নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাছৰ দাম ফিক্সড কৰিলে মীন বিভাগে

🔹 উৰুকা–মাঘ বিহু

🔹 প্রতি জিলাত ডিচিয়ে নির্ধাৰণ কৰিব দাম

বিশেষ বাৰ্তা, ১০ জানুৱাৰী : মাঘ বিহুৰ উৰুকাত মাছৰ উচ্চ হাৰৰ দামে সাধাৰণ গ্রাহকক প্রায়ে বিপাঙত পেলাই আহিছে৷ উৰুকাৰ দিনা নিয়ন্ত্রণহীন হৈ পৰা মাছৰ বজাৰ এইবাৰ নিয়ন্ত্রণ কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে মীন বিভাগে৷ এই লক্ষ্যৰে মাঘ বিহুত মাছৰ দাম ফিক্সড কৰিবলৈ মীন বিভাগৰ সচিবে প্রতিখন জিলাৰ আয়ুক্তলৈ এখন পত্র প্রেৰণ কৰি এইক্ষেত্রত কঠোৰ দৃষ্টি দিবলৈ নির্দেশ দিছে৷ মীন বিভাগৰ সচিব ড০ কাব্যশ্রী মহন্তই জিলা আয়ুক্তলৈ লিখা পত্রত স্পষ্ট কৰিছে যে জিলা আয়ুক্তসকলে নিজ নিজ জিলাত মাছৰ মূল্য নির্ধাৰণৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰক৷ এই সময়ছোৱাত নিৰীক্ষণ দল গঠনৰ জৰিয়তে মাছ বিক্রেতাসকলে অধিক মূল্যত মাছ বিক্রী কৰিছে নেকি, তাৰ ব্যৱস্থা কৰিবলৈও জিলা আয়ুক্তসকলক পত্রযোগে নির্দেশ দিছে৷ মন কৰিবলগীয়া যে উৰুকাৰ দিনা ৰাজ্যৰ প্রতিখন মাছৰ বজাৰত মাছৰ দাম আকাশলংঘী হোৱাই নহয়, একাংশ মাছ বিক্রেতাই নিজৰ ইচ্ছা অনুসৰি মাছৰ দাম নির্ধাৰণ কৰি শ’লঠেকত পেলাই আহিছে সাধাৰণ ক্রেতাক৷ মুখ্যতঃ এই বিষয়টোক লক্ষ্য কৰিয়েই মীন বিভাগে এই নির্দেশ জাৰি কৰে৷

You might also like