নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানপীড়িত এলেকা পৰিদৰ্শন কৰি সমস্যাৰ বুজ ল’লে বিধায়ক নৱ কুমাৰ দলেই

নিয়মীয়া বাৰ্তা,  ৩ জুলাই : ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই বুধবাৰে ঢকুৱাখনা সমষ্টিৰ কেইবাটাও অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া, শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে নদীপৰীয়া ৰাইজৰ সমস্যাৰ বুজ লয়। বিধায়কগৰাকীয়ে আজি পুৱা দহ বজাত প্ৰথমে খেৰকটা পঞ্চায়তত উপস্থিত হৈ চিচি টেকেলিফুটা মথাউৰিৰ তাকাৰচুক, মদাৰগুৰি, আৰকেপ বালি, উজনি মিছিংবালি, মাতমৰা, লুতাচোৰ, বান্দেনা, বৰবিল, তুৰিবাৰী আদি অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জলসম্পদ বিভাগে চলাই থকা খহনীয়া প্ৰতিৰোধৰ কাৰ্যপন্থা সম্পৰ্কে বুজ লয়। কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে ওফন্দি উঠা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত নৈপৰীয়া কেইবাখনো গাঁও ডুব গৈছে । বানপানীৰ ফলত ক্ষতিগ্রস্ত পৰিয়ালৰ কাষত উপস্থিত হৈ ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই পৰিস্থিতিৰ বুজ লৈ বিধায়কগৰাকীয়ে উপযুক্ত পৰিমাণে খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী, ঔষধ আদিকে ধৰি সকলো প্ৰকাৰৰ আৱশ্যকীয় সা-সুবিধা বানপীড়িত ৰাইজক প্ৰদান কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে।বানাক্ৰান্তসকলে চৰকাৰৰ ফালৰ পৰা যি সুবিধা পাব লাগে আৰু যিসকল লোকৰ বাসগৃহৰ লগতে আন আন বস্তুৰ অনিষ্ট হৈছে, তেওঁলোকে অতি সোনকালে চৰকাৰৰ পৰা সুবিধা লাভ কৰিব বুলি কয় বিধায়ক দলেই। ঢকুৱাখনা-মাজুলীৰ সুৰক্ষাস্বৰূপ চিচি-টেকেলিফুটা মথাউৰিৰ সুৰক্ষাৰ বাবেও চৰকাৰে উচিত পদক্ষেপ ল’ব বুলিও মন্তব্য কৰে। পৰিদৰ্শনৰ সময়ত উপস্থিত স্থানীয় সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত বিধায়ক দলেই সম্প্ৰতি চিচি-টেকেলিফুটা মথাউৰি সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে বুলি উল্লেখ কৰি গুৰুত্বপূৰ্ণ মথাউৰিটোক ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াৰ পৰা বচাই ৰাখিবলৈ পৰৱৰ্তী পৰ্যায়ত যিমানখিনি কাম কৰিব লাগে, সকলোখিনি ৰাজ্য চৰকাৰে কৰিব বুলি অৱগত কৰে। বান পৰিস্থিতি পৰ্যবেক্ষণৰ সময়ত বিধায়কগৰাকীৰ সৈতে ঢকুৱাখনা উপ-জিলা আয়ুক্ত কাৰ্তিক কলিতা, ঢকুৱাখনা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো, ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি সুনীল দলে, যুৱ মৰ্চাৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি বৃকোদৰ দাসৰ লগতে অগপ, গণশক্তি আৰু মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলে সহযোগিতা কৰে। ইফালে, বিয়লি বিধায়ক দলেই মৌখোৱা লেচেৰা অঞ্চলত বানপীড়িত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু ঢকুৱাখনা উপ-জিলা প্ৰশাসনৰ উদ্যোগত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, খোৱাপানীৰ ব্যৱস্থাৰ বাবে দমকল, ত্ৰিপাল, পশুখাদ্য আদি বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু, বিজেপি ঢকুৱাখনা জিলা সমিতিৰ সভাপতি প্ৰদীপ চমুৱা, অগপ ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি মহেশ দলে, সন্মিলিত গণশক্তি, অসমৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি নৰনাথ চণ্ডী, মিচিং জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে। উল্লেখ্য যে চৰকাৰী তথ্য মতে ঢকুৱাখনা সমষ্টিৰ দুটা ৰাজহ চক্ৰৰ ৪২খন গাঁও বানৰ কবলত পৰিছে । ইয়াৰে ঢকুৱাখনা ৰাজহ চক্ৰত ১৫খন গাঁও আৰু সোৱণশিৰি ৰাজহ চক্ৰত ২৭খন গাঁও জলমগ্ন হৈছে ৷ মুঠ ১,৮৬৯ গৰাকী লোক বানৰ কবলত পৰিছে। বানপানীৰ কবলত পৰিছে ১.০৫৯ হেক্টৰ কৃষিভূমি।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like