষয়সমূহৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত লোৱা হৈছে৷ এএছএছইবি–২/এইচএছ ফার্ষ্ট ইয়াৰ/ ইনষ্ট্রাকচনছ/ ২০২৫/১৯ নম্বৰ নির্দেশটোত উল্লেখ কৰা অনুসৰি অহা ২৪ মার্চত অনুষ্ঠিতব্য এএছএছইবিৰ দ্বিতীয় মণ্ডলৰ ‘ব’ৰ্ড মিটিঙ’ত পৰৱর্তী সিদ্ধান্ত গ্রহণ কৰা হ’ব৷

You might also like